সমষ্টি পুনৰ নিৰ্ধাৰণ: বাদানুবাদৰ আঁৰৰ ৰাজনৈতিক প্ৰসঙ্গ

Constituency Reassignment

এইবাৰ নিশ্চিত হ’ল ৰাজ্যৰ সমষ্টি পুনৰ নিৰ্ধাৰণ। ভাৰতৰ নিৰ্বাচন আয়োগে জাৰী কৰা নিৰ্দেশনাৰ পাছতে এতিয়া বিষয়টোৱে ৰাজ্যৰ ৰাজনীতিত তুমুল চৰ্চা লাভ কৰিছে। কিন্তু এতিয়াও চৰ্চাৰ মাজলৈ অহা নাই কেতবোৰ ৰাজনৈতিক প্ৰসংগ। এই ৰাজনৈতিক প্ৰসংগসমূহ কেনেধৰণৰ!

সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কোনে কোনে লৈছে দুমুখীয়া স্থিতি? কোন কোন সংগঠন আৰু ৰাজনৈতিক দলে পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰোধিতা কৰিছিল? এতিয়া কিয় সমৰ্থন কৰিছে সমষ্টি পুনৰ নিৰ্ধাৰণ? পূৰ্বতে সমষ্টি পুনৰ নিৰ্ধাৰণত ধৰ্মীয় উত্তেজনা আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি দাবী কৰিছিল? সমষ্টি পুনৰ নিৰ্ধাৰণে কাক লাভাম্বিত আৰু কাক ক্ষতি কৰিব পাৰে?

জনগোষ্ঠীসমূহক সমানুপাতিক প্ৰতিনিধিত্ব কি হ’ব? ইয়াৰ দ্বাৰা ছয় জনগোষ্ঠীৰ জনজাতিকৰণ ধোঁৱা চাঙত উঠিল নেকি? ইয়াৰ দ্বাৰা ৰাজ্যৰ জনগোষ্ঠীসমূহক প্ৰৱঞ্চনা কৰা হ’ব! বিজেপিয়ে ৰাজনৈতিক স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ তৎপৰতা দেখুওৱাইছে নেকি? ২০১১ আৰু ২০২১ৰ লোকপিয়লক আওকাণ কৰি ২০০১ৰ পিয়লক ভিত্তি কৰি কিয় কৰা হ’ব সমষ্টি পুনৰ নিৰ্ধাৰণ?

অসমত দীৰ্ঘদিনৰ পৰাই সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টো চৰ্চা লাভ কৰি আহিছে। দেশৰ নিৰ্বাচন আয়োগে ২০০২ চনতে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগ গঠন কৰিছিল। ভাৰতীয় সংবিধানৰ ৮১, ৮২ আৰু ১৭০ অনুচ্ছেদ অনুসৰি সমষ্টি পুনৰ নিৰ্ধাৰণ আইন, ২০০২ (আইন)ৰ অধীনত সীমা নিৰ্ধাৰণ আয়োগ গঠন কৰা হয়। আয়োগক ২০০১ চনৰ লোকপিয়লৰ পৰিসংখ্যাৰ ভিত্তিত ভাৰতৰ সকলো সংসদীয় আৰু বিধানসভা সমষ্টিৰ পুনৰ নিৰ্ধাৰণ অৰ্থাৎ সমষ্টিৰ নতুন সীমা নিৰ্ধাৰণ কৰিবলৈ দিয়া হৈছিল।

ইয়াৰ পাছতে ২০০৮ চনতে দেশৰ প্ৰায়বোৰ ৰাজ্যতে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হয় যদিও অসমসহ উত্তৰ পূৰ্বাঞ্চল ৰাজ্যসমূহ বাদ পৰি ৰয়। আচলতে অসমসহ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ বাদ পৰি যোৱা নাছিল, ইয়াৰ স্থানীয় ৰাজনৈতিক দল আৰু জাতীয় সংগঠনসমূহে সমষ্টি নিৰ্ধাৰণ বিৰোধিতা কৰিছিল। অসমতো প্ৰায়বোৰ ৰাজনৈতিক দল আৰু জাতীয় সংগঠনে ইয়াৰ বিৰোধিতা কৰাৰ বাবে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া বাদ পৰে।

ৰাজ্যৰ আটাইবোৰ ৰাজনৈতিক দল আৰু আছুসহ জাতীয় সংগঠন দাবী কৰিছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণে অসমত আইন শৃংখলতাজনিত পৰিস্থিতিৰ সৃষ্টি কৰিব। আনকি কোৱা হৈছিল যে কেৱল অসমতে নহয় সমগ্ৰ উত্তৰ পুৰ্বাঞ্চলতে শান্তি শৃংখলা বিঘ্নিত হ’ব বুলি কোৱা হৈছিল। আৰু কোৱা হৈছিল যে অসমত নাগৰিকপঞ্জী অৰ্থাৎ NRC উন্নীতকৰণ কৰাৰ পূৰ্বে সমষ্টি নিৰ্ধাৰণ বাতিল কৰিব লাগে। অৰ্থাৎ প্ৰথমে NRC উন্নীতকৰণ কৰা হওক আৰ আৰু তাৰ পাছতহে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব পাৰিব।

সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগে ২০০৭ চনৰ ১৮ জুনত জাৰী কৰা এক জাননী কোৱা হয় যে ২০০৫ চনৰ মে’ৰ পৰা ২০০৭ চনৰ মাৰ্চলৈকে আয়োগে সহযোগী সদস্যসকলৰ সৈতে চৈধ্যখন বৈঠক অনুষ্ঠিত কৰিছিল আৰু তাৰ পিছত অসম লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত খচৰা প্ৰস্তাৱ প্ৰস্তুত কৰা হৈছিল। ইয়াৰ পাছতে ৰাজ্যত ইয়াৰ বিৰুদ্ধে আন্দোলনৰ উকমুকনি হোৱা বুলিও কোৱা হৈছে।

ইফালে এই খচৰা প্ৰস্তাৱসমূহ ২০০৭ চনৰ ২৬ এপ্ৰিলত সহযোগী সদস্যসকললৈ তেওঁলোকৰ বিবেচনাৰ বাবে প্ৰেৰণ কৰা হৈছিল। আয়োগে গুৱাহাটীকে ধৰি যোৰহাটত জনসাধাৰণৰ মতামত গ্ৰহণৰ বাবে ৰাজহুৱা সভাও আয়োজন কৰে। কিন্তু ইয়াৰ বিৰুদ্ধে অসমত আন্দোলন তথা প্ৰতিবাদ আৰম্ভ হয়।

জাননীখনত ইয়াৰ নেতৃত্ব কোনে লৈছিল সেয়া উল্লেখ নাই, যদিও আছুসহ জাতীয় সংগঠনসমূহে ইয়াৰ বিৰোধ কৰিছিল। সিমানেই নহয় অসমৰ প্ৰায়বোৰ ৰাজনৈতিক দল আৰু অসম বিধানসভাইও ইয়াৰ বিৰোধিতা কৰে। অসম বিধানসভাৰ তেতিয়াৰ অধ্যক্ষ টংক বাহাদুৰ ৰায়ে ২০০৭ চনৰ ১৬ মে’ত আয়োগৰ অধ্যক্ষলৈ এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰখনত ২০০৭ চনৰ ১১ মে’ত অনুষ্ঠিত অসম বিধানসভাৰ সৰ্বদলীয় বৈঠকে গ্ৰহণ কৰা তিনিটা প্ৰস্তাৱ সংলগ্ন কৰা হৈছিল।

উক্ত পত্ৰত কোৱা হৈছিল যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰুদ্ধে ৰাজ্যত অন্দোলন, ধৰ্ণা, অসম বন্ধ, পথ বন্ধ, অনশন আদি প্ৰতিবাদী কাৰ্যসূচী ক্ৰমাৎ বৃদ্ধি পাইছে। আৰু ইয়ে ৰাজ্যত আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ কৰিছে।

পত্ৰখনৰ ৩ নং প্ৰস্তাৱত উল্লেখ কৰা হৈছিল যে অসম অনাদি কালৰে পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ বাসস্থান। আৰু বৰ্তমানলৈকে পূৰ্বৰ সংসদীয় আৰু বিধানসভা সমষ্টিক লৈ সকলো জাতি-জনগোষ্ঠী সুখী। অসমসহ উত্তৰ-পূৰ্বাঞ্চল ভৌগোলিকভাৱে স্পৰ্শকাতৰ অঞ্চলত অৱস্থিত। চীন, ভূটান, ম্যানমাৰ আৰু বাংলাদেশ আদি দেশে উত্তৰ পূৰ্বাঞ্চলক আগুৰি আছে। তদুপৰি বিগত তিনিটা দশক ধৰি অসমে বিদ্ৰোহী সমস্যাৰ সন্মুখীন হৈ আহিছে।

এনে অৱস্থাত ৰাজ্যৰ সামাজিক–ৰাজনৈতিক লগতে অৰ্থনৈতিক পৰিস্থিতিত বৈদেশিক প্ৰভাৱ বৃদ্ধি পাব পাৰে। সদৌ অসম ছাত্ৰ সন্থাই ১৯৭৯ চনত বিদেশী বিষয়ক লৈ আন্দোলন আৰম্ভ কৰিছিল আৰু ১৯৮৫ চনত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগে আন্দোলনৰ অন্ত পৰিছিল। অসম চুক্তিৰ ছয় নং দফাত এন আৰ চি উন্নীতকৰণৰ কথা কোৱা হৈছে। ছাত্ৰ সংগঠন আৰু অসম সাহিত্য সভাকে ধৰি বিভিন্ন অৰাজনৈতিক সংগঠনৰ একমত যে প্ৰথমে ৰাজ্যত এন আৰ চি উন্নীতকৰণ হ’ব লাগে, যিটো আমি পূৰ্বে উল্লেখ কৰি আহিছো।

এন আৰ চি উন্নীতকৰণ হোৱাৰ পাছতহে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰিব লাগে। পত্ৰখনৰ চতুৰ্থ প্ৰস্তাৱটোত কোৱা হৈছিল যে সৰ্বদলীয় বৈঠকে এইবোৰ দিশলৈ লক্ষ্য ৰাখি সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ লগতে কেন্দ্ৰীয় চৰকাৰক প্ৰথমে এন আৰ চি উন্নীতকৰণেৰে সকলো শ্ৰেণীৰ লোকৰ ৰাজনৈতিক আকাংক্ষা পূৰণ নকৰাকৈ ৰাজ্যত পুনৰ সমষ্টি নিৰ্ধাৰণ প্ৰক্ৰিয়া বন্ধ ৰাখিব লাগে।

২০০৭ ৰ ১৮ মে’ত আয়োগৰ অধ্যক্ষ মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ এক পত্ৰ প্ৰেৰণ কৰে। ৰাজ্যিক নিৰ্বাচন আয়ুক্তই আয়োগৰ অধ্যক্ষক গুৱাহাটী আৰু যোৰহাটত অনুষ্ঠিত বৈঠকৰ দুয়োদিন আছুৱে অসম বন্ধৰ আহ্বান জনাইছিল বুলি কোৱা হৈছে। এইদৰেই আয়োগে ৰাজ্যৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ শোচনীয় হোৱাত ২০০৮ চনত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ সক্ষম নহ’ল।

আয়োগৰ এই জাননীয়ে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কিয় স্তব্ধ হৈছিল সেয়া স্পষ্টভাৱে উল্লেখ কৰিছে।

নিৰ্বাচন আয়োগে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা নিৰ্দেশ জাৰি কৰাৰ পাছত এই জাননীয়ে ৰাজ্যৰ ৰাজনৈতিক দল আৰু জাতীয় সংগঠনসমূহৰ দ্বৈত চৰিত্ৰক উন্মুক্ত কৰিছে। সকলো ৰাজনৈতিক দল আৰু দল সংগঠনে এন আৰ চি উন্নীতকৰণ নোহোৱাকৈ সমষ্টি পুনৰ নিৰ্ধাৰণ বিৰোধিতা কৰিছিল। তৰুণ গগৈৰ শাসনৰ শেষৰফালে এন আৰ চি উন্নীত কৰিলেও সেই এন আৰ চিক গ্ৰহণ কৰা অসম চৰকাৰে।

আনকি সদৌ অসম ছাত্ৰ সন্থাকে ধৰি অন্যান্য জাতীয় সংগঠনসমূহে এন আৰ চিক লৈ সন্তুষ্ট নহয়। অৰ্থাৎ সংগঠনসমূহেও উন্নীত এন আৰ চিক এতিয়াও গ্ৰহণ কৰা নাই। এতিয়া প্ৰশ্ন হয় এন আৰ চিক গ্ৰহণ নকৰা এই ৰাজনৈতিক দল, সংগঠনসমূহে কিয় এইবাৰ সমষ্টি পুনৰ নিৰ্ধাৰণক স্বাগতম জনাইছে? কাৰণ বিজেপি দলেও ২০০৮ চনত সমষ্টি পুনৰ নিৰ্ধাৰণক বিৰোধ কৰিছিল।

এতিয়া স্বাভাৱিকতে এইসমূহ প্ৰশ্নৰ উত্থাপন কৰাটো উচিত নহ’বনে? ২০০৭ চনৰ পৰিস্থিতিৰ সৈতে এতিয়াৰ ৰাজৈতিক-সমাজিক পৰিস্থিতিৰ কোনো মৌলিক পৰিৱৰ্তন ঘটা নাই। তৰুণ গগৈৰ দিনত NRC উন্নীতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰি সমাপ্ত কৰা হ’লেও চৰকাৰ আৰু অৰাজনৈতিক কোনো জাতীয় সংগঠনে ইয়াক গ্ৰহণ কৰা নাই। বিজেপি চৰকাৰ আৰু আছুসহ অন্যান্য জাতীয় সংগঠনসমূহৰ মতে NRC উন্নীতকৰণ বাদ পৰা নাগৰিকৰ সংখ্যা আৰু অধিক হ’ব লাগে।

আছুৰ মতে ৫০ লাখ অবৈধ নাগৰিকে অসমত বাস কৰে। এই সংখ্যাটো অসমৰ তদান্তীন ৰাজ্যপাল এছ কে সিনহাই কেন্দ্ৰলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰিছিল। সেই আলমতে NRC উন্নীতকৰণক কোনো পক্ষই গ্ৰহণ কৰা নাই। তেনেস্থলত এতিয়া কিয় সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ ৰাজনৈতিক দল আৰু আছুসহ অন্যান্য দল সংগঠনে বিৰোধ কৰা নাই? তেওঁলোকক মেনেজ হ’ল হৈছে নেকি? তেতিয়া আইন শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ কৰিব পৰা সকলো সংগঠন এতিয়া কিয় নিশ্চূপ হৈ আছে?

ইফালে কইনাধাৰাত আছু নেতৃত্বই গোপনে মুখ্যমন্ত্ৰীৰ সৈতে নিশা এক বৈঠকত মিলিত হৈছিল। চৰকাৰ আৰু আছু দুয়োটা পক্ষই সেই বৈঠকৰ আলোচনাৰ বিষয় অদ্যপি ৰাজহুৱা কৰা নাই। সেই বৈঠকৰ বিষয়বস্তু এতিয়াও ৰহস্যাবৃত হৈ আছে। প্ৰশ্ন হয় সেই বৈঠকতে আছুৱে কিছুমান স্পৰ্শকাতৰ ৰাজনৈতিক বিষয়ত মেনেজ হোৱা নাইতো? আমি মেনেজ হৈছে বুলি দাবী কৰা নাই, কেৱল প্ৰশ্নটোহে উত্থাপন কৰিছো। এইদৰে জাতীয় স্বাৰ্থৰ ক্ষেত্ৰত আছুসহ দল সংগঠনসমূহে দুমুখীয়া স্থিতি গ্ৰহণ কৰা নাই নে?

আনহাতে, ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত সমষ্টি পুনৰ নিৰ্ধাৰণ আজিৰ তাৰিখত কিমান যুক্তিসংগত তথা বিজ্ঞানসন্মত? ২০ বছৰৰ পুৰণি লোকপিয়ল তথা তথ্যৰে সমষ্টি নিৰ্ধাৰণেৰে সঠিকভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিব পৰা যাব নে?

ইফালে জনগোষ্ঠীগত প্ৰতিনিধিত্ব বিষয়টোও সমষ্টি পুনৰ নিৰ্ধাৰণ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ। জনগোষ্ঠীসকলক সমানুপাতিকভাৱে কেনেদৰে প্ৰতিনিধিত্বৰ সুযোগ দিয়া হ’ব সেয়াও লোকপিয়লৰ ভিত্তিতে নিশ্চিত কৰিব লাগিব। এই বিষয়টোক চৰকাৰী পক্ষই কেনেদৰে গ্ৰহণ কৰিছে সেই বিষয়ে জনগোষ্ঠীয় সংগঠনসমূহৰ সৈতে আলোচনাত বহিছিল নে? সেই বিষয়েও কোনো কথাই চৰকাৰ অথবা জনগোষ্ঠীয় সংগঠনসমূহে প্ৰকাশ কৰা নাই।

বৰং একেটা নিশাৰ ভিতৰতে চৰকাৰে সমষ্টি পুনৰ নিৰ্ধাৰণত দলীয় ৰাজনৈতিক সমীকৰণ মিলাবলৈ চাৰিখনকৈ জিলা সাময়িকভাৱে বিলোপন আৰু ১০০ তকৈ অধিক গাঁও কৰ্তন কৰি অন্য জিলাৰ সৈতে সংযোগহে কৰিলে। এই বিষয়েও ভুক্তভোগী গাঁওবাসী আৰু সংশ্লিষ্ট জিলাৰ একাংশ লোকে বিৰোধ প্ৰতিবাদ কৰিলেও কোনো দল সংগঠনে মাত মতাটো বাদেই প্ৰতিক্ৰিয়াও প্ৰকাশ কৰা নাই।

আনহাতে, ছয় জনগোষ্ঠীক জনজাতিকৰণ বিষয়টোও ইয়াত সন্নিৱিষ্ট হৈ আছে যদিও সংশ্লিষ্ট জনগোষ্ঠীকেইটাৰ সংগঠনসমূহে কোনো মাত মতা নাই। উল্লেখ্য যে বিজেপি দলে প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকৰ চৰকাৰে অসমৰ ছয়জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব। কিন্তু অদ্যপি চৰকাৰে জনগোষ্ঠীকেইটাৰ জনজাতিকৰণ কৰা নাই।

সমষ্টি পুনৰ নিৰ্ধাৰণ পিছত জনজাতিকৰণ ক্ষেত্ৰতো জটিলতাৰ সৃষ্টি নহ’ব নে? সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ গৈ এই জনগোষ্ঠীসমূহক প্ৰতাৰণা কৰা হোৱা নাই নে? সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পাছত তেওঁলোকক জনজাতিৰ মৰ্যাদা দিলে জনজাতিৰ বাবে সংৰক্ষিত সমষ্টি সংখ্যা বৃদ্ধি কৰিব নালাগিব নে? সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ইয়ে এক ৰাজনৈতিক আৰু প্ৰশাসনীয় সমস্যাৰ সৃষ্টি নকৰিব নে? নে সমষ্টি পুনৰ নিৰ্ধাৰণৰ দ্বাৰা ছয় জনগোষ্ঠীৰ জনজাতিকৰণক কৌশলগতভাৱে নস্যাৎ কৰাহে হ’ল? এই প্ৰশ্নবোৰ আজিৰ তাৰিখত উত্থাপন কিয় হোৱা নাই?

মুঠতে কেন্দ্ৰীয় আইন মন্ত্ৰণালয়ে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ প্ৰস্তাৱ দিয়া, সেই প্ৰস্তাৱ মৰ্মে নিৰ্বাচন আয়োগে নিৰ্দেশনা জাৰি কৰা, একেনিশাই চাৰি জিলা সাময়িকভাৱে বিলুপ্তি কৰা আৰু ১০০ খনকৈ গাঁও কৰ্তন কৰি অন্য জিলাৰে সংযোগ কৰা এই সকলোবোৰ কথাই বিজেপিৰ ৰাজনৈতিক স্বাৰ্থকে প্ৰতিফলিত কৰিছে।