২০২২ চনৰ মে’ৰ পৰা পাণ্ডুত আৰম্ভ হ’ব জাহাজ মেৰামতি কেন্দ্ৰৰ নিৰ্মাণৰ কাম: সৰ্বানন্দ সোণোৱাল

Sarbananda Sonowal

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা কেন্দ্ৰীয় আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পাণ্ডু বন্দৰত উপস্থিত হৈ ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

প্ৰাধিকৰণৰ অধীনত অসম তথা উত্তৰ-পূবত ৰূপায়ণ হ’বলগীয়া আৰু ৰূপায়ণ হৈ থকা বিভিন্ন প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতি গতিশীল কৰাৰ ক্ষেত্ৰত জলপথৰ শক্তি-সম্ভাৱনাক অনুধাৱন কৰি ইয়াৰ উপযুক্ত অন্বেষণৰ ওপৰত তেখেতে গুৰুত্ব আৰোপ কৰে।

পাণ্ডু বন্দৰত নিৰ্মাণ হ’বলগীয়া জাহাজ নিৰ্মাণ কেন্দ্ৰৰ কাৰিকৰী আৰু অন্যান্য বিভিন্ন দিশৰো তেখেতে বুজ লয়।

২০২২ চনৰ মে’ মাহৰপৰা ইয়াৰ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব আৰু ইয়াৰ নিৰ্মাণৰ দুবছৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব। এই কেন্দ্ৰটোৰ কাম সম্পূৰ্ণ হ’লে অসমতে জাহাজ মেৰামতিৰ কাম অতি কম সময়ত আৰু কম খৰচতে সম্পন্ন কৰিব পৰা যাব।

আইআইটি মাদ্ৰাছে এই কেন্দ্ৰ নিৰ্মাণৰ সৈতে জড়িত কাৰিকৰী দিশসমূহৰ তদাৰক কৰি আছে। ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ আৰু কোচিন শ্বিপয়াৰ্ড লিমিটেডৰ যৌথ প্ৰচেষ্টাত এই কেন্দ্ৰটোৰ নিৰ্মাণ আৰম্ভ হ’ব।

সোণোৱালে কয় যে, “ইংৰাজ শাসনকালত বৰ্তমানৰ ভাৰত-বাংলাদেশ প্ৰ’ট’কল ৰুট হিচাপে পৰিগণিত হোৱা জলপথছোৱাৰ যথেষ্ট গুৰুত্ব আছিল।কিন্তু পৰৱৰ্তীকালত সেই গুৰুত্ব ভালেখিনি লাঘৱ হৈছিল, যাৰ পৰিপ্ৰেক্ষিতত থলুৱা কৃষকৰদ্বাৰা উৎপাদিত কৃষি সামগ্ৰীৰ উপযুক্ত বজাৰকৰণ, আমদানি-ৰপ্তানি আদি প্ৰক্ৰিয়া লেহেমীয়া হৈ পৰিছিল।”

“কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আৰু “এক ইষ্ট প’লিচী”ৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰত-বাংলাদেশ প্ৰ’ট’ক’ল জলপথে পুনৰ প্ৰাণ পাই উঠিছে।এই জলপথক উন্নীত কৰি বেপাৰ-বাণিজ্য, আমদানি-ৰপ্তানি তৰান্বিত কৰাত আমি গুৰুত্ব আৰোপ কৰিছোঁ। ইয়াৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক ৰাইজ আৰু থলুৱা উদ্যমীসকল যথেষ্ট উপকৃত হ’বলৈ ধৰিছে।”- সোণোৱালে লগতে কয়।

অসমৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় জলপথসমূহ যেনে- ব্ৰহ্মপুত্ৰ, বৰাক, ধনশিৰি আদি সম্পৰ্কীয় নদী আন্তঃগাঁথনি উন্নত কৰাত বিশেষ অগ্ৰাধিকাৰ দিবলৈ বিষয়ববীয়াসকলক কেন্দ্ৰীয় মন্ত্ৰীজনে আজি নিৰ্দেশ দিয়ে।

তদুপৰি, উত্তৰ-পূবৰ বিভিন্ন স্থানত কাৰ্গ, তথা টুৰিষ্ট জেট্টা আৰু টাৰ্মিনেলৰ উন্নীতকৰণ, জলপথৰ খনন আদি কামবোৰ খৰতকীয়া কৰিবলৈও বিষয়ববীয়াক তেখেতে নিৰ্দেশ দিয়ে।