বিশেষ শিতান: দিহা-ভৰসা

Experts advice

প্ৰশ্ন: কাৰোবাৰ লগত বিচ্ছেদ হোৱাৰ পিছত কেনেকৈ কামত মনোযোগ বহাব পাৰি?
(প্ৰশ্নকৰ্তা: নিলয় শইকীয়া, বয়স-২৮ বছৰ, নগাঁও)

উত্তৰঃ ভালপোৱাৰ বিভিন্ন তৰপ থাকে। ছোৱালী এজনীয়ে ল’ৰা এজনক বা ল’ৰা এজনে ছোৱালী এজনীক এদিনতে ভালপাব নোৱাৰে, যদিও প্ৰথম দৃষ্টিৰ প্ৰেম বোলা কথা এটা আছে। আচলতে প্ৰথম দৃষ্টিৰ প্ৰেম সম্পৰ্কৰ আৰম্ভণিহে। লাহে লাহে বিভিন্ন প্ৰক্ৰিয়াৰ যোগেদি প্ৰেম সুদৃঢ় হয়। এই প্ৰক্ৰিয়া আমৃত্যু চলি থাকিব পাৰে। মাজে মাজে তাৰ মেৰামতিৰো প্ৰয়োজন হয়। প্ৰেম সুদৃঢ় হোৱাৰ প্ৰক্ৰিয়া এটা যেনেকৈ থাকে, তেনেদৰে অনাদৰ, অৱহেলাৰ বাবে ক্ৰমে প্ৰেমৰ বান্ধোন শিথিল হৈও পৰিব পাৰে। প্ৰেম এদিনতে সুদৃঢ়ও নহয়, এদিনতে সুলকিও নপৰে। কিন্তু সুদৃঢ় হোৱাৰ যেনেকৈ সময় এটা থাকে তেনেকৈ সুলকি পৰাৰৰো সময় এটা নিশ্চয় থাকে। সম্পৰ্ক এটা যে মিলনৰ ফালে গৈ থকা নাই, তাৰ আগজাননী তুমি জানো আগতে নোপোৱা? সম্পৰ্ক এটা শেষ হোৱাৰ পিছিত নিজকে সুস্থিৰ কৰি ৰখাৰ একমাত্ৰ উপায় হৈছে জীৱনৰ প্ৰতি এটা ইতিবাচক দৃষ্টিভংগীলৈ নিজকে নিজৰ পেছাত গভীৰভাবে নিয়োজিত কৰা।

প্ৰশ্ন: মোতকৈ দুবছৰ সৰু মোৰ সম্পৰ্কীয় ভাইটী এটা মোৰ বৰ ভাল বন্ধু। তাৰ ঘৰ মৰাণত। সি কেতিয়াবা আমাৰ ঘৰলৈ আহে, ময়ো কেতিয়াবা সিহঁতৰ ঘৰলৈ যাওঁ। তাৰ লগত কথা পাতি মোৰ ভাল লাগে। সিও বিভিন্ন বিষয়ে মোৰ লগত কথা পাতে। কি কি বিষয়ে যে আমি কথা নাপাতো? দিনটোত কিমানবাৰ যে আমি ইজনে সিজনৰ লগত ফোনত কথা পাতোঁ! কিন্তু আজি কিছুদিনৰ পৰা সি আগৰ দৰে মোৰ লগত কথা নপতা হৈছে। তাৰ এই ব্যৱহাৰে মোক বৰ অশান্তি দিছে। তাৰ কি হৈছে? মই কি কৰোঁ?
(প্ৰশ্নকৰ্তা: হৰিপ্ৰিয়া দাস, বয়স-২২ বছৰ, ডিব্ৰুগড়)

উত্তৰঃ তাক তুমি ভালপোৱা নেকি? যদি ভালপোৱা কথাটো বেলেগ। যদি সি তোমাৰ অন্তৰংগ বন্ধু, তুমি এদিন তাৰ ঘৰলৈ যোৱা আৰু হঠাৎ তাৰ ব্যৱহাৰত দেখা দিয়া এই পৰিবৰ্তনৰ বিষয়ে তাৰ লগত ভালদৰে কথা পাতা। কথাটো এনেকুৱাও হ’ব পাৰে যে সাময়িকভাবে কিবা কামত সি বৰ ব্যস্তহৈ পৰিছে। সেই কাৰণে আগৰ দৰে তোমাৰ লগত কথা পাতিব পৰা নাই। মুঠৰ ওপৰত তাৰ লগত ভালকৈ কথা পাতি লোৱা। তেতিয়া তুমি নিজেই গম পাবা। সিনো কি কয় তুমি মোক জনাবাচোন।

প্ৰশ্ন: মোৰ ক্লাচত মোৰ এজন বৰ ভাল বন্ধু আছে। তাৰ নামটো প্ৰকাশ নকৰোঁ। সি পঢ়াত বৰ ভাল। এনেয়েও সি সকলো ফালৰ পৰাই বৰ ভাল। আমি দুয়ো সদায় একেলগে কলেজলৈ যাওঁ আৰু একেলগে কলেজৰ পৰা ওভতি আহোঁ। কিন্তু, শেহতীয়াভাবে মই এটা কথা লক্ষ্য কৰিছোঁ। মই যদি তাৰ দৰে অইন এজনৰ লগত আন্তৰিক সম্পৰ্ক স্থাপন কৰিব বিচাৰোঁ সি যেন বৰ কষ্ট পায়। সি মোক একো নকয়। কিন্তু কথাটো মই গম পাওঁ।
(প্ৰশ্নকৰ্তা: অলংকাৰ চুতীয়া, বয়স-১৮ বছৰ, তেজপুৰ)

উত্তৰঃ কথাটো গম্ভীৰ। তোমাৰ লগত কাৰোবাৰ বন্ধুত্ব বাঢ়িলে তোমাৰ বন্ধুৱে ভালহে পাব লাগিছিল। তাৰমানে তেওঁ তোমাৰ লগত তেওঁৰ বন্ধুত্ব একচেতীয়াকৈ কৰিব বিচাৰেনেকি? তাৰ অৰ্থ-তোমাৰ বন্ধুৱে তোমাক ভালপায়। তোমাৰ বন্ধু সমকামীনেকি? যদি তোমাৰো তেওঁৰ প্ৰতি একেই আতৰ্ষণ, তাত আমাৰ একো ক’বলগীয়া নাই। কথাটো একপক্ষীয় হ’লেহে সমস্যা হ’ব।

(উত্তৰদাতা: অৰিন্দম বৰুৱা)