ৰাজহুৱা সকাম পাতি কভিডক নিমন্ত্ৰণ! টীয়কত ইখনৰ পাছত সিখন গাঁও কন্টেইমেন্ট জ’ন ঘোষণা

dog

ক’ভিড ৰুধিবলৈ চৰকাৰে নিতৌ ন ন SOP জাৰি কৰিছে যদিও চৰকাৰী নীতি নিৰ্দেশনালৈ যেন কেৰেপেই কৰা নাই একাংশ লোকে।

বিশেষকৈ বহু গ্ৰাম্যাঞ্চলত এই আংশিক লক ডাউনে এক উৎসৱমুখৰ পৰিবেশৰহে সূচনা কৰিছে।
নিতৌ ন ন অঞ্চল কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিবলগীয়া হৈছে যদিও চেতনা অহা নাই এইসকল লোকৰ।

অৱশেষত টীয়কৰ বনাই ৰবি গাঁৱৰ মূল পথতে প্ৰশাসনে বাঁহ বান্ধি উক্ত অঞ্চলটোত যাতায়াত বন্ধ কৰিছে।

কিয়নো গাঁৱখনত আজি কিছু দিনৰ আগত মাংগলিক কাম কাজ সম্পন্ন কৰাৰ অৰ্থে একাধিক গাঁৱবাসীৰ ঘৰত ৰাজহুৱা সকাম ভোজৰ আয়োজন কৰা হৈছিল।

যাৰ পৰিণতিত এতিয়া ৩১জনৰ দেহত ধৰা পৰিছে কভিডৰ উপস্থিতি।

তাৰে মাজত এগৰাকী প্ৰসূতিও আছে।তথ্য মতে গাঁৱখনৰ মুঠ ১৩৯ গৰাকী ব্যক্তিক কভিড পৰীক্ষা কৰা হৈছিল আৰু তাৰে ৩১জনৰ দেহত ভাইৰাছৰ উপস্থিতি দেখা দিয়াত তাৰে ৪ জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰি বাকীসকলক হোম আইচ’লেচনত ৰখা হৈছে, যাক লৈ এতিয়া শংকিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী।

যি সময়ত ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰে বাধা আৰোপ কৰিছিল তেনে সময়তে এচাম লোকৰ এনে অসচেতনতাৰ বাবেই অনাগত দিনত যে অসমত ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিব সেয়া নিশ্চিত হৈ পৰিছে।