প্ৰসঙ্গঃ খালিস্তান – দিল্লীয়ে মানসিকতাৰ পৰিৱৰ্তন কৰিব পাৰিব লাগিব

শিখসকলৰ দশমজন গুৰু গোবিন্দ সিঙে তেওঁলোকৰ অনুগামীসকলক বিশুদ্ধ ৰূপত শিখ ধৰ্ম পালন কৰিবৰ বাবে ১৬৯৯ চনত এক নিৰ্দেশ জাৰি কৰিছিল যে গুৰুক মানিব লাগিব। কিন্তু দশমজনা গুৰুৰ পাছত কোনো ব্যক্তি গুৰু ৰূপে নাথাকিব আৰু পৱিত্ৰ ধৰ্মগ্ৰন্থকে গুৰু ৰূপে মান্যতা প্ৰদান কৰিব। কিন্তু এই ক্ষেত্ৰত নিৰংকাৰি শিখসকলৰ পাৰ্থক্য আছে। দশমজনা গুৰুৰ পাছতো বহুকেইজনক নিৰংকাৰিসকলে গুৰু ৰূপে মান্যতা প্ৰদান কৰি আহিছে। অতি স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত দুই পক্ষৰ মাজত বহুসময়ত সংঘাতো হৈছে।

গুৰু টেগ বাহাদুৰক মোগল সম্ৰাট ঔৰংগজেৱে হত্যা কৰাৰ পাছত ধৰ্ম ৰক্ষাৰ বাবে শিখসকল সশস্ত্ৰভাৱে একত্ৰিত হৈছিল। পদ্ধতিগত ভাৱে ধৰ্ম-শিক্ষা গ্ৰহণ কৰা খালচাসকলৰ ধৰ্মৰক্ষা আৰু নিয়ন্ত্ৰণত মুখ্য ভূমিকা আছে। ঔৰংগজেৱৰ মৃত্যুৰ পাছত মোগল সাম্ৰাজ্য দুৰ্বল হৈ পৰে। সমান্তৰালকৈ এফালে শক্তিশালী হৈ উঠে শিখসকল আৰু আনফালে মাৰাঠা শক্তিয়েও মোগলক প্ৰৱল প্ৰত্যাহ্বান জনাবলৈ আৰম্ভ কৰে। সেই সময়তে শিখবীৰ বান্দা সিং বাহাদুৰে দিল্লীলাহোৰৰ মাজত এখন শক্তিশালী শিখৰাজ্য গঠন কৰাত সফল হয়। তেতিয়াই “ৰাজ কৰেগা খালচা” অৰ্থাৎ খালচাই ৰাজত্ব কৰিব ধ্বনিটো উচ্চাৰিত হৈছিল। কিন্তু এফালে মুছলমান মোগল, ৰাজপুত হিন্দু ৰজাৰ ৰাজত্বসমূহৰ মাজত এই শিখ ৰাজ্যখনৰ মাত্ৰ ৬টা বছৰৰ ভিতৰতে মোগলৰ হাতত পতন ঘটে।

১৭শ শতিকাৰ শেষৰফালে মহাৰাজ ৰণজি়ৎ সিঙৰ সময়ত শিখৰাজ্য পুনৰ শক্তিশালী হৈ উঠে। বৰ্তমানৰ পঞ্জাৱৰ উপৰি হাৰিয়ানা, উত্তৰাঞ্চল আৰু উত্তৰ প্ৰদেশ, হিমাচলৰ একাংশ, বৰ্তমানৰ পাকিস্তানৰ পঞ্জাৱ প্ৰদেশ হৈ আফগানিস্তান সীমান্তৰ খাইবাৰ গিৰিপথ আৰু চীনৰ কাষৰ জিনজিয়াং প্ৰভিঞ্চ পৰ্যন্ত এই ৰাজ্যখন বিস্তৃত হৈ আছিল। ৰাজনীতিত দক্ষ ৰণজিৎ সিঙে নিজ ৰাজ্য কিন্তু ধৰ্মীয় প্ৰথাৰে পৰিচালনা কৰা নাছিল। মহাৰজা ৰণজিৎ সিঙৰ দৰবাৰত মহকুম চান্দৰ দৰে হিন্দু আৰু সেনাবাহিনীত ৱাকফ খানৰ দৰে মুছলমান ধৰ্মাৱলম্বীৰ লোকে গুৰুত্বপূৰ্ণ পদবী লাভ কৰিছিল। ১৮৪৯ চনত ৰণজিৎ সিঙৰ মৃত্যুৰ পাছত এই ৰাজ্যখন ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অধিকাৰ কৰি লয়। ইয়াৰ লগে লগে এখন স্বাধীন বৃহত্তৰ শিখ সাম্ৰাজ্যৰ বেলি মাৰ যায়। কিন্তু ভৱিষ্যতৰ বুকুত পুনৰ এখন স্বাধীন শিখ ৰাজ্যৰ সপোন একাংশ শিখৰ ভিতৰত জীৱিত হৈ ৰয় প্ৰজন্ম পাছত প্ৰজন্মলৈ।

সময়ৰ বুকুত পুনৰ উত্থাপিত হয় এই দাবী। এয়া আছিল ১৯২৯ চনৰ কংগ্ৰেছ দলৰ লাহোৰ অধিবেশন। সেই অধিবেশনতে শিৰোমণি আকালি দলৰ নেতা মাষ্টাৰ তাৰা সিঙে এখন স্বাধীন শিখ ৰাষ্ট্ৰৰ দাবী উত্থাপন কৰিছিল। কিন্তু এই দাবীয়ে বিশেষ গতি লাভ নকৰিলে।

১৯৪০ চনত লাহোৰতে মুছলিম লীগে মুছলমানসকলৰ বাবে এখন পৃথক ৰাষ্ট্ৰৰ দাবী তোলাৰ সমান্তৰালকৈ ড০ বীৰ সিং ভাট্টিয়ে খালচা নীতিৰ আধাৰত এখন স্বাধীন শিখ ৰাষ্ট্ৰৰ পুনৰ দাবী উত্থাপন কৰে। এই প্ৰস্তাৱতে প্ৰথমবাৰলৈ “খালিস্তান” নামটোৰ ব্যৱহাৰ কৰা হৈছিল।

১৯৪৬ চনত পুনৰ এখন “শিখস্তান”ৰ দাবী উঠে যদিও কিন্তু সেই সময়ত লৰ্ড মাউণ্ট ৱেটেনে তেওঁলোকক ভাৰত অথবা পাকিস্তানত যোগদান কৰিবলৈহে পৰামৰ্শ আগবঢ়াই। মুছলীম লীগৰ আগষ্ট ১৯৪৬ চনত “ডাইৰেক্ট একচন ডে”ৰ আধাৰত “লড় কে লেংগে পাকিস্তান” ধ্বনিয়ে সমগ্ৰ সেই সময়ৰ বৃটিছ ইণ্ডিয়াত সাম্প্ৰদায়িক সংঘৰ্ষ বিয়পাই দিয়ে। “খালিস্তান”ৰ দাবী তল পৰিল আৰু পঞ্জাৱ বিভাজিত হ’ল। পাকিস্তানৰ অংশৰ পঞ্জাৱৰ পৰা হিন্দু আৰু শিখসকল ভাৰতৰ অংশলৈ পলাবলৈ বাধ্য হৈ পৰে। স্বাধীনতা প্ৰাপ্তিৰ পাছত বিগত শতিকাৰ ৫০’ৰ দশকত শিখসকলৰ বাবে এখন পৃথক ৰাষ্ট্ৰ নহয়, এখন ৰাজ্যৰ বাবে আন্দোলন আৰম্ভ হয়। এয়া “পঞ্জাৱ চুৱা” আন্দোলন নামে বিখ্যাত আছিল। যিহেতু ভাৰতৰ সংবিধানত ধৰ্মৰ ভিত্তিত ৰাজ্য গঠনৰ বিধান নাই, সেই গতিকে হিন্দু অধ্যুষিত হাৰিয়ানাক পৃথক কৰি দিয়া হয়। কিছু অংশ হিমাচলত অন্তৰ্ভূক্ত কৰা হয় আৰু ১৯৬৬ চনত পাঞ্জাৱী ভাষাৰ ভিত্তিত বৰ্তমানৰ পঞ্জাৱ গঠন কৰা হয়। ১৯৬৯ চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি এজন প্ৰাৰ্থী পৰাজিত হৈছিল। তেওঁ আছিল ড০ জগজিত সিং চৌহান। ১৯৭১ চনত তেওঁ ইংলেণ্ডলৈ যায়। সেই চনত তেওঁ এখন স্বাধীন ৰাষ্ট্ৰ “খালিস্তান” গঠনৰ বাবে “দানিউয়ৰ্ক টাইমচ্”ত বিজ্ঞাপন প্ৰকাশ কৰি পুঁজি গঠন, জনমত গঠনৰ বাবে সকলো শিখকে আহ্বান জনায়।  এনেদৰে তেতিয়ালৈ প্ৰায় তিনি দশকৰ পুৰণি বিষয় এটা পুনৰ জীৱন্ত কৰি তোলে। তেওঁ খালিস্তানৰ পতাকা, মুদ্ৰা, পাছপৰ্ট ইত্যাদিও তৈয়াৰ কৰিছিল। কিন্তু সাধাৰণ শিখ জনতাক বিষয়টোৱে সিমান এটা স্পৰ্শ কৰা নাছিল।

১৯৭৩ চনত পঞ্জাৱৰ আনন্দপুৰ চাহিবত ৰাজ্যবাসীৰ স্বাৰ্থত কিছু প্ৰস্তাৱ গ্ৰহণ কৰা হয়। মূলতঃ ৰেলৱে, উৰাজাহাজ, আন্তঃজাৰ্তিক সম্পৰ্ক, মুদ্ৰা, বৈদেশিক সম্পৰ্ক আদি কেন্দ্ৰৰ হাতত থকাৰ বিপৰীতে বাকী সম্পৰ্ক আৰু ৰাজ্যৰ নীতি নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত পূৰ্ণ অধিকাৰৰ দাবী কৰা হয়। এয়া কিন্তু “খালিস্তান”ৰ দাবী নাছিল। তেতিয়াৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে এয়া নাকচ কৰিছিল। ১৯৭৫ চনত ভাৰতৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ হৈ পৰিছিল। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। পঞ্জাৱত এনে জৰুৰী অৱস্থাৰ প্ৰৱল বিৰোধিতা কৰিছিল আকালি দলে। ১৯৭৭ নিৰ্বাচনত সমগ্ৰ ভাৰতজুৰি ইন্দিৰা গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছ দলৰ পৰাজয় হৈছিল। পঞ্জাৱত কংগ্ৰেছ বিৰোধী শক্তিশালী অৱস্থান গ্ৰহণ কৰিছিল আকালি দলটোৱে। উল্লেখযোগ্য যে, সেই ৭০’ৰ দশকত শিখ যুৱকসকল ধৰ্মীয় পৰম্পৰাৰ পৰা আঁতৰি অহাৰ বাবে ধৰ্মীয় নীতিনিয়ম সূচাৰু ৰূপে পালনৰ আহ্বান জনাবলৈ এজন ব্যক্তিৰ আৱিৰ্ভাৱ হৈছিল। তেওঁ সমগ্ৰ পঞ্জাৱজুৰি ধৰ্মীয় আৱেগ সৃষ্টিৰ বাবে পৰিভ্ৰমণ কৰিছিল। তেওঁ আছিল সন্ত জানেইল সিং ভিন্দ্ৰেলৱালে। সুযোগ বুজি আকালি দলক প্ৰতিহত কৰিবলৈ কংগ্ৰেছে তেওঁক সহায়সমৰ্থন কৰিছিল। কংগ্ৰেছৰ ৰাজনৈতিক ছত্ৰছায়াত তেওঁ অতি শক্তিশালী হৈ উঠিছিল। উল্লেখযোগ্য যে, শিখ ধৰ্মক বিশুদ্ধ ভাৱে পালন কৰিবলৈ যি অভিযান তেওঁ আৰম্ভ কৰিছিল সেই অভিযানৰ আওঁতাত তেওঁ ভাৰতীয় সেনাবাহিনীৰ শিখ ৰেজিমেণ্টসমূহলৈ ধৰ্মীয় সভা অনুষ্ঠিত কৰিবলৈ গৈছিল। অৱশ্যে তেতিয়া তেওঁ সশস্ত্ৰ উগ্ৰপন্থী নাছিল।

৮০’ৰ দশক সোমোৱাৰ লগে লগে তেওঁ সশস্ত্ৰভাৱে সংগঠিত হৈ পৰে। পঞ্জাৱত আৰম্ভ হয় চৰকাৰতকৈ শক্তিশালী ৰূপত তেওঁৰ শাসন। বোমাবাৰুদ, গুলীৰ ধোৱাৰে পঞ্জাৱ ৰক্তৰঞ্জিত হৈ পৰে। পৱিত্ৰ ধৰ্মস্থান শিখসকলৰ বিখ্যাত স্বৰ্ণমন্দিৰ ভিন্দ্ৰেলৱালেৰ মুখ্য কাৰ্যালয় তথা শিবিৰ হৈ পৰে। ফলস্বৰূপে ১৯৮৪ চনত “অপাৰেচন ব্লুষ্টাৰ” সেনা অভিযানত স্বৰ্ণমন্দিৰ ভিন্দ্ৰেলৱালেৰ পৰা মুক্ত কৰা হয়। মৃত্যু হয় সন্ত জানেইল সিং ভিন্দ্ৰেলৱালেৰ, পৰৱৰ্তী পৰ্যায়ৰ ঘটনাক্ৰমত ক্ৰমে শিখ সন্ত্ৰাসবাদীৰ হাতত নিহত হয় সেই সময়ৰ ভাৰতীয় সেনাবাহিনীৰ প্ৰধান (তেতিয়ালৈ অৱসৰপ্ৰাপ্ত) অৰুণ কুমাৰ বৈদ্যৰ আৰু নিজ দেহৰক্ষীৰ হাতত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ। উল্লেখযোগ্য যে, শিখসকলৰ মাজত শশ বছৰজুৰি এক বিশ্বাস আছে যে, স্বৰ্ণমন্দিৰক যি অপমানিত কৰিব তেওঁৰ মৃত্যু অৱধাৰিত। তাহানিৰ আক্ৰমণকাৰী আহমেদ শ্বাহ আবদালিৰ পৰা ইন্দিৰা গান্ধী পৰ্যন্ত এই বিশ্বাসৰ প্ৰতিফলন দেখা যায়। কিন্তু পঞ্জাৱ সন্ত্ৰাসমুক্ত নহ’ল। তাৰ পাছতো পঞ্জাৱ এটা দশক উত্তপ্ত হৈ থাকিল।

১৯৯৫ চনত পঞ্জাৱৰ মুখ্যমন্ত্ৰী বিয়ন্ত সিংক হত্যা কৰা হয়। সেই সময়ৰ আৰক্ষী প্ৰধান কে. পি. এচ. গিলৰ নেতৃত্বত অতি কঠোৰভাৱে পঞ্জাৱক সন্ত্ৰাসমুক্ত কৰা হয়। ভিন্দ্ৰেলৱালেৰ পৰা বৰ্তমান অমৃতপাল সিং সিন্ধুলৈকে এটা সামঞ্জস্য দেখা যায়। সেয়া হ’ল ধৰ্মৰ দ্বাৰা আৱেগ সৃষ্টি আৰু অস্ত্ৰ সংস্কৃতিৰ প্ৰতি অত্যাধিক আকৰ্ষণ। তদুপৰি চাৰিটা দশক ধৰি পঞ্জাৱ এটা বৈষম্যৰ পৰা মুক্ত নহ’ল। সেয়া হ’ল আৰ্থিক বৈষম্য। পঞ্জাৱ এখন কৃষিপ্ৰধান ৰাজ্য হ’লেও, ইয়াৰ বুকুতেই এদিন সেউজ কৃষি বিপ্লৱ সংগঠিত হ’লেও অতি ক্ষুদ্ৰ একাংশ পাঞ্জাৱীৰ হাতত আছে বৃহৎ ভূমি আৰু বৃহৎ পুঁজি। সেয়েহে সাধাৰণ শিখ যুৱকসকল কানাডা, ইটালি, নেডাৰলেণ্ড আদি ৰাষ্ট্ৰলৈ গমন কৰিবলৈ বাধ্য কৰিছে। নিবনুৱাৰ শীৰ্ষত থকা ৰাজ্যসমূহৰ ভিতৰত পঞ্জাৱো অন্যতম। আজি কেইটামান বছৰৰ পূৰ্বে মুক্তি লাভ কৰা “উড়তাপাঞ্জাৱ” নামৰ চিনেমাখনত পঞ্জাৱৰ নৱপ্ৰজন্মৰ হতাশা, ড্ৰাগছ আসক্তি আদি সামাজিক সমস্যাসমূহ জীৱন্তভাৱে প্ৰতিফলিত হৈছে। পঞ্জাৱৰ সাধাৰণ যুৱকসকল হতাশাত ভূগিছে আৰু এনে হতাশাই যুৱচামক স্বাভাৱিকতেই অস্ত্ৰ আৰু ড্ৰাগছৰ ওচৰ চপাই আনিছে। যুৱচামৰ হতাশগ্ৰস্ততাই এদিন ভিন্দ্ৰেলৱালেক সহায় কৰিছিল, আজি অমৃতপালক সহায় কৰিছে।

অমৃতপাল এয়াৰ লিফ্টিং” কৰি অৰ্থাৎ আকাশৰ পৰা পৰি পঞ্জাৱলৈ আহিছে। তেওঁ গাড়ী ড্ৰাইভাৰ আছিল ডুবাইত আদি উপমাৰে তুচ্ছতাচ্ছিল্য কৰি টি. ভি. অথবা চ’চিয়েল মেডিয়াত গুৰুত্বহীন কৰিব বিচাৰিলে নহ’ব। কিয় মাত্ৰ এবছৰ পূৰ্বে পঞ্জাৱলৈ অহা এজন যুৱকৰ আহ্বানত হাজাৰ হাজাৰ পাঞ্জাৱী যুৱকে হাতত কৃপাণ (তৰোৱাল), লাঠী আদি লৈ নিজৰ জীৱন আৰু ভৱিষ্যতক বিসৰ্জন দি থানা আক্ৰমণ কৰিছেহি, অমৃতপালৰ সহযোগী হৈছেহি তাৰ নিৰ্মোহ বিশ্লেষণৰ প্ৰয়োজন। মূল সমস্যা আৰু যুৱচামৰ আৱেগঅনুভূতিক গুৰুত্ব দি আসোঁৱাহসমূহ নিৰাময় নকৰিলে পঞ্জাৱ যে পুনৰ অশান্ত হোৱাৰ আশংকা আছে সেয়া নিশ্চিত।

মাধুৰ্য বৰুৱা
যোগাযোগ – ৯৪০১১০১৭০৪