ম্যানমাৰত আৰাকান আৰ্মিৰ গাঁৱবাসীক মুক্তিৰ বিতৰ্কিত প্ৰসংগ

arakan-army-1140x570

আৰাকান আৰ্মি বিদ্ৰোহীৰ ফাইল ফটো। য়ু টিউবৰ সৌজন্যত

বিচ্ছিন্নতাবাদী আৰাকান আৰ্মিৰ যোদ্ধাসকলে বৃহস্পতিবাৰে দাবী কৰে যে তেওঁলোকে পশ্চিম ম্যানমাৰৰ চীন প্ৰদেশৰ ৫২জন জনগোষ্ঠীয় খুমী গাঁৱবাসীক মুকলি কৰি দিছিল।

আৰাকান আৰ্মিয়ে এই গাঁৱবাসীসকলক আৰাকান আৰ্মি বিদ্ৰোহী আৰু টাটমাড’ সেনাৰ মাজৰ এক যুদ্ধৰ পাছত সেনাই তেওঁলোকক জিম্মাত লোৱাৰ পাছতে সীমান্তৰ এক শিৱিৰত ছয় মাহৰ বাবে আটক কৰি ৰাখিছিল।

ফেব্ৰুৱাৰিৰ প্ৰথম ভাগত সংঘটিত সেই সংঘৰ্ষৰ সময়ত অঞ্চলটোৰ এটা খুমী সংগঠনে আৰাকান আৰ্মিয়ে অপহৰণ কৰা বুলি দাবী কৰা আৰু পাছত সেনাই জিম্মাত লোৱা গাঁৱবাসীসকলৰ মুক্তিৰ দাবী কৰিছিল।

কিন্তু আৰাকান আৰ্মিয়ে অসামৰিক লোকসকলক বলপূৰ্বক লৈ যোৱাৰ কথা অস্বীকাৰ কৰিছিল।

তেওঁলোকে কৈছিল যে তেওঁলোকে চীন প্ৰদেশৰ পালেটৱা চহৰৰ সীমান্তৰ কিন্টালিন গাঁৱৰ ওচৰত সংঘটিত যুদ্ধৰ পাছত গাঁৱবাসীৰ অনুৰোধ মৰ্মে তেওঁলোকক পলাই যোৱাত সহায় কৰিছিল।

ঘটনাটো সন্দৰ্ভত আৰাকান আৰ্মিৰ ভাষ্যৰ সৈতে স্থানীয় বাসিন্দাসকল একমত নহয়।

তেওঁলোকে কয় যে ইয়াৰ সৈনিকসকল কিন্টালিন গাঁৱত আহি উপস্থিত হোৱাৰ পাছত আৰাকান আৰ্মিৰ যোদ্ধাসকলে গাঁৱবাসীক এটা গীৰ্জাত সমবেত হ’বলৈ নিৰ্দেশ দিয়ে।

যেতিয়া তেওঁলোকে ম্যানমাৰ সেনাই জনগোষ্ঠীটোৰ ওপৰত শীঘ্ৰেই বোমা পেলাৱ পাৰে বুলি তেওঁলোকক জনায় তেতিয়া তেওঁলোকে গাঁৱবাসীসকলক সেই স্থান ত্যাগ কৰিবলৈ বাধ্য কৰায়।

আৰাকান আৰ্মি আৰু চৰকাৰী বাহিনীৰ মাজত ৰাখাইন আৰু চীন প্ৰদেশত যুদ্ধই গভীৰ ৰূপ ধাৰণ কৰিছে।

বিদ্ৰোহীসকলে তালাচীৰ মাজতো, আনকি চৰকাৰী বাহিনীয়ে নিছিদ্ৰভাৱে বেৰি ৰখা নগৰীয়া অৱস্থানতো প্ৰৱেশৰ সাহস কৰিছিল।

এই বিদ্ৰোহীসকলৰ কামকাজ ভাৰতৰ বাবে উদ্বেগজনক কিয়নো তেওঁলোকে দিল্লীৰ কালাদন বহুমুখী-আৰ্হিৰ সংযোগী প্ৰকল্পৰ বাবে গুৰুত্বপূৰ্ণ পথ আৰু দলঙৰ কাম কৰি থকা ঠিকাদাৰসকলক অপহৰণ কৰি আহিছে।