বৃটিছে নিষিদ্ধ কৰিব বিচৰা বিহুক সুৰক্ষা দিছিল পুৰণিগুদামৰ আনন্দ, মইমৎ, চেনিমাইয়ে

সম্প্ৰতি বিতৰ্কৰ মাজত মইমৎ ঢুলীয়া আৰু চেনি গাভৰুৰ জন্মস্থান আৰু ধৰ্ম

20170411_162507

সাহিত্যিক ফনীন্দ্ৰ নাথ গায়নৰ জন্মদিন উপলক্ষে আয়োজিত আলোচনা সভাৰ এটি মুহূৰ্ত। ফাইল ফটো

সম্প্ৰতি অসমৰ জাতীয় জীৱনৰ হৃদস্পন্দনত পৰিণত হোৱা বিহুক ওঠৰ শতিকাৰ মাজভাগত একাংশ সম্ভ্ৰান্ত অসমীয়াই অশ্লীল গীত-মাতৰ সংমিশ্ৰন বুলি অভিহিত কৰিছিল। সেই সকল অসমীয়াই আনকি সেই সময়ৰ বৃটিছ চৰকাৰৰ ওচৰত বিহুক নিষিদ্ধ কৰিবলৈ আৰ্জি পেচ কৰিছিল। বৃটিছ চৰকাৰেও বহু কেইজন সম্ভ্ৰান্ত অসমীয়াৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিহুক নিষিদ্ধ কৰাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো পদক্ষেপ গ্ৰহণৰ কৰিবলৈ চেষ্টা কৰিছিল।

তেনে সময়তে বিহুৰ নিষিদ্ধকৰণৰ বিৰুদ্ধে সবল প্ৰতিবাদ সাব্যস্ত কৰি বৃটিছ চৰকাৰৰ এই পদক্ষেপক বাধা প্ৰদান কৰিছিল নগাঁও জিলাৰ পুৰণিগুদামৰ কেইজনমান ব্যক্তিয়ে। সেই ব্যক্তি কেইজনৰে অন্যতম ঢুলীয়া মইমৎ টাটিঙাৰ ধৰ্ম পৰিচয় তথা জন্মস্থানক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে বিতৰ্কৰ।

একাংশই মইমত টাটিঙা ঢুলীয়াক হিন্দু ধৰ্মাৱলম্বী লোক বুলি অভিহিত কৰাৰ বিপৰীতে আন একাংশই তেওঁক ইছলাম ধৰ্মাৱলম্বী লোক বুলি কব বিচাৰে। তদুপৰি ঢোলৰ ওজা শিল্পী গৰাকীৰ জন্ম স্থানকলৈয়ো সৃষ্টি হৈছে বিতৰ্কৰ। কোনো কোনোৰ মতে তেওঁৰ জন্মস্থান পুৰণিগুদামৰ চলচলি হোৱাৰ বিপৰীতে আন একংশৰ মতে পুৰণিগুদাম কলংপাৰ হালোৱাগাঁও।

উল্লেখ্য যে, ওঠৰ শতিকাৰ মাজভাগত বহু কেইজন শিক্ষিত অসমীয়া বিহু গীত-নৃত্যৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছিল। এই শিক্ষিত অসমীয়া সকলে বিহু নৃত্য-গীতক অশ্লীল বুলি আখ্যা দি ইয়াক নিষিদ্ধ কৰিবৰ বাবে সেই সময়ৰ বৃটিছ চৰকাৰক আহ্বান জনাইছিল। সেই সময়তে বিহুৰ নিষিদ্ধকৰণৰ বিৰুদ্ধে জাগি উঠিছিল মইমৎ টাটিঙা, আনন্দ দাস, চেনি গাভৰু, পিতৌ আদিয়ে।

সেই সময়ৰ নগাঁও আদালতৰ তৰণী আনন্দ দাসৰ নেতৃত্বত নিজৰ ভনীয়েক চেনিমাইক লগত লৈ গুৱাহাটীলৈ গৈছিল মইমতৰ এটি বিহু দল। তেওঁলোকে বৃটিছ চাহাবৰ ওচৰত বিহু নৃত্য কৰি, গীত গাই বিহু যে অশ্লীল নহয় এই কথা প্ৰমান কৰিছিল। ককায়েকৰ ঢোলৰ চাপৰত ভনীয়েকে হিয়া উজাৰি নচা দেখি বৃটিছ চাহাব সকলে বুজি উঠিছিল যে বিহু নাচত কোনো অশ্লীলতা নাই।

তেতিয়াৰ পৰাই বিহুৰ ওপৰত আৰোপ কৰা প্ৰতিবন্ধকতা বৃটিছ চাহাবে আঁতৰাই দিছিল। আনকি সফল হৈ গুৱাহাটীৰ পৰা উভতি অহি বিহু দলটোৱে পুৰণিগুদামৰ কলঙৰ বাকৰিৰ পতিয়াবালি নামৰ ঠাইত অনুষ্ঠিত কৰা প্ৰথমখন মুকলি বিহু উপভোগো কৰিছিল সেইসময়ৰ বগা চাহাবে।

শেহতীয়াকৈ মইমৎ টাটিঙা ঢুলীয়াৰ জন্ম স্থান আৰু তেওঁৰ ধৰ্মক লৈ সৃষ্টি হৈছে তুমুল বিতৰ্কৰ। ২০০০চনত প্ৰকাশিত ধৰণীধৰ মজিন্দাৰে লিখা তথা ফনীন্দ্ৰ নাথ গায়নে সম্পাদনা কৰা পুৰণিগুদামৰ সংক্ষিপ্ত বুৰঞ্জীত মইমৎ টাটিঙা মুছলমান সম্প্ৰদায়ৰ বুলি আৰু তেওঁৰ ঘৰ চলচলিত বুলি উল্লেখ আছিল। কিন্তু ২০১৬চনত প্ৰকাশিত বিনু হাজৰিকাই সম্পাদনা কৰা একেখন গ্ৰন্থতে মইমৎ টাটিঙাৰ ঘৰ পুৰণিগুদামৰ কলংপাৰ হালোৱাগাঁৱত বুলি উল্লেখ আছিল।

তাৎপৰ্যপূৰ্ণ যে ইয়াৰ পাছতো ছচিয়েল মিডিয়াত এই বিষয়টোলৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে। এই সম্পৰ্কত পুৰণিগুদামৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা কলং কলা কেন্দ্ৰৰ সম্পাদক চিত্তৰঞ্জন বৰাৰ মতে তেওঁৰ ব্যক্তিগত অনুসন্ধানত মইমৎ টাটিঙা ঢুলীয়া পুৰণিগুদাম হালোৱাগাঁৱৰ বাৰিকাচুকত বুলি প্ৰতিপন্ন হৈছে।

বৰাই জনোৱা মতে মইমৎ টাটিঙাৰ প্ৰকৃত নাম দেবাই। টাটিঙাৰ দুজন পুত্ৰ দীননাথ আৰু সোণাৰাম। দীননাথ ডাঙৰ আৰু সোণাৰাম সৰু। দীননাথৰ পুত্ৰদ্বয় ভোগৰাম আৰু ফণীধৰ জোনাইৰ বাসিন্দা হয়। সোণাৰামৰ তিনিজন পুত্ৰ ক্ৰমে হৰেন্দ্ৰ, সুনীল আৰু খগেন। এগৰাকী কন্যা পানীমলা। সুনীল সম্প্ৰতি প্ৰয়াত। বাকী দুজন বৰ্তমান পুৰণিগুদামৰ পিতৃৰ ভেটিত আছে।

চিত্তৰঞ্জন বৰাই জনোৱা মতে মইমতৰ স্মৃতি সজীৱ কৰি পুৰণিগুদামৰ হালোৱাগাঁৱত টাটিঙা টিকা বা টাটিঙা বাম বুলি এডোখৰ ঠাই আছে। বৰাই দাবী কৰা মতে মুখবাগৰি টাটিঙাৰ বাসগৃহ পুৰণিগুদামৰ চলচলি আৰু তেওঁৰ ইছলাম ধৰ্মাৱলম্বী বিষয়টো আহিছে। প্ৰকৃততে তেওঁ কলংপাৰ হালোৱাগাঁও বাৰিকাচুকৰ হিন্দু ধৰ্মাৱলম্বী লোকহে যে নিশ্চিত।

চিত্তৰঞ্জন বৰাই লগতে জানিব দিয়ে যে তেওঁ ঢুলীয়া মইমৎ টাটিঙাৰ ভগ্নী চেনিমাইক বিয়া দিয়া পোৱাই ওজাৰ পৰিয়ালৰ বংশলতা প্ৰস্তুত কৰিছে। তদুপৰি, মইমতৰ সহযোগী আনন্দ দাসৰো বংশলতা প্ৰস্তুত কৰিছে।  চিত্তৰঞ্জন বৰাই জনোৱা মতে পৰৱৰ্তী সময়ত এই বিষয়টোৰ লগত পৰৱৰ্তী সময়ত পিতৌ ঢুলীয়াৰ নামো সাঙুৰ খাই পৰে।

ইয়াৰ বিপৰীতে আন একাংশই মইমৎ টাটিঙা ঢুলীয়া ইছলাম ধৰ্মাৱলম্বী বুলি দৃঢ়তাৰে মন্তব্য কৰি তেওঁৰ ভগ্নী চেনিমাইৰ পৰিয়ালৰ এগৰাকী ভতিজাক বিচাৰি পোৱা বুলিও একাংশই মন্তব্য কৰিছে। কিন্তু এই সম্পৰ্কত প্ৰামানিক তথ্য কোনেও বৰ্তমানলৈকে দাঙি ধৰিবলৈ সক্ষম হোৱা নাই।

তাৎপৰ্যপূৰ্ণ যে ঢুলীয়া মইমৎ টাটিঙা হিন্দু নে মুছলমান এই কথা যদিও বৰ্তমানলৈকে স্পষ্ট হোৱা নাই অথবা বিতৰ্কৰ আৱৰ্তত তৎস্বতেও চিত্তৰঞ্জন বৰাই কয় যে মইমতৰ অবদানক প্ৰতিগৰাকী অসমীয়াই এজন প্ৰকৃত অসমীয়া হিচাবে শ্ৰদ্ধাৰে সোঁৱৰিব। কেৱল মইমতে নহয়, এই আটাইকেইজন পুৰোধা ব্যক্তি যি ধৰ্মৰে নহঁওক কিয় অসমৰ সংস্কৃতিৰ সুৰক্ষাৰ বাবে তেওঁলোকে আগবঢ়োৱা অবদানে তেওঁলোকক একো একোগৰাকী প্ৰকৃত অসমীয়া হিচাপে প্ৰতিপন্ন কৰিছে। সেয়ে প্ৰতিগৰাকী অসমীয়াৰ বাবে তেওঁলোক চিৰনমস্য।