NORTHEAST NOW (Assamese)

টীয়কত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন

November 20, 2020 8:43 pm · নিৰ্মলেন্দু পাঠক

বিধান সভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে সকলো ৰাজনৈতিক দলে সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক কাম-কাজ তীব্ৰতৰ কৰি তুলিছে।

বিজেপি মিত্ৰজোঁটৰ শাসন ওফৰাবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৭০ টা জাতীয় সংগঠনৰ উদ্যোগত গঠন হোৱা ৰাইজৰ দলেও ৰাজনৈতিক প্ৰস্তুতি আৰম্ভ কৰিছে।

দলটোৱে আজি যোৰহাটৰ ১০২ নং টীয়ক বিধান সভা সমষ্টিৰ কলিয়াপানীত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰে।

ৰাজ্যিক মুখ্য আহ্বায়ক মহেন্দ্ৰ দিহিঙীয়াকে প্ৰমুখ্য কৰি কেইবাগৰাকীও ৰাজ্যিক আহ্বায়ক, বীৰ লাচিত সেনাৰ শৃংখল চলিহাই বিশেষভাৱে অংশগ্ৰহণ কৰা সভাত টীয়ক সমষ্টিৰ বাবে দিলীপ শইকীয়াক সভাপতি আৰু মৃদুল বৰাক সম্পাদক হিচাপে লৈ ৮৬ জনীয়া এখন আহ্বায়ক সমিতি গঠন কৰে।

উক্ত সভাতে বিভিন্ন সংগঠনৰ পৰা প্ৰায় ৩০০ সদস্যই অনুষ্ঠানিক ভাৱে দলটোত যোগদান কৰে।

সভাৰ মজিয়াৰ পৰাই ৰাষ্ট্ৰীয়বাদী ৰাজনৈতিক শক্তিসমূহক অহা নিৰ্বাচনত উভালি পেলাবলৈ সংকল্পবদ্ধ হয় লগতে সকলোৱে জননেতা অখিল গগৈক অনতি পলমে মুক্তি দিবলৈ দাবী জনায়।

Related News