NORTHEAST NOW (Assamese)

বঙাইগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আক্ৰাছুৰ দশম দ্বি -বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন

October 4, 2021 10:37 am · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
Updated: October 4, 2021 11:19 am

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দশম দ্বি- বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখন কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱত অনুষ্ঠিত হৈছে ৷

সদৌ বঙাইগাঁও জিলা আক্ৰাছুৰ উদ্যোগত আৰু বঙাইগাঁও আঞ্চলিক সমিতিৰ সহযোগত অনুষ্ঠিত অধিৱেশন উপলক্ষে পুৱাৰ ভাগত বৰপাৰাস্থিত সংগঠনটোৰ মুখ্য কাৰ্যালয় প্ৰাংগণত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷

সেই অনুসৰি সংগঠনটোৰ সভাপতি ক্ষীতিশ বৰ্মনে আক্ৰাছুৰ, চিলাৰায় সেনাৰ উপাধ্যক্ষ দেৱৰঞ্জন মণ্ডলে চিলাৰায় সেনাৰ, কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰে মহিলা সমিতিৰ আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি ধীৰেশ চন্দ্ৰ ৰায়ে সাংস্কৃতিক পতাকা উত্তোলন কৰে ৷

আনহাতে শ্বহীদ বেদীত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে অভ্যৰ্থনা সমিতিৰ উপদেষ্টা তথা জ্যেষ্ঠ অধিৱক্তা বিজয় চৌধুৰী আৰু সাধাৰণ সম্পাদক মনোজ চৌধুৰীয়ে ৷

Latest News : Pandora papers: শচীন টেণ্ডুলকাৰকে ধৰি বহু ধনী লোকৰ গোপন অৰ্থনৈতিক তথ্য ফাদিল

সন্ধিয়া বন্তি প্ৰজ্বলন আৰু নিশাৰ ভাগত বীৰঝৰা পাব্লিক লাইব্ৰেৰীত বিষয়বাচনি সভা অনুষ্ঠিত হয় ৷
সোমবাৰে দিনৰ ১ বজাত অনুষ্ঠিত হয় মুকলি সভা ৷ সভাত নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিখনৰ শপত গ্ৰহণ, আক্ৰাছুৰ বিদায়ী সতীৰ্থবৃন্দক বিদায়ী সম্বৰ্ধনা জনোৱা হ’ব ৷

সভাত কে এ চিৰ মুখ্য পাৰিষদ তথা আক্ৰাছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গোকুল বৰ্মনৰ লগতে আক্ৰাছুৰ প্ৰাক্তন বিষয়ববীয়া, কে এ চিৰ পাৰিষদ তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷

Related News