ক’ৰ’নাযুঁজাৰু শুই পৰিছে পথত; সমগ্ৰ দেশতে তোলপাৰ লগাইছে ভাইৰেল হোৱা দুই আৰক্ষীৰ ফ’টোৱে

c8fd4415-6b27-4c3b-9c53-8fb9cd648ebe

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে অহা ৩ মে’লৈকে দেশত অব্যাহত থাকিব ল’কডাউন।

দেশজুৰি অব্যাহত থকা ল’কডাউনৰ সময়ছোৱাত জৰুৰীকালীন সেৱা বিভাগৰ কৰ্মচাৰীসকলে দেশ সেৱাৰ উকৃষ্ট নিৰ্দশন প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে।

ল’কডাউনৰ সময়ত আটাইতকৈ বেছি ব্যস্ত হৈ পৰা দেখা গৈছে নিৰাপত্তা বিভাগত কৰ্মৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকসকল।

মাজে আৰক্ষী প্ৰশাসনে ল’কডাউন উলংঘাকাৰীক অত্যধিক শাৰীৰিক অত্যাচাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

ইফালে আৰক্ষীৰ লোকসকলে অহৰহ দেশৰ এই সংকটৰ সময়ত সষ্টম হৈ কৰ্তব্যত নিয়োজিত হোৱা পৰিলক্ষিত হৈছে।

তেনে এক সময়তে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এখন ফ’টোৱে সমগ্ৰ দেশতে ব্যাপকভাৱে চৰ্চিত হৈ পৰিছে।

অৰুণাচল প্ৰদেশৰ আই পি এছ বিষয়া মধুৰ বাৰ্মাই নিজ টুইটাৰ একাউন্টত এখন ফ’টো টুইট কৰিছে যিখন ফ’টোত ৮ ঘণ্টা ডিউটি সমাপন কৰাৰ পিছত দুজন আৰক্ষীৰ লোকে ভাগৰত পথৰ ওপৰতে শুই পৰিছে।

‘৮ ঘণ্টা শুবলৈ এইখন আৰামদায়ক বিচনা নহয়। এইটো হয়… যদি আপুনি সৈন্য হয়! তেনে এই ক’ৰ’নাযুঁজাৰুৰ বাবে গৰ্বিত।’ বাৰ্মাই এইদৰে টুইটত কৰে।

বিষয়াজনে ফ’টোখন টুইট কৰাৰ পিছতে ৫২,০০০ হাজাৰো অধিক লোকে টুইপ’ল কৰাৰ লগতে ১০ হাজাৰোৰ অধিক লোকে ৰিটুইট কৰিছে। অসংখ্য মানুহে নিজৰ মতামত ব্যক্ত কৰি শ্বেয়াৰ কৰাৰ লগতে আৰক্ষী লোক দুজনৰ কৰ্তব্যনিষ্ঠাক প্ৰশংসা কৰা দেখা গৈছে।