কৰ’ণা সংক্ৰমণ বৃদ্ধি, নগাঁৱত তৃতীয়টো কণ্টেইনমেণ্ট জ’ন ঘোষণা

কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পাইছে নগাঁৱত৷আজি নগাঁও জিলা প্ৰশাসনে জিলাখনৰ দুটাকৈ স্থান ১৪ দিনৰ বাবে কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে৷ আজি নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজত দহজনকৈ শিক্ষাৰ্থীৰ শৰীৰত ক’ভিদ ধৰা পৰাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে৷

ৰামানুজন জুনিয়ৰ কলেজ চৌহদৰ লগতে ৰামানুজনৰ পিকেবি নাৰ্ছিং হোমৰ ওচৰত থকা ব্ল’ক ২ বি হোষ্টেলক কণ্টেইনমেণ্ট জ’ন হিচাপে কৰা হৈছে৷

চৰকাৰে সকলো শিক্ষানুস্থান খুলি দিয়াৰ পিছতে নগাঁৱত কৰ’ণাৰ সংক্ৰমণ বৃদ্ধি পাইছে৷ ডচন স্কুলৰ এগৰাকী শিক্ষাৰ্থীৰ দেহত ক’ভিদ ধৰা পৰা পিছত ৰাজ্যিক নাৰী আৰু শিশুগৃহত ১৬ জনকৈ লোকৰ দেহত ক’ভিদ সংক্ৰমণ ধৰা পৰিছিল৷ ফলত ১১ নবেম্বৰত নাৰী গৃহটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল জিলা প্ৰশাসনে৷

 

ৰামানুজন কলেজৰ অধ্যক্ষকে ধৰি দহজনৰ গাত ধৰা পৰে ক’ভিদৰ অৱস্থিতি৷পাঁচদিনৰ ভিতৰতে নগাঁও চহৰত তিনিটাকৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ পিছত জিলাখনৰ বাসিন্দা সকলৰ মাজত হাঁহাকাৰ লাগিছে৷

ইফালে শিক্ষানুস্থান সমূহ খুলি দিয়াৰ পাছতে শিক্ষানুষ্ঠান সমূহে অফলাইন পৰীক্ষা পাতিবলৈ প্ৰস্তুতি চলাইছে৷ এনে সময়তে ক’ভিদ সংক্ৰমণৰ ভয়াৱহতাই গা কৰি উঠাৰ ফলত ছাত্ৰ -ছাত্ৰীসকলৰ অভিভাৱক সকলক চিন্তিত কৰি তুলিছে।