কৰোনা ভাইৰাছে মানৱদেহত প্ৰৱেশ কৰিলে কোভিড-১৯ ৰোগ হয়। ২০১৯ চনত পোন প্ৰথমবাৰৰ বাবে এই ভাইৰাছে মানুহৰ দেহত প্ৰৱেশ কৰিছিল বুলি গম পোৱা গৈছে। তাৰ পৰৱৰ্তী সময়ত কোভিডৰ সংক্ৰমণে প্ৰায় সমগ্র বিশ্বকে অচল আৰু কোঙা কৰি পেলাইছিল।
প্ৰথম কোভিড ঢৌৱে বিশ্বৰ বহু লোকক শংকিত কৰিলে, বিশ্ব অৰ্থনীতি, শিক্ষাখণ্ডৰ প্ৰচুৰ ক্ষতি সাধন কৰিলে। ক্ষমতা দখলৰ ৰাজনীতিত ব্যস্ত থকা ভাৰতৰ চৰকাৰে যথা সময়ত উপযুক্ত প্ৰস্তুতিৰে কোভিডৰ মোকাবিলা নকৰিলে। নিজৰ ৰাজনৈতিক ন্যস্ত স্বাৰ্থ সিদ্ধি হোৱাৰ পাছতহে কোনো বিজ্ঞানসন্মত আলাপ-আলোচনা নকৰাকৈয়ে প্ৰধানমন্ত্ৰীয়ে অপৰিকল্পিত তলাবন্ধ ঘোষণা কৰিলে যাৰ পৰিণতিত দেশৰ অৰ্থনীতি মাটিত মিহলি হৈ গ’ল, বহুতো লোকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল।
ইয়াৰ সমান্তৰালকৈ শাসকীয় শক্তিৰ অনুগ্ৰহ আৰু সহযোগত বৈজ্ঞানিক দৃষ্টিভংগী আৰু পৰিকল্পনাৰ বিপৰীতে চৌদিশে অন্ধবিশ্বাস, মিথ্যাচাৰ আৰু ঘৃণা বিয়পাই দিয়া হ’ল। ধন-জনৰ বিস্তৰ ক্ষতি সাধন কৰাৰ পিছত প্ৰথমটো কোভিড ঢৌৰ প্ৰাৱল্য আৰু শক্তি কিছু কমিল। প্ৰধানমন্ত্ৰীকে ধৰি বিভিন্ন শাসকীয় মহলে ক্ষয়-ক্ষতিৰ হিচাপবোৰ গোপনে ৰাখি, মিথ্যাৰ আশ্ৰয় লৈ নিজেই নিজকে বাঃ বাঃ দি বিজয় উৎসৱ পালন কৰিলে। থালি বজোৱা, তালি বজোৱা, হেলিকপ্টাৰেৰে ফুল বর্ষণ, কৰোনা জেহাদৰ নামত সাম্প্ৰদায়িক ঘৃণা উৎসৱ ইত্যাদিবোৰতো আছেই।
কৰোনাৰ প্ৰথম ঢৌৰপৰা ভাৰতৰ চৰকাৰ, নেতা, জনতা আৰু ৰাষ্ট্ৰযন্ত্ৰ আদিয়ে একো শিকনি লাভ নকৰিলে। ভৱিষ্যতে কোভিড ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্যখণ্ডৰ কোনো উন্নতি সাধন কৰাও নহ’ল। সমাজত বৈজ্ঞানিক মানসিকতা এলাগী হৈয়ে থাকিল, দেশত ধৰ্মান্ধতা আৰু অন্ধবিশ্বাস, চৰকাৰ-ৰাজনেতাৰ বহুৱালি আৰু মিথ্যাচাৰৰ প্ৰকোপ দুগুণে বাঢ়িল। ইয়ে দেশত পুনৰ এক কৰোনা ঢৌৰ আগমন সুনিশ্চিত কৰিলে।
শাসকীয় দলৰ বিশেষ সহায়ক হোৱাকৈ নিৰ্বাচনী কাৰ্যসূচী নিৰ্মাণ কৰা নিৰ্বাচন আয়োগৰ অকৰ্মণ্যতা আৰু শাসকীয় দলৰ প্ৰতি থকা আনুগত্যই কাৰোনাৰ সংক্ৰমণ তীব্ৰ গতিত বৃদ্ধি কৰিলে। কৰোনা কালত হিন্দু সংখ্যাগুৰুবাদৰ প্ৰতিভূ গজমূৰ্খ এসোপাই কুম্ভমেলা পাতি লাখ লাখ হিন্দুৰ জীৱনলৈ বিপৰ্যয় মাতি আনিলে। কোভিড আক্ৰান্ত মৃতকৰ সংখ্যা অভাৱনীয় হাৰত বাঢ়ি গ’ল। আনপিনে, কোভিডৰ পৰিসংখ্যা লুকুৱাই নতুবা ভুল পৰিসংখ্যা দাঙি ধৰি নিৰ্বাচনত নাচ-গান-সমদল কৰা হ’ল।
অসমৰ নিৰ্বাচনী ‘আইটেম ডান্সাৰ’ তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নিজে মাস্ক নিপিন্ধা কাৰ্যক সমৰ্থন কৰিবলৈ গৈ কোভিড নাই বুলি সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিলে৷ নিৰ্বাচন আয়োগৰ কোভিড নিৰ্দেশনা স্বয়ং দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়েই পালন নকৰিলে। আয়োগ মৌন আৰু অন্ধ হৈ ৰ’ল।
এতিয়া ভাৰতত চৌদিশে মৃত্যুৰ কিৰিলী, চিকিৎসাৰ অভাৱত, অক্সিজেনৰ অভাৱত লাখ লাখ কোভিড ৰোগীয়ে মৃত্যুবৰণ কৰিছে। শ দাহন কৰিবলৈ শ্মশানত দীঘলীয়া শাৰী। একেখন চিতাতে একাধিক মৃতদেহ দাহন কৰিবলগীয়া পৰিস্থিতিও হ’ল। ইমানৰ পিছতো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কোভিড নিৰ্দেশনাক ভৰিৰে মোহাৰি লাখ লাখ লোকেৰে সমদল উলিয়ালে, বিশাল নির্বাচনী সভা পাতিলে। ইয়াৰ ফলত যে কত লোক কোভিডত আক্ৰান্ত হ’ল, কতই প্ৰাণ দিবলগীয়া হ’ল! মৃতদেহৰ ওপৰত চকী পাৰি বহা ৰাজনৈতিক নেতাই মৃতদেহৰ হিচাপ ৰখাৰ প্ৰয়োজনবোধ নকৰে। যিমানে মৃতদেহৰ সংখ্যা বৃদ্ধি পাব সিমানেই চকীখনৰ উচ্চতা বাঢ়ি যাব। ক্ষমতালোভী আমানৱীয় ৰাজনীতিৰ এয়াই বিধান।
আমাৰ মাননীয় প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে তেওঁলোকৰ দুই দশকজোৰা সক্ৰিয় ৰাজনীতিত অগণন মৃতদেহ ওচৰৰ পৰাই দেখি আহিছে বাবেই কি আজি ইমানবোৰ মৃতদেহ চকুৰ আগত দেখিও তেওঁলোকৰ চকু সেমেকি উঠা নাই?
ক্ষমতাৰ খঁকত কিদৰে চৰকাৰ-ৰাজনেতাৰ মানৱীয় প্ৰমূল্যবোধ ধূলিত মিহলি হৈ গৈছে আমি দেখিছো। দেশখনক কোভিড ট্ৰেজেদীৰ পৰা ৰক্ষা কৰাতকৈ কেন্দ্ৰীয় চৰকাৰ এখনৰ বাবে কিদৰে ৰাজ্য এখনত ক্ষমতা দখল কৰাটো অধিক জৰুৰী হৈ পৰিল মই ভাবি পাৰ পোৱা নাই। এফালে চিকিৎসক, স্বাস্থ্যকৰ্মী, গৱেষক-বিজ্ঞানীয়ে নিজৰ জীৱনক তুচ্চ কৰি কোভিডৰ বিৰুদ্ধে যুঁজ দিব আৰু আনফালে ৰাজনেতাই নিজৰ অন্ধ সমৰ্থকসকলক লগত লৈ নাচ-গান-ৰেলী কৰি কোভিড বিয়পাই ফুৰিব। অকৰ্মণ্য-ক্ষমতান্ধ চৰকাৰৰ বাবেই এই দেশ আজি মৃত্যু উপত্যকাত পৰিণত হ’বলৈ ওলোৱা নাই নে? এই দেশ আমি মৃত্যু উপত্যকা হ’বলৈ দিব নোৱাৰো, এই দেশ মানৱতাহীন মূৰ্খৰ সাম্ৰাজ্য হ’বলৈ দিব নোৱাৰো। যি চৰকাৰে নিজৰ দায়িত্ব পালন নকৰে তাক জবাবদিহি কৰিবই লাগিব। যি জনতাই কোনো নেতা বা দলৰ অন্ধ আনুগত্যৰ বাবে শ্মশানৰ চিতাৰ জুইবোৰ দেখিও দেখা নাই তেওঁলোকৰ চকু মুকলি কৰিবই লাগিব। আমি কাৰোনাক পৰাস্ত কৰিবই লাগিব।
কিন্তু কেনেকৈ? প্ৰধানমন্ত্ৰীৰ দৰে মিছা মাতি নে চৰকাৰৰ দৰে সত্য আৰু বিজ্ঞানক অস্বীকাৰ কৰি ভুৱা বিজয় উৎসৱ পাতি? মুঠেও নহয়। কাৰোনাক বিজ্ঞান আৰু বিজ্ঞানমনস্কতাৰেহে পৰাস্ত কৰিব পৰা যাব, ভেল্কীবাজিৰে নহয়। এই সহজ অথচ গুৰুত্বপূৰ্ণ কথাটো আমাৰ চৰকাৰ, নেতা, ৰাইজৰ মূৰত নোসোমায় কিয়? বৈজ্ঞানিক মানসিকতাৰ খুন কৰি দেশত অন্ধবিশ্বাস, ধৰ্মান্ধতা আৰু সাম্প্ৰদায়িক ঘৃণা বিয়পাই দিয়া চৰকাৰ-দল-নেতাই লাখ লাখ লোকৰ মৃত্যুৰ বাবে জগৰীয়া নহয় নে? স্বাস্থ্যখণ্ডৰ উন্নয়ন সাধন কৰাৰ সলনি বৃহৎ মূৰ্তি, মন্দিৰ, বিলাসী অট্টালিকা সাজি বিলিয়ন ডলাৰ ধন অপব্যয় কৰা চৰকাৰ দেশৰ নাগৰিকৰ এই মৃত্যুৰ বাবে দোষী নহ’ব নে? আৰু আপুনি? মৃত্যুৰ কিৰিলি আপোনাৰ চোতাল বা চৌহদত শুনা নোপোৱালৈ নিজৰ নাগৰিক ধৰ্ম পালন কৰিছিল নে? কোনো দল বা নেতাৰ সমৰ্থক নহয়, এগৰাকী নাগৰিক হৈ উঠক। কোভিডত আক্ৰান্ত হৈ চিকিৎসা বা অক্সিজেনৰ অভাৱত নিজৰ আপোনজনক হেৰুৱাবলগীয়া হ’লে চিকিৎসালয় বা চিকিৎসকৰ ওপৰত খং-ক্ষোভ প্ৰদৰ্শন নকৰিব, তেওঁলোকক প্ৰশ্ন নকৰিব; যাৰ সমদলত কোভিড নিৰ্দেশনা নামানি আপোনালোকে নাচি-বাগি ঘূৰি ফুৰিছিল, মন্দিৰ-মছজিদ-হিন্দু-মুছলমানৰ নামত যিসকলক ভোট দি শাসনত বহুৱাইছিল তেওঁলোকক প্ৰশ্ন কৰক, তেওঁলোকৰ সন্মুখত নিজৰ অসন্তুষ্টি ব্যক্ত কৰক। চিকিৎসালয়-গৱেষণাগাৰতকৈ আপোনাৰ বাবে মন্দিৰ-নামঘৰ-মূৰ্তিহে বেছি গুৰুত্বপূৰ্ণ আছিল, নহয় জানো? এতিয়া তাৰ পৰিণতি দেখিবলৈ পাইছে নে ? গো-মূত্ৰ, গোবৰ, ভণ্ড সন্যাসী ৰামদেৱৰ অবিজ্ঞানসন্মত ক’ৰোনিল নহয়, কোভিডৰ পৰা ৰক্ষা পাবলৈ অনুগ্ৰহ কৰি চিকিৎসকৰ পৰামৰ্শ শুনক, কোভিড নিৰ্দেশনা মানি চলক আৰু বিজ্ঞানে দিয়া ভেকচিন লওক৷
কোভিডে আমাৰ দেশৰ বিজ্ঞানমনস্কতাহীন ব্যৱস্থাটোক উলংগ কৰি দিছে। আমি আমাৰ সমাজত, আমাৰ ৰাষ্ট্ৰব্যৱস্থাত ধৰ্ম বা ধৰ্মান্ধতাৰ সলনি বৈজ্ঞানিক মানসিকতাক শক্তিশালী ৰূপত গঢ়ি তুলিব লাগিব। কিন্তু এই মানসিকতা একে ৰাতিতে নিৰ্মাণ কৰিব নোৱাৰি নতুবা কেৱল এজন-দুজন সচেতন নাগৰিকৰ প্ৰচেষ্টা ও উদ্যোগতো গঢ়ি তুলিব নোৱাৰি। চৰকাৰে এই ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিব লাগিব, জনতাই সহযোগ কৰিব লাগিব। ই হ’ব এক দীঘলীয়া আৰু অবিৰত প্ৰক্ৰিয়া।
লেখক, গৱেষক, মাৰবুৰ্গ বিশ্ববিদ্যালয়, জাৰ্মানী
ই-মেইল: [email protected]