NORTHEAST NOW (Assamese)

বিশ্বই হায়দৰাবাদৰ পৰা ক’ৰ’নাৰ ভেকচিন আৰু ঔষধ লাভ কৰিব; তেলেংগানাৰ মন্ত্ৰীৰ মন্তব্য

July 3, 2020 11:02 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

ক’ৰ’না ভাইৰাছৰ ভেকচিন আৰু ঔষধ বিশ্বই হায়দৰাবাদৰ পৰাই লাভ কৰিব বুলি শুকুৰবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে তেলেংগানাৰ আই টি আৰু ঔদ্যোগিক মন্ত্ৰী কে টি ৰমা ৰাৱে।

মন্ত্ৰী গৰাকীয়ে বিশ্বই হায়দৰাবাদৰ পৰা ক’ৰ’নাৰ ভেকচিন আৰু ঔষধ লাভ কৰিব বুলি মন্তব্য কৰাৰ লগতে হায়দৰাবাদ ফাৰ্মা চিটি বিশ্বৰ সৰ্ববৃহৎ ফাৰ্মাচিউটিকেল চিটি হিচাপে আত্মপ্ৰকাশ কৰিব বুলিও কয়।

‘‘ভবিষ্যতেও ভাৰতৰ হায়দৰাবাদৰ ফাৰ্মাচিউটিকেল কোম্পানী সমূহে বিভিন্ন ৰোগৰ ভেকচিন আৰু ঔষধ প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব,’’ মন্ত্ৰী গৰাকীয়ে লগতে কয়।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যাই ৬ লাখ ২৫ ৰ অতিক্ৰম কৰিছে।

ভাৰতত এই পৰ্যন্ত মুঠ ৩,৭৯,৮৯১ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না মুক্ত হৈছে।

ভাৰতত ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ হাৰ ৬০ শতাংশলৈ বৃদ্ধি পাইছে।

আনহাতে, ভাৰতত ভাৰত ফাৰ্মাচিউটিকেল কোম্পানীয়ে আই চি এম আৰৰ সহযোগত প্ৰস্তৃত কৰি উলিওৱা ক’ৰ’না ভেকচিনৰ প্ৰথম পৰ্যায়ৰ মানৱ শৰীৰত পৰীক্ষণ আৰম্ভ হোৱাৰ পথত।

Related News