NORTHEAST NOW (Assamese)

কৰোনা ভাইৰাছ, ভেকচিন আৰু ভাৰতৰ কূটনীতি : এটি পৰ্যালোচনা

May 16, 2021 5:09 pm · সুমন্ত কাকতি
Updated: May 16, 2021 5:11 pm

সমগ্ৰ বিশ্বকেই যোৱাটো বছৰৰ পৰা চীনত উৎপত্তি হোৱা কৰোনা ভাইৰাছে সন্ত্ৰাসিত কৰি ৰাখিছে। এটি পৰিসংখ্যাৰ মতে এই ভাইৰাছৰ এতিয়ালৈ মুঠ ১৬ কোটি লোক আক্ৰান্ত হৈছে আৰু মৃত্যু মূখত পৰিছে ৩৩ লাখ লোক। এই কৰোনা ভাইৰাছ সৃষ্ট মহামাৰীৰ বাবেই সাম্প্ৰতিক বিশ্বৰ ৰাজনৈতিক-অৰ্থনৈতিক পৰিকাঠামোটো তুমুল প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। ধনী আৰু দুখীয়াৰ মাজত থকা ব্যৱধান বাঢ়িছে। বিশ্বজুৰি নিৰ্বাচিত চৰকাৰৰ প্ৰতিনিধিসকলে জৰুৰীকালীন অৱস্থাৰ সুযোগ লৈ স্বেচ্ছাচাৰী শাসকৰ দৰে বঢ়াই লৈছে ক্ষমতা।

কিন্তু এই মহামাৰীৰ পৰা উদ্ধাৰ পাবলৈ মানৱজাতিয়ে চেষ্টাৰ কোনো ক্ৰুটি ৰখা নাই; মহামাৰীৰ প্ৰথম কালছোৱাত মানৱজাতিয়ে এক সাৰ্বজনীন উদ্যোগেৰে মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ সংকল্পবদ্ধ হয়। কোনো বাধা নিষেধ নোহোৱাকৈ কৰোনা সম্পৰ্কিত তথ্য, গৱেষণা পত্ৰ দেশসমূহৰ মাজত বিনিময় ঘটে। মহামাৰীৰ বিৰুদ্ধে যুঁজত চিকিৎসা শাস্ত্ৰৰ বৈজ্ঞানিক আৰু চিৎকিসক, নাৰ্ছসকলে দৃষ্টান্তমূলক অৰিহণা যোগাইছে।

বৈজ্ঞানিক আৰু গৱেষকসকলে মহামাৰীৰ আৰম্ভণিৰে পৰা কৰোনাৰ জিনৰ অধ্যয়ন আৰু প্ৰতিষেধক ছিটাৰ উদ্ভাৱনত নিৰবিচ্ছিন্নভাৱে ব্যস্ত ৰাখিছে। আৰম্ভণিতে কিছু প্ৰত্যাহ্বান আৰু বিফলতাৰ সম্মুখীন হ’লেও বিগত বৰ্ষৰ শেষৰ পিনে বিজ্ঞানীসকলে ছিটা উদ্ভাৱনত উল্লেখনীয় সফলতা অৰ্জন কৰে। কৰোনাৰ প্ৰতিষেধক ছিটা এতিয়ালৈ দ্ৰুততম গতিত উদ্ভাৱন হোৱা ছিটাৰ ভিতৰত অন্যতম।

ছিটাৰ গৱেষণা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত উন্নত দেশবোৰৰ মাজত একপ্ৰকাৰৰ প্ৰতিযোগিতাও দেখা যায়। কাৰণ প্ৰথমেই ছিটাৰ উদ্ভাৱন কৰা মানে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ দেশৰ বৈজ্ঞানিক শক্তি-সামৰ্থ্য কুশলতাৰ ছবিখন উজলাই তোলা। সমান্তৰালভাৱে ছিটাৰ উদ্ভাৱনৰ বাণিজ্যিক দিশ এটাও নথকা নহয়; যিখন দেশৰ সংস্থাই প্ৰথমেই ছিটাৰ উদ্ভাৱন কৰিব সেই দেশৰেই ছিটাৰ ব্যৱসায়ৰ দ্বাৰা লাভ হ’ব প্ৰচুৰ। স্মৰ্তব্য যে ছিটাৰ উদ্ভাৱনত ব্ৰতী তিনি বহুজাতিক সংস্থা ক্ৰমে মডেৰ্ণা, ফাইজাৰ আৰু এষ্ট্ৰাজেনেকাৰ শ্বেয়াৰ মাৰ্কেটৰ মূল্য অভাৱনীয় মাত্ৰাত বাঢ়ি গৈছিল; বজাৰৰ চতুৰ খেলুৱৈয়ে মহামাৰীৰ সময়তো পূৰ্বানুমান কৰিছিল ছিটাৰ বাণিজ্যিক সম্ভাৱনীয়তা। বিগত বৰ্ষৰ শেষৰ কালছোৱালৈ বিশ্বৰ কেইবাটাও প্ৰতিষ্ঠানে ছিটা উদ্ভাৱনৰ লগতে  যাৱতীয় সম্পৰীক্ষা সম্পন্ন কৰি ছিটা বাণিজ্যিক ভাৱে মুকলি কৰে।

প্ৰায়োগিক পৰীক্ষাৰ অন্তত নব্বৈৰ শতাংশতকৈ অধিক অগ্ৰণী ভেকচিনসমূহ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মডেৰ্ণা, আমেৰিকা আৰু জাৰ্মানীৰ সম্মিলিত প্ৰচেষ্টাৰে বিকশিত ফাইজাৰ, ছুইডেন আৰু ব্ৰিটেইনৰ অস্কফৰ্ড বিশ্ববিদ্যালয়ে বিকাশ কৰা এষ্ট্ৰাজেনেকা, নেডাৰলেণ্ডৰ জনছন এণ্ড জনছন ভেকচিন, আমেৰিকাৰ ন’ভাস্ক অন্যতম। আৰম্ভণিতে আৰু মাজৰ সময়ছোৱাত ভেকচিনৰ সুৰক্ষা ব্যৱস্থাক লৈ কিছু শংকাৰ উদয় হয়। কিয়নো পৰীক্ষণৰ সময়ছোৱাত কিছুসংখ্যক ব্যক্তি অসুস্থ হৈ পৰে বা অইন ৰোগৰ লক্ষণ দেখুৱাবলৈ লয়। পিছলৈ এই শংকা অমূলক বুলি গৃহীত নহ’লেও ভেকচিনসমূহ শেহতীয়া ব্যৱহাৰৰ বাবে সুৰক্ষিত আৰু উপযোগী বুলি চিকিৎসা শাস্ত্ৰৰ বিভিন্ন সংস্থাৰ পৰা স্বীকৃতি লাভ কৰে।

উল্লেখ কৰা ভেকচিনবোৰে যাৱতীয় সম্পৰীক্ষাৰ অন্তত বিশ্বৰ অধিকতম দেশতেই ব্যৱহাৰৰ হ’বলৈ অনুমোদন লাভ কৰিছে। আৰম্ভণিতে আৰু মাজৰ সময়ছোৱাত ভেকচিনৰ সুৰক্ষা ব্যৱস্থাক লৈ কিছু শংকাৰ উদয় হয় যদিও পিছলৈ এই শংকা অমূলক বুলি গৃহীত নহ’লেও ভেকচিনসমূহ শেহতীয়া ব্যৱহাৰৰ বাবে সুৰক্ষিত আৰু উপযোগী বুলি চিকিৎসা শাস্ত্ৰৰ বিভিন্ন সংস্থাৰ পৰা স্বীকৃতি লাভ কৰে।

ভেকচিন জাতীয়তাবাদ :

কৰোনা মহামাৰীয়ে বেয়াকৈ পৰ্য্যুদস্ত কৰা উন্নত দেশবোৰে ভেকচিন বিকাশৰ প্ৰাৰম্ভিক স্তৰতেই এক আচহুৱা নীতি অৱলম্বন কৰে, যিটো আছিল সমগ্ৰ মানৱ জাতিৰ উমৈহতীয়া স্বাৰ্থৰ পৰিপন্থী। ব্ৰিটেইন, জাপান, কানাডা, ইজৰাইল, আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰমূখ্যে ইউৰোপৰ ধনাঢ্য দেশবোৰে ছিটা গৱেষণা আৰু বিকাশৰ প্ৰাৰম্ভিক অৱস্থাতেই অৰ্থাৎ ইয়াৰ প্ৰতিৰোধী ক্ষমতা সম্পূৰ্ণৰূপে প্ৰমাণিত নহওঁতেই ইয়াৰ গৱেষণাৰ কিছু খৰচ বহন কৰাৰ লগতে নিজৰ দেশৰ প্ৰয়োজনীয় সংখ্যাতকৈ কেইবাশ মিলিয়ন অধিক ভেকচিনৰ আগতীয়া অৰ্ডাৰ দিয়ে। তাৰ পৰিণতিত মহামাৰীৰ বিৰুদ্ধে যুঁজত এক স্থিৰতা আহি পৰে।

ভেকচিন জাতীয়কৰণৰ ফলশ্ৰুতিত বিশ্বৰ উন্নয়নশীল আৰু অনুন্নত দেশবোৰে ছিটা লাভ কৰাৰ ক্ষেত্ৰত কিছু প্ৰতিবন্ধকতাৰ উদ্ভৱ হৈছে আৰু ভেকচিন নিৰ্মাতা সংস্থাবোৰে ভেকচিনৰ বৌদ্ধিক স্বত্বৰ (Intellectual right) কৰ্তৃত্ব অধিক কটকটীয়া ৰখাৰ ফলশ্ৰুতিত ইয়াৰ তড়িৎ গতিত উৎপাদন বিশ্বৰ অন্য প্ৰান্তত সম্ভৱপৰ হোৱা নাই। বিশেষজ্ঞৰ মতে এয়া ভেকচিন নিৰ্মাতা প্ৰতিষ্ঠান আৰু তাত বিনিয়োগ কৰা পুঁজিপতিবোৰৰ এয়া এক চতুৰ কৌশল। ধনাঢ্য উন্নত দেশবোৰৰ বজাৰৰ চাহিদা পূৰণ কৰাৰ পিছত ছিটাসমূহ বাণিজ্যিক হাৰত উন্নয়ণশীল ৰাষ্ট্ৰক অধিক দামত বিক্ৰী কৰি লাভ উপাৰ্জন কৰাই এইসকল পুঁজিপতিৰ গোপন অভিসন্ধি।

বিশ্বৰ আটাইতকৈ চহকী ব্যক্তি বিল গেটছৰ শেহতীয়া ভাষ্যতেই এয়া স্পষ্টকৈ প্ৰতীয়মান হৈছে। বিল গেটছৰ মতে ভাৰতৰ দৰে উন্নয়নশীল দেশবোৰৰ সৈতে ছিটা নিৰ্মাণৰ যি কাৰিকৰী তথা প্ৰযুক্তি সেয়া বিনিময় কৰাটো অনুচিত। এইসকল পুঁজিপতি শ্ৰেণীৰ লোকে নিবিচাৰে যে ছিটা উৎপাদনৰ ক্ষেত্ৰত অনুন্নত দেশবোৰ স্বাৱলম্বী হ‌ওঁক। বিল গেটছৰ দৰে পুঁজিপতিয়ে গাবীৰ (GABI)  দৰে সংস্থা গঠন কৰি অনুন্নত দেশবোৰক কিছু ভেকচিন আঁচনিৰ জৰিয়তে দিবলৈ বিচাৰিছে যদিও ভেকচিনৰ ব্যৱসায়ত তেওঁলোকৰেই একাকীত্ব থকাটো বিচাৰে। স্মৰ্তব্য যে বিল গেটছে ভেকচিন নিৰ্মাতা সংস্থা ফাইজাৰত এক বৃহৎ অংকৰ ধন পৰোক্ষভাৱে বিনিয়োগ কৰিছে।

পৃথিৱীত কৰোনা ভাইৰাছৰ অস্তিত্ব আৰু আতংক থকালৈকে এই ভেকচিন নিৰ্মাতাবোৰে আন্তঃৰাষ্ট্ৰীয় বৃহৎ বজাৰখনৰ চাহিদাৰ আপূৰ্তি কৰি লাভ উপাৰ্জন কথাটোৱে অন্যতম লক্ষ্য হিচাপে লৈছে। সদ্যপ্ৰকাশিত এক বাতৰি মতে ফাইজাৰ কোম্পানীয়ে যোৱাটো মাহত ভেকচিনৰ ব্যৱসায়ৰ জৰিয়তে উপাৰ্জন কৰিছে কেইবা নিযুত বিদেশী মূদ্ৰা। ব্যয়সায়ৰ অংকৰ তুলনাত মানৱ জাতিৰ ভৱিষ্যৎ তেওঁলোকৰ চিন্তা-চেতনাৰ আওতাত নপৰা যেন অনুভৱ হয়। ভেকচিন উৎপাদনকাৰী প্ৰতিষ্ঠানবোৰে যদিও কিছু ভেকচিন সুলভ মূল্যত যোগান ধৰিবলৈ সন্মত হৈছে সেয়া মহামাৰীক নাশ কৰিবলৈ বিশ্বজুৰি প্ৰজাতি প্ৰতিৰোধী বলয় (Herd immunity ) গঢ়ি তুলিবলৈ মুঠেই পৰ্যাপ্ত নহয়।

উন্নত দেশবোৰৰ হাতত নিজৰ দেশৰ জনসাধাৰণক সম্পূৰ্ণ ৰূপে ছিটাকৰণ কৰাৰ পিছতো তিনিগুণ বা ততোধিক পৰিমাণে ছিটা মজুতকৰণৰ নীতিয়ে কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজত ব্যৱসায়িক, ৰাজনৈতিক স্বাৰ্থ নিহিত থকাটো একপ্ৰকাৰ প্ৰমাণিত কৰিছে। তাৰ ফলত এই মহামাৰীয়ে অনাগত সময়তো তৃতীয় বিশ্বৰ দেশবোৰক জুৰুলা কৰিব। বিজ্ঞান-প্ৰযুক্তিৰ সৰ্বোত্তম কালত এনে ধৰণৰ ক্ষুদ্ৰ স্বাৰ্থ জড়িত পদক্ষেপ মানৱ জাতিৰ ইতিহাসত এক লজ্জাজনক অধ্যায় হিচাপে চিহ্নিত হৈ ৰ’ব।  ইতিমধ্যেই নিত্যনতুন প্ৰজাতিৰ আৱিস্কাৰ হোৱাৰ ফলত ভেকচিন বিকাশৰ প্ৰক্ৰিয়া আৰু মহামাৰীৰ বিৰুদ্ধে মৰণপণ যুঁজ বেছ কিছু দীঘলীয়া হোৱা সংকেত বহন কৰিছে।

                           ক্রমশঃ

Related News