NORTHEAST NOW (Assamese)

Corona warrior award: নৰ্থ ইষ্ট নাওৰ সাংবাদিক জাহ্নৱী বৰুৱালৈ কৰোনা যোদ্ধা বঁটা, ২০২১

October 24, 2021 4:20 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: October 24, 2021 7:47 pm

বে-চৰকাৰী সংস্থা সাহসীয়ে প্ৰত্যেক বছৰৰ দৰে এইবাৰো প্ৰদান কৰে সাহসী তথা কৰোনা যোদ্ধা বঁটা ২০২০১।

এই কৰোনা যোদ্ধা বঁটা লাভ কৰিবলৈ সক্ষম হয় নৰ্থ ইষ্ট নাওত কৰ্মৰত সাংবাদিক জাহ্নৱী বৰুৱাই।

অসম সাহিত্য সভাৰ উপ- সভানেত্ৰী মৃণালিনী দেৱীয়ে বঁটা প্ৰদান কৰে জাহ্নৱীক।

বঁটাৰ সৈতে চেলেং, ট্ৰফী, স্মাৰক , অসমৰ প্ৰতীক চিহ্ন গঁড়ৰ লগতে বড়ো জনগোষ্ঠীৰ আৰনাইৰে সম্বৰ্ধনা জনোৱা হয় জাহ্নৱীক।

জাহ্নবীৰ লগতে ২০২১ বৰ্ষৰ সাহসী-কৰোনা যোদ্ধা বঁটা লাভ কৰিবলৈ সক্ষম হয় ক্ৰমে সাংবাদিক নিপা কাকতি, ৰঞ্জিতা ৰাভা, অনিমেশ নাথ, মিন্টু হাজৰিকা, বিতোপন বৰা, মিতালী কোঁৱৰ, কৃষ্ণ ভূঞা, চন্দন কলিতা, পূজা দাস, অধিবক্তা অদিপ্তা চৌধুৰী, শিক্ষক বদন গগৈ, শিক্ষা বিষয়া অৰূপজ্যোতি মহন্ত, প্ৰকৃতিপ্ৰেমী অনুপ মোহন, আৰ টি আই কৰ্মী কৃতী কমল বৰা, আইন ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ বৰা, টাইপাৰ মুখপাত্ৰ গুণকান্ত গগৈয়ে লাভ কৰে।

ইয়াৰোপৰি নৰ্থ ইষ্ট নাওৰ ভিডিও জাৰ্নেলিষ্ট দ্বীপজ্যোতি ৰাজবংশীলৈ বিশেষ সন্মান প্ৰদান কৰে সাহসীৰ সভানেত্ৰী তৃষ্ণা নাথে।

অহা বৰ্ষলৈ দ্বীপজ্যোতি ৰাজবংশীক সাহসী বঁটা, ২০২২ লৈ মনোনীত কৰা হৈছে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ উপ- সভানেত্ৰী মৃণালিনী দেৱী, বিশিষ্ট অভিনেত্ৰী চেতনা দাসকে প্ৰমুখ্য কৰি আৰক্ষী বিষয়া মুকুল শইকীয়া।

Related News