কৰ’নাভাইৰাছ: নলবাৰী জিলা কাৰাগাৰৰ ৪৫ গৰাকী কাৰাবন্দীক মুকলি

Tea estate manager sent to jail for allegedly threatening students' leader in Bokakhat

কৰ’নাভাইৰাছ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি নলবাৰী জিলা কাৰাগাৰ কৰ্তৃপক্ষই বিচাৰাধীন ৪৫ গৰাকী কাৰাবন্দীক দেওবাৰে মুকলি কৰি দিছে।

কৰ’নাভাইৰাছৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ উচ্চতম ন্যায়ালয়ে আগবঢ়োৱা নিৰ্দেশনামৰ্মে এই কাৰাবন্দীসকলক মুকলি কৰি দিয়া হৈছে।

মুকলি কৰা কাৰাবন্দীসকলৰ ভিতৰত দহগৰাকী নলবাৰীৰ, কামৰূপ ৰঙিয়াৰ ১৫ আৰু বাক্সা জিলাৰ ২০ গৰাকী।

নলবাৰী কাৰাগাৰত ১৫৫ গৰাকী কাৰাবন্দী ৰখাৰ ব্যৱস্থা থকাৰ বিপৰীতে ৩৬৯ গৰাকী বিচাৰাধীন আৰু দোষী কয়দীক ৰখা হৈছিল।

একেদিনাই গোলাঘাট জিলা কাৰাগাৰৰ পৰাও তিনিজন কয়দীক মুকলি কৰি দিয়া হৈছে।

গোলাঘাটৰ জেল কৰ্তৃপক্ষই শনিবাৰে ১৬ জন আৰু দেওবাৰে তিনিজনক মুকলি কৰি দিয়ে। এইসকলৰ ভিতৰত এগৰাকী মহিলাও আছে বুলি জানিব পৰা গৈছে।

একেদৰে শনিবাৰে তেজপুৰ জিলা কাৰাগাৰৰ পৰা ৪১ গৰাকী কাৰাবন্দীক মুকলি কৰি দিয়া হৈছে।

এই সংক্ৰান্তত উচ্চতম ন্যায়ালয়ে ০১/২০২০ নম্বৰৰ  লেখ আবেদনৰ ভিত্তিত এক নিৰ্দেশনা জাৰি কৰিছিল।

যোৱা ২৩ মাৰ্চত জাৰি কৰা উক্ত নিৰ্দেশনা অনুসৰি দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত সাত বছৰতকৈ কম শাস্তি থকা অপৰাধত কাৰাবন্দী হৈ থকা অপৰাধী আৰু বিচাৰাধীন বন্দীসকলক পেৰলত মুক্তি দিয়াৰ নিৰ্দেশ দিছিল।

কাৰাগাৰ কৰ্তৃপক্ষসমূহে জেলৰ ভিতৰত কৰ’নাভাইৰাছক লৈ সজাগতাৰ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে।

গোলাঘাট জিলা কাৰাগাৰৰ অধীক্ষকে জনোৱা মতে কৰ’নাভাইৰাছ ৰোধৰ বাবে নতুন কাৰাবন্দীসকলক আছুতীয়াকৈ ৰখা হৈছে।

তদুপৰি কাৰাবন্দীসকলৰ স্বাস্থ্য চিকিৎসকৰদ্বাৰা সঘনাই পৰীক্ষা কৰি থকা হৈছে বুলিও তেওঁ জানিবলৈ দিছে।