কৰ’নাভাইৰাছৰ বিৰুদ্ধে জনসজাগতা আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাই বোকাখাতত আন ৰোগ নোহোৱা কৰাতো সহায় কৰিছে।
বোকাখাত অসামৰিক চিকিৎসালয়ৰ মহকুমা স্বাস্থ্য বিষয়া ডা৹ মিলন লস্কৰে এই কথা প্ৰকাশ কৰিছে।
ফাগুনৰ শেষৰ ফালে বসন্তৰ আগমনৰ লগে লগে ব্ৰহ্মপুত্ৰ উপত্যকাত বসন্ত, গ্ৰহণী ,টাইফয়ড, মেলেৰিয়া, শ্বাস-প্ৰশ্বাসজনিত ৰোগ, ছালৰ ৰোগ আদিৰ আবিৰ্ভাৱ হোৱা দেখা যায়৷
মানুহৰ অসাৱধানতা, অপৰিস্কাৰ পৰিৱেশ আদিৰ বাবেই এই সময়চোৱাত এনেবোৰ ৰোগত ৰাজ্যখনত বহু মানুহ আক্ৰান্ত হয়৷
কিন্তু লকডাউনৰ সময়চোৱাত যোৱা ১৪টা দিনত এই ৰোগসমূহত আক্ৰান্ত ৰোগীৰ সংখ্যা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে৷
স্বাস্থ্য বিষয়া ডা৹ মিলন লস্কৰৰ মতে বিগত ৮ মাৰ্চৰ পৰা ২৩ মাৰ্চলৈকে ১৪ টা দিনত বোকাখাত অসামৰিক চিকিৎসালয়লৈ অহা ৰোগীৰ সংখ্যা আছিল ৩৫১৭ গৰাকী৷
বিপৰীতে ২৪ মাৰ্চত লকডাউনৰ ঘোষণাৰ পাচৰে পৰা ৮ এপ্ৰিললৈকে হোৱা এই ১৬ দিনত চিকিৎসালয় খনলৈ ১৫৩৫ গৰাকী ৰোগীহে আহে৷
অৰ্থাৎ লকডাউনৰ পূৰ্বৰ ১৪ দিনতকৈ লকডাউনৰ পিচৰ ১৬ দিনত চিকিৎসালয়খনলৈ অহা ৰোগীৰ সংখ্যা ১৯৮২ গৰাকী হ্ৰাস পায়৷
লকডাউনৰ সময়ত ঘৰতে আবদ্ধ থকাৰ লগতে যানবাহনৰ চলাচল নিয়ন্ত্ৰণ হোৱাত প্ৰদূষণ হ্ৰাস পোৱাৰ উপৰিও মাস্ক, চেনিটাইজাৰ আদিৰ ব্যৱহাৰ কৰা বা সঘনাই হাত ধোৱাৰ বাবেও বসন্ত কালত হ’ব লগীয়া বহু ৰোগৰ পৰাও মানুহ ৰক্ষা পৰিছে বুলি ডা৹ মিলন লস্কৰে জনায়।