NORTHEAST NOW (Assamese)

ভাৰতত প্ৰায় ৮০ লাখ স্পৰ্শ ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা

October 28, 2020 11:01 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতত মুঠ ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যাই প্ৰায় ৮০ লাখৰ ঘৰ স্পৰ্শ কৰিছে।

বিগত ২৪ ঘণ্টাত ভাৰতত মুঠ ক’ৰ’না সংক্ৰমিত লোকৰ সংখ্যা ৭৯,৯০,৩২২ গৰাকীলৈ বৃদ্ধি পায়।

ভাৰতত বিগত ২৪ ঘণ্টাত নতুনকৈ ৪৩,৮৯৩ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হয়। ২৬ অক্টোৱৰত বিগত তিনিমাহৰ ভিতৰত কম সংখ্যক লোক ভাৰতত ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল।

আনহাতে, ভাৰতত বৰ্তমানলৈ ১,২০,০১০ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু ঘটিছে।

দেশত ক’ৰ’না আক্ৰান্ত হোৱা মুঠ লোকৰ ভিতৰত ৭২,৫৯,৫০৯ গৰাকী লোকে চিকিৎসাৰ অন্তত ক’ৰ’নাৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰিছে।

বৰ্তমান ভাৰতত ৬,১০,৮০৩ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

ৰাজধানী দিল্লীত ক’ৰ’নাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পাছত পুনৰ সংক্ৰমণ বৃদ্ধি হ’বলৈ ধৰা ঘটনাই কিছু পৰিমাণে স্বাস্থ্য বিভাগক চিন্তিত কৰি ৰাখিছে।

Related News