ক’ৰ’নাৰ সংহাৰ : ভাৰতত অষ্টমজন লোকৰ মৃত্যু

02_coronavirusbody_1197870977-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ ফলত ভাৰতত আজি আৰু এগৰাকী লোকৰ চিকিৎসা চলি থকাৰ সময়তে মৃত্যু হয়। এই ঘটনাটো পশ্চিমবংগৰ কলকাতাত সংঘটিত হৈছে।

ক’ৰ’নাৰ ফলত ভাৰতত এয়া অষ্টমটো আৰু পশ্চিমবংগত প্ৰথমটো মৃত্যুৰ ঘটনা।

জানিব পৰা মতে অলপতে ৫৫ বছৰীয়া লোকজন নিজ পৰিয়ালসহ ইটালিৰ পৰা ভাৰতলৈ ঘূৰি আহিছিল।

উল্লেখ্য যে দেওবাৰৰ দিনটোত ভাৰতত ক’ৰ’নাত আক্ৰান্ত তিনিজন লোকৰ মৃত্যু হৈছিল।

ইফালে দেশত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা। এই পৰ্যন্ত দেশত ৪৬৮ গৰাকী লোকৰ দেহত এই মহামাৰী ভাইৰাছ বিধৰ অৱস্থিতি ধৰা পৰিছে।

বিগত ২৪ ঘণ্টাত ৫০ৰো অধিক লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে জনাইছে।

আনহাতে বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি অসম, দিল্লী, ৰাজস্থান, বিহাৰ, পঞ্জাৱ, উত্তৰাখণ্ড, চত্তিশগড়, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, নাগালেণ্ড, অৰুণাচল প্ৰদেশত লকডাউন ঘোষণা কৰিছে।