ক’ৰ’না আতংক; গোলাঘাটত ব্যাহত অত্যাৱশ্যকীয় সেৱা

Coronavirus-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যৰ ভিতৰতে সৰ্বাধিক আঠগৰাকীকৈ ক’ৰ’নাত আক্ৰান্ত ৰোগী চিনাক্ত হোৱাৰ পিছত গোলাঘাট নগৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহত এক চেপা আতংকই বিৰাজ কৰিছে।

যোৱা ১ এপ্ৰিলত ক’ৰ’নাত আক্ৰান্ত ৰোগীকেইজনৰ তথ্য পোহৰলৈ অহাৰ পিছতে জিলা প্ৰশাসনে ল’কডাউনৰ সময়ত শাক-পাচলি যোগানৰ যি ব্যৱস্থা কৰিছিল সেইয়া তাৎক্ষণিকভাৱে বন্ধ কৰি দিয়ে।

ইয়াৰ সমান্তৰালভাৱে প্ৰশাসনৰ কোনো প্ৰতিবন্ধকতা নথকাৰ পিছতো বৃহস্পতিবাৰৰ পৰা গেছ যোগান ধৰা ব্যৱস্থা প্ৰায় বন্ধ হৈ পৰিছে। এইক্ষেত্ৰত নগৰৰ শৰ্মা গেছ এজেঞ্চি কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত ক’ৰ’না সংক্ৰমণৰ ভয়ত এজেঞ্চিৰ কোনো কৰ্মচাৰী কামলৈ অহা নাই বুলি জনায়। গ্ৰাহকসকলক নিজেই গেছ সংগ্ৰহ কৰিবলৈ কৰ্তৃপক্ষই আহ্বান জনাইছে।

একেদৰে খাদ্য সামগ্ৰীৰ বাবে ল’কডাউনৰ বিগত দিনকেইটাত খোলা ৰখা বহু দোকান বুধবাৰ পৰা অচল হৈ পৰিছে। উক্ত দোকানসমূহতো দুটা দিনত কৰ্মচাৰীৰ অভাৱৰ বাবে গ্ৰাহকক সামগ্ৰী দিয়া প্ৰায় বন্ধ কৰিব লগা হৈছে।

অনুৰূপ প্ৰভাৱ পৰিছে চাফাই কৰ্মীসকলৰ মাজতো। ক’ৰ’না মহামাৰী আহি গোলাঘাট পোৱাৰ পিছত এতিয়া চাফাই কৰ্মীসকলো জীৱনৰ নিৰাপত্তাহীনতাত ভুগিছে। বিগত দুটা দিনত নগৰৰ ৰাজপথ প্ৰায় জনশূন্য হৈ পৰিছে।

ল’কডাউনৰ সময়তো প্ৰথম অৱস্থাত নগৰৰ ৰাজপথলৈ অথবা পাৰ্শ্বৱৰ্তী এলেকাৰ বাটে-পথে যি দুই-এক ব্যক্তি আহ-যাহ কৰিছিল ক’ৰ’না আক্ৰান্ত ব্যক্তি ওলোৱাৰ পাছত এতিয়া স্বতঃস্ফূৰ্তভাবে সকলো গৃহবন্দী হৈ পৰা দেখিবলৈ পোৱা গৈছে।