NORTHEAST NOW (Assamese)

পুৰুষৰ বীৰ্যতো পোৱা গৈছে কৰ’না ভাইৰাছ; কিমান সুৰক্ষিত যৌন মিলন?

May 9, 2020 12:37 pm · এন ই নাও নিউজ
Updated: May 9, 2020 12:38 pm
প্ৰতিনিধিত্বমূলক ফটো

মানুহৰ জৈৱিক বাসনা পূৰণৰ পথতো আশংকাৰ সৃষ্টি কৰিছে কৰ’না ভাইৰাছে। যৌন মিলনৰ ফলতো সংক্ৰমিত হ’ব পাৰেনে কৰ’না ভাইৰাছ?

একাংশ গৱেষকে যৌন মিলনত কৰ’নাৰ সংক্ৰমণৰ আশংকা নথকাৰ দাবী কৰি আহিছিল যদিও চীনৰ এদল গৱেষকে তেওঁলোকৰ সেই দাবী নস্যাৎ কৰিছে।

তেওঁলোকে দাবী কৰা মতে, কৰ’না আক্ৰান্ত পুৰুষৰ বীৰ্যতো পোৱা গৈছে কোভিড-১৯ৰ বীজাণুৰ উপস্থিতি।

সেয়া আকৌ সুস্থ হৈ উঠাৰ পাছতো কিছুদিন ধৰি স্থায়ী হৈ ৰৈছে।

স্বাভাৱিকতে ইয়াৰ পাছত কৰ’না সংক্ৰমণৰ পৰা যৌন মিলন কিমান সুৰক্ষিত তাক লৈ প্ৰশ্ন উঠিছে।

JAMA Network Openত বৃহস্পতিবাৰে ছাংকিউ মিউনিচিপ্যল হাস্পাতলৰ এক প্ৰতিবেদন প্ৰকাশ পায়।

ইয়াত দেখা গৈছে যে হাস্পাতলখনত চিকিৎসাধীন ৩৮জন পুৰুষৰ ভিতৰত ছয়জনৰ বীৰ্যত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

উক্ত ছয়জন ৰোগীৰ ভিতৰত চাৰিজনৰ অৱস্থা সংকটজনক আৰু বাকী দুজন সুস্থ হৈ উঠিছে।

ইপিনে, বীৰ্যত কিমান দিনলৈকে এই ভাইৰাছ থাকিব পাৰে সেই বিষয়ে চিকিৎসকসকলে কোনো স্পষ্ট মত দাঙি ধৰিব পৰা নাই।

তদুপৰি, দৈহিক মিলনৰ সময়ত তেওঁৰ পৰা সংগীৰ দেহলৈ কৰ’না সংক্ৰমিত হ’ব পাৰেনে নাই সেই সম্পৰ্কতো কোনো কথা স্পষ্ট কৰিব পৰা নাই।

গৱেষকৰ মতে এই সম্পৰ্কত নিশ্চিত হ’বলৈ আৰু পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন আছে।

সাধাৰণতে, কৰ’না আক্ৰান্তৰ থুতুৰি, কফ, চৰ্দি আদিৰ পৰা এই ভাইৰাছ আনলৈ সংক্ৰমিত হ’ব পাৰে বুলি জনা যায়।

নতুন গৱেষণাৰ তথ্য অনুসৰি, চকুপানী, তেজৰ লগতে আন ১৯ ধৰণৰ দেহৰ পদাৰ্থৰ পৰাও সংক্ৰমণ ঘটিব পাৰে।

আনহাতে, সমগোত্ৰীয় জিকা, ইবোলা ভাইৰাছ যৌন মিলনৰ পৰা বিয়পিব পাৰে বুলি জনা যায়।

আমেৰিকাৰ স্বাস্থ্য সংস্থাৰ চিকিৎসক ডাঃ ছেচগেলে কৰ’না আক্ৰান্ত পুৰুষে ১৪দিনলৈ যৌন মিলনত প্ৰবৃত্ত নোহোৱাটোৱে শ্ৰেয় বুলি মন্তব্য কৰিছে।

কিন্তু স্বাভাৱিকতে মনত উদয় হোৱা প্ৰশ্নটো হৈছে যদিহে পুৰুষজন লক্ষণ নেদেখুওৱাকৈ আক্ৰান্ত হৈ থাকে তেন্তে যৌন মিলন সুৰক্ষিত হ’বনে?

কৰ’না ভাইৰাছৰ এই মাৰাত্মক সংক্ৰমণৰ সময়ত বিষয়টোকলৈ আশংকা এতিয়াও আঁতৰা নাই।

Related News