NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছ : দুমাহৰ বাবে ১২০০ কয়দীক মুকলি কৰি দিব গুজৰাটে

March 30, 2020 12:22 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাৰাগাৰ সমূহত কয়দীৰ ভিৰ লাঘৱ কৰিবলৈ গুজৰাট চৰকাৰে ৰাজ্যখনৰ ১২০০ গৰাকী কাৰাবন্দীক দুমাহৰ বাবে পেৰোল আৰু অন্তৰ্ৱৰ্তীকালিন জামিনত মুকলি কৰি দিব।

কোনবিলাক কয়দীক দুমাহৰ বাবে মুকলি কৰি দিব পৰা যায় তাৰ এখন তালিকা প্ৰস্তুত কৰিবলৈ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী বিজয় ৰুপানীয়ে গৃহ বিভাগক নিৰ্দেশ দিছে। এগৰাকী চৰকাৰী বিষয়াই জানিবলৈ দিয়ে।

বিষয়া গৰাকীয়ে কয়, ‘স্থানীয় আদালতৰ দ্বাৰা তেওঁলোকক দুমাহৰ বাবে পৰোল আৰু অন্তৰ্ৱৰ্তীকালিন দিয়া হ’ব। মুকলি কৰি দিয়াৰ পূৰ্বে তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব আৰু কেৱল সুস্থসকলকহে ঘৰলৈ যাবলৈ দিয়া হ’ব।

ইতিমধ্যে কয়দীসকলৰ স্বাস্থ্য পৰীক্ষা আৰম্ভ কৰা হৈছে বুলি জানিবলৈ দি বিষয়া গৰাকীয়ে লগতে কয় যে যিসকল কয়দী জ্বৰ, চৰ্দি, কাহ আদিত ভুগি আছে তেওঁলোকক আইছ’লেট কৰি ৰখা হৈছে।

উল্লেখযোগ্য যে গুজৰাটত এই পৰ্যন্ত ৫৮ গৰাকী ব্যক্তি ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰে ৫জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে।

Related News