NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছৰ আতংক; এইবাৰ অনুষ্ঠিত নহয় মা কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা

April 23, 2020 7:29 am · এন ই নাও নিউজ
Updated: April 23, 2020 5:51 pm

সমগ্ৰ পৃথিৱীৰ লগতে ভাৰততো ক’ৰ’না ভাইৰাছে নৰ সংহাৰীৰূপ ধাৰণ কৰিছে।

দেশত ক’ৰ’না প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা ল’কডাউন অব্যাহত আছে।

তেনে এক সময়তে মা কামাখ্যা দেৱালয়ে এই বৰ্ষৰ অম্বুবাচী মেলা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

উল্লেখ্যে যে, অম্বুবাচী মেলা হৈছে হিন্দু ধৰ্মাৱলম্বীৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ বৃহৎ ধৰ্মীয় সমাৱেশ যিখন গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত প্ৰাক্-ঐতিহাসিক মা কামাখ্যা মেলাত প্ৰতি বছৰে আহাৰ মাহৰ ষাঁঠ লগাৰ সময়ত অৰ্থাৎ পৃথিৱী ঋতুমতী হোৱাৰ সময়ত অনুষ্ঠিত কৰা হয়।

দেশজুৰী অব্যাহত থকাৰ ল’কডাউনৰ সময়তে বুধবাৰে মা কামাখ্যা দেৱালয়ৰ দলৈসকলৰ মাজত অনুষ্ঠিত সভাত এইবাৰ অম্বুবাচী মেলা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৱশ্যে ধৰ্মীয় ৰীতি-নীতিৰে পূজা কাৰ্য সমাপন কৰা হ’ব।

এই সন্দৰ্ভত মা কামাখ্যাৰ পৰিচালনা সমিতিয়ে এক জাননীত কয় যে ‘ক’ৰ’না ভাইৰাছৰ বাবে সৃষ্টি হোৱা বৰ্তমানৰ দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ অম্বুবাচী মেলাত দেৱালয়ৰ অকল ধৰ্মীয় ৰীতি-নীতিসমুহে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।’

জাননীত পৰিচালনা সমিতিয়ে অম্বুবাচী মেলাত অংশগ্ৰহণ কৰিবলৈ অহা লোকক ঘৰ ভাড়া দিয়া ভাড়াঘৰৰ মালিকক ঘৰ ভাড়া নিদিবলৈও আহ্বান জনাইছে।

প্ৰতি বছৰে আহাৰ ষাঁঠত অনুষ্ঠিত কামাখ্যাৰ অম্বুবাচী মেলাত লক্ষাধিক ভক্ত আৰু সাধুৰ সমবেত হয়।

Related News