NORTHEAST NOW (Assamese)

দেশত কৰ’না ভাইৰাছত আক্ৰান্ত ১৫১লৈ বৃদ্ধি; সৰ্বাধিক মহাৰাষ্ট্ৰত, তাৰ পিছতে কেৰালা

March 18, 2020 9:01 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

স্বাস্থ্য মন্ত্ৰ্যালয়ে বুধবাৰে সদৰী কৰা মতে ভাৰতত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৫১ গৰাকীলৈ বৃদ্ধি পাইছে।

দেশত চিনাক্ত হোৱা কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগীৰ ভিতৰত ২৫গৰাকী বিদেশী নাগৰিক।

তাৰোপৰি, বিদেশত কৰ’নাভাইৰাছত আক্ৰান্তৰ হোৱা ভাৰতীয়ৰ সংখ্যা হৈছেগৈ ২৭৬গৰাকী।

লোক সভাত চৰকাৰে সদৰী কৰা তথ্য মতে ইয়াৰে ২৫৫ গৰাকী ইৰানত, ১২ গৰাকী ইউ এ ইত আৰু পাঁচগৰাকী ইটালিত আক্ৰান্ত হৈছে।

ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ বেছি কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগী আছে মহাৰাষ্ট্ৰত। এতিয়ালৈকে ৰাজ্যখনত ৪২ গৰাকী লোক আক্ৰান্ত হৈছে।

দেশত কৰ’নাভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা এজন ৰোগী মহাৰাষ্ট্ৰৰ।

মহাৰাষ্ট্ৰৰ পিছতে আটাইতকৈ অধিক কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগী ওলাইছে কেৰালাত। এতিয়ালৈকে ৰাজ্যখনত ২৭টা নিশ্চিত কৰ’নাভাইৰাছ আক্ৰান্তৰ খবৰ আহিছে।

কেৰালাত আক্ৰান্তসকলৰ ভিতৰত দুজন বিদেশী নাগৰিকো আছে।

অসমত বৰ্তমানলৈকে কোনো লোক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।

কৰ’নাভাইৰাছত এতিয়ালৈকে বিশ্বজুৰি দুই লাখতকৈ অধিক লোক আক্ৰান্ত হৈছে। আঠ হাজাৰতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে।

চীনত ৮২,০০০, ইটালিত ২৭,৯৮০ আৰু ইৰানত ১৬,১৬৯ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে।

Related News