NORTHEAST NOW (Assamese)

ক’ৰ’না প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰলৈ বিশ্বজিৎ দৈমাৰীৰ ১ লাখ টকাৰ বৰঙণি

April 10, 2020 5:14 pm · কল্পজ্যোতি শইকীয়া
Updated: April 10, 2020 5:52 pm

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰলৈ সহযোগিতা আগবঢ়াই ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে অসম আৰোগ্য নিধিলৈ ১ লাখ টকাৰ বৰঙণি আগবঢ়ায়।

এই উদ্দেশ্যে আজি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত বিপিএফৰ সাংসদজনে ১ লাখ টকাৰ এখন চেক অৰ্পন কৰে।

ক’ৰ’না’ৰ বিৰুদ্ধে চলাই থকা যুঁজখনত চৰকাৰৰ প্ৰতি সঁহাৰি জনাই সাংসদ গৰাকীয়ে আগবঢ়োৱা এই বৰঙণিৰ বাবে সাংসদ গৰাকীক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে ধন্যবাদ জনায়।

উল্লেখযোগ্য যে, অসম আৰোগ্য নিধিত কালিলৈকে অসমৰ ৩১ হাজাৰ ৩৭৭ গৰাকী ব্যক্তিয়ে মুঠ ৭০.৯৬ কোটি টকা বৰঙনি আগবঢ়াইছে।

Related News