ক’ৰ’না ভাইৰাছ : চেনিটাইজ কৰা হয় শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰ

শিৱসাগৰ পৌৰসভাই আজি ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চহৰৰ কেন্দ্ৰীয় বজাৰ সম্পূৰ্ণ চেনিটাইজ কৰে।

পৌৰসভাৰ চফাইকৰ্মীৰ সহায়ত কেন্দ্ৰীয় বজাৰৰ ভিতৰত থকা জাবৰ জোথৰ সমূহ বাহিৰ কৰি বজাৰৰ ভিতৰচোৱাত অগ্নি নিৰ্বাপক গাড়ীৰ জৰিয়তে পানীৰ লগত ডেটল, ফেনাইল চটিয়াই চেনিটাইজ কৰা হয়।

শিৱসাগৰ পৌৰসভাৰ অধীনৰ স্বচ্চ ভাৰত মিছন (নগৰ) আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে কৰা এই চেনিটাইজিং কাৰ্যৰ তদাৰক কৰে শিৱসাগৰ ৰাজহ চক্ৰ বিষয়া তথা শিৱসাগৰ পৌৰসভাৰ কাৰ্যকৰী বিষয়া মনোৰমা মৰাং আৰু স্বচ্চ ভাৰত মিচনৰ নগৰ প্ৰকল্প বিষয়া মৃদুল কুমাৰ নাথে।

স্বচ্চ ভাৰত মিচনৰ অধীনত শিৱসাগৰ পৌৰসভাই অনাগত দিনতো চহৰখনৰ বিভিন্ন স্থান এইদৰে চেনিটাইজ কৰি যাব বুলি নগৰ প্ৰকল্প বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

ইয়াৰ উপৰি শিৱসাগৰ পৌৰসভাই চহৰৰ সকলো ৱাৰ্ডত মাইক যোগে ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি সেই বিষয়ে ৰাইজৰ মাজত সজাগতা আনিবলৈ প্ৰচাৰ চলায়।