ক’ৰ’না ভাইৰাছ : লকডাউন অমান্য কৰি বিয়াত বহা দৰা-কইনাক গ্ৰেপ্তাৰ

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে অৱলম্বন কৰা লকডাউন অমান্য কৰাৰ অপৰাধত নতুনকৈ বিবাহপাশত আৱদ্ধ হোৱা দম্পতি গ্ৰেপ্তাৰ হোৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।

এই ঘটনা সংঘটিত হৈছে দক্ষিণ আফ্ৰিকাত।

জানিব পৰা মতে দেশখনত লকডাউন চলি থকাৰ সময়তে যোৱা দেওবাৰে কোৱাজুলু-নাটালত বিয়াৰ আয়োজন কৰিছিল।

স্থানীয় আৰক্ষীয়ে এই কথা জানিব পাৰি লগে লগে উক্ত স্থানত অভিযান চলাই দৰা-কইনাসহ ৫০ গৰাকী গেষ্ট, বিয়াৰ আয়োজকক গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায়।

গ্ৰেপ্তাৰৰ সময়ৰ এটা ভিডিঅ‍’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাত বিষয়টোৱে অধিক চৰ্চা লাভ কৰিছে। ভিডিঅ‍‘টোত নতুনকৈ ববাহপাশত আৱদ্ধ হোৱা লোকজনে নিজৰ পত্নীক আৰক্ষীৰ গাড়ীত উঠাই দিয়া পৰিলক্ষিত হয়।

জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা দলটোক সোমবাৰে আদালতত হাজিৰ কৰোৱা হৈছিল।

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাত এই পৰ্যন্ত ১,৬৫৫ ৰো অধিক লোক ক‍’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১১ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই দেশখনত লকডাউন দিছে।