মাৰাত্মক ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে আগবাঢ়ি আহিছে বলিউদ। কেন্দ্ৰীয় চৰকাৰক সহায়ৰ বাবে এইবাৰ আগবাঢ়ি আহিছে টি-ছিৰিজৰ মুৰব্বী ভূষণ কুমাৰ।
ভূষণ কুমাৰে আজি এক ঘোষণাৰ জৰিয়তে প্ৰধান মন্ত্ৰী Citizen Assistance and Relief in Emergency Situations Fund-লৈ ১১ কোটি টকা আৰু মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি টকা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে।
আজি এক টুইটযোগে এই কথা ঘোষণা কৰে ভূষণ কুমাৰে।
উল্লেখ্য যে ভূষণ কুমাৰৰ উপৰি বলিউদ তথা দক্ষিণৰ কেইবাগৰাকীও তাৰকাই প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ আৰ্থিক বৰঙণি আগবঢ়াইছে।
বলিউদৰ ছুপাৰষ্টাৰ অক্ষয় কুমাৰে ক’ৰ’না প্ৰতিৰোধৰ বাবে প্ৰধান মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ২৫ কোটি টকা আৰু বৰুণ ধাৱানে আগবঢ়াইছে ৩০ লাখ টকা।
তদুপৰি ‘বাহুবলী’ ছবিৰ জৰিয়তে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰা প্ৰভাসে আগবঢ়াইছে ৪ কোটি টকাৰ সাহায্য।
প্ৰভাসে প্ৰধান মন্ত্ৰী সাহায্য পুঁজিলৈ ৩ কোটি টকা আৰু অন্ধ্ৰ প্ৰদেশ আৰু তেলংগানা ৰাজ্য চৰকাৰৰ দুয়োজন মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ ক্ৰমে ৫০ লাখকৈ ধন আগবঢ়াইছে।
ইয়াৰ পূৰ্বে দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণ ৰামচৰণে ২ কোটি, প্ৰভাসৰ পিতৃ চিৰঞ্জীৱীয়ে ১ কোটি আৰু অন্য এজন ছুপাৰষ্টাৰ মহেশ বাবুৱেও দেশৰ সংকটৰ সময়ত চৰকাৰলৈ আৰ্থিক বৰঙণি আগবঢ়াইছে।