NORTHEAST NOW (Assamese)

কৰ’নাভাইৰাছ: শ্ৰমিকলৈ ১০০০ টকাৰ মাহিলী ভাত্তা উত্তৰ প্ৰদেশ চৰকাৰৰ, অসমত কেতিয়াকৈ?

March 21, 2020 2:57 pm · এন ই নাও নিউজ
Updated: March 21, 2020 2:58 pm
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

উত্তৰ প্ৰদেশ চৰকাৰে কৰ’নাভাইৰাছে অনা ক্ষতি পূৰণৰ বাবে ৰাজ্যখনৰ ২০.৩৭ লাখ শ্ৰমিকলৈ ১০০০ টকাৰ ভৰণ-পোষণ ভাত্তা ঘোষণা কৰিছে।

মুখ্য মন্ত্ৰী যোগী আদিত্যনাথে ঘোষণা কৰা মতে, শ্ৰম বিভাগত পঞ্জীভুক্ত এই শ্ৰমিকসকলক মাহে এই ভাত্তা প্ৰদান কৰা হ’ব।

ৰাজ্যখনত এতিয়ালৈকে ২৩ গৰাকী কৰ’নাভাইৰাছ আক্ৰান্তক চিনাক্ত কৰা হৈছে। তাৰ ভিতৰত ন গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

অসমত এতিয়ালৈকে কৰ’নাভাইৰাছত আক্ৰান্ত কোনো লোক চিনাক্ত হোৱা নাই। কিন্তু কৰ’নাভাইৰাছৰ আতংকৰ ফলত জনজীৱন ব্যাহত হৈ পৰিছে।

ৰাজধানী গুৱাহাটী মহানগৰীটো পথ, বাছ, বজাৰ-সমাৰত মানুহৰ ভিৰ কমি যোৱা পৰিলক্ষিত হৈছে।

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাৱধানতামূলক পদক্ষেপ হিচাপে অসমৰ সকলো শিক্ষানুষ্ঠানকে ধৰি পৰ্য্যটন স্থলীৰ পৰা পাৰ্ক আদিলৈকে বন্ধ ঘোষণা কৰা হৈছে।

আধাসংখ্যক চৰকাৰী কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছৰ বিৰুদ্ধে সজাগতাৰ অংশৰূপে ২২ মাৰ্চত দেশজুৰি দিনজোৰা জনতাৰ কাৰ্ফিউ আহ্বান কৰিছে।

কৰ’নাভাইৰাছে সৃষ্টি কৰা পৰিৱেশৰ ফলত আৰ্থিকভাৱে আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে দিন হাজিৰা কৰা লোকসকল।

গুৱাহাটীত কৰ’নাভাইৰাছৰ বিৰুদ্ধে সতৰ্কতামূলক ব্যৱস্থাৰূপে পদপথৰ ব্যৱসায়সমূহ বন্ধ কৰা হৈছে।

পথ-ব্যৱসায়ী সংস্থা, অসমে প্ৰশাসনৰ ওচৰত চৰ্তসাপেক্ষে তেওঁলোকৰ ব্যৱসায় বন্ধ ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তেওঁলোকে কৈছে মাৰাত্মক ক’ৰ’না ভাইৰাছ সংক্ৰমন ৰোধত তেওঁলোকে প্ৰশাসনক সহযোগ কৰিবলৈ প্ৰস্তুত, কিন্তু অনিৰ্দিষ্ট কাললৈ ব্যৱসায় বন্ধ ৰাখিব লগা হ’লে তেওঁলোকৰ পৰিয়ালে পেটত গামোচা বান্ধিবলৈ বাধ্য হ’ব।

পথ-ব্যৱসায়ী সংস্থাই দৈনিক ন্যূনতম ৫০০ টকাকৈ ভাত্তা দিয়াৰ দাবী উত্থাপন কৰিছে।

এনে পৰিস্থিতিত উত্তৰ প্ৰদেশ চৰকাৰে লোৱাৰ দৰে পদক্ষেপ অসম চৰকাৰেও গ্ৰহণ কৰিবনে?

Related News