NORTHEAST NOW (Assamese)

ল’কডাউনত চৰকাৰে প্ৰদান কৰা ধন আত্মসাৎ কৰাৰ অভিযোগ গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে; থানাত এজাহাৰ দাখিল

April 9, 2020 12:24 pm · উত্তম শইকীয়া
Updated: April 9, 2020 4:40 pm
হিতাধিকাৰী আৰু গাঁও পঞ্চায়তৰ সভাপতি দুগৰাকী

কৃষি মন্ত্ৰী স্বয়ং অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ ম’হ মাইকী গাঁও পঞ্চায়তত ৰেচন কাৰ্ড নথকা লোকৰ বাবে অহা ধন আত্মসাৎ কৰাৰ অভিযোগ উঠিছে গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে ৷

ল’কডাউনৰ ফলত গৃহবন্দী হৈ থকা জনসাধাৰণক ৰেচন কাৰ্ডৰ যোগেদি বিনামূলীয়া চাউল যোগান ধৰিছে অসম চৰকাৰে ৷

আনহাতে, ৰেচন কাৰ্ড নথকা জনসাধাৰণৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগৰ আঁচনিৰ অধীনত এক হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে গাঁও পঞ্চায়তৰ জৰিয়তে ৷

এই এহেজাৰ টকা বিতৰণৰ নামত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে ম’হমাইকী গাঁও পঞ্চায়তৰ সভাপতি সুৰেন্দ্ৰ নাথ গগৈৰ বিৰুদ্ধে ৷

পঞ্চায়তখনৰ ৬ নং ৱাৰ্ডৰ পঞ্চায়ত সদস্যাৰ  বাসগৃহত বিতু শইকীয়া নামৰ এজন লোকক ধন দিম বুলি মাতি আনি স্বয়ং সভাপতি গৰাকীয়ে টিপ চহী লৈ আৰু এক হেজাৰ টকা দেখুৱাই ফটো উঠাই বিতু শইকীয়াক পঠিয়াই দিয়ে ৷

চৰকাৰী সাহায্যৰ ধন গ্ৰহণ কৰাৰ ফটো তোলাৰ পাছতো হিতাধিগৰাকীক নিজৰ প্ৰাপ্য ধন আদায় নিদিয়াত সেই ধন সভাপতি গৰাকীয়ে আত্মসাৎ কৰাৰ অভিযোগ তুলি এতিয়া বিতু শইকীয়াই বোকাখাত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে ৷

ম’হমাইকী গাঁও পঞ্চায়ততে কৃষি মন্ত্ৰী অতুল বৰাৰ বাসগৃহ ৷ ল’কডাউনৰ বাবে গৃহবন্দী হৈ থকা জনসাধাৰণক সকাহ দিবৰ বাবে চৰকাৰে ৰেচন কাৰ্ড নথকা লোকৰ বাবে দিয়া ধন গাঁও পঞ্চায়তৰ সভাপতিয়ে আত্মসাৎ কৰাৰ ঘটনাই ইতিমধ্যেই সমগ্ৰ বোকাখাতত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

Related News