নগাঁও পৌৰসভাত পথ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ

প্ৰাক্তন মহলা আয়ুক্তৰ বিৰুদ্ধে আদালতত গোচৰ

a IMG_20201128_193245

নগাঁও পৌৰসভাৰ অন্তৰ্গত ২৬ নং মহলাত বিভিন্ন চৰকাৰী আঁচনী ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি অনিয়ম হোৱাৰ অভিযোগ উঠিছে। প্ৰাপ্ত অভিযোগ মতে নগাঁও পৌৰসভাৰ ৫ বছৰীয়া কাৰ্যকাল ইতিমধ্যে ইতিমধ্যে সামৰণি পৰিছে যদিও বিগত সময়চোৱাত একাধিক আঁচনি ৰূপায়ণত ব্যাপক খেলিমেলি সংঘটিত হোৱাটো  আৰ টি আইৰ তথ্যৰ জৰিয়তে পোহৰলৈ আনিছে আৰ টি আই কৰ্মী কফিল উদ্দিন আহমেদে।

উল্লেখ্য যে, আহমেদে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ২০১৫ চনৰ পৰা ২০১৮-১৯ চনৰ ভিতৰত পৌৰসভাৰ ২৬ নং মহলাত ৰূপায়ন কৰা আঁচনিৰ তথ্য বিচাৰি এক আবেদন কৰিছিল। পৌৰসভা কৰ্তৃপক্ষই নিৰ্দ্দিষ্ট সময়ত তথ্য প্ৰদান নকৰাত কফিল উদ্দিন আহমেদে ৰাজ্যিক তথ্য আয়োগত চুড়ান্ত আপিল আবেদন দাখিল কৰিছিল।

ইয়াতে খৰ্গহস্ত হৈ ২৬ নং মহলাৰ সেই সময়ৰ আয়ুক্ত ৰূপেস বৰ্মনে আৰ টি আই কৰ্মী গৰাকীক বিভিন্ন ধৰনৰ ভয় ভাবুকি প্ৰদান কৰে বুলি তেওঁ অভিযোগ তুলিছে। যাৰ বাবে তেওঁ যোৱা ১২ নবেম্বৰত নগাঁও জিলা ফৌজদাৰী আদালতত ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৭ আৰু ৫০৬ ধাৰাত প্ৰাক্তন মহলা আয়ুক্ত সহ তিনিজনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে।

মন কৰিবলগীয়া যে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্য অনুসৰি বিগত সময়চোৱাত চতুৰ্থ বিত্তীয় আয়োগ অধীনত উক্ত মহলাৰ চকীটুপত দুটাকৈ পকী ড্ৰেইন নিৰ্মানৰ বাবদ ৩ লাখ দুই হাজাৰ কৈ মুঠ ৬ লাখ ৪০ হাজাৰ টকা,এ এছ এফ চি আচঁনিৰ অধীনত খন্দাজানৰ পথ নিৰ্মানৰ নামত ১১ লাখ ৫৫ হাজাৰ ৫৭০ টকা, সাৰদা পল্লী বাইলেন ১ৰ পকী নলা নিৰ্মানৰ বাদত ১৪ লাখ ৭৬ হাজাৰ টকা, সাৰদাপল্লী বাইলেন ২ৰ পকী নলা নিৰ্মানৰ বাবদ ১০ লাখ ৭২ হাজাৰ টকা , সাৰদাপল্লি উপ-পথ নম্বৰ ৩ৰ পকী নলা নিৰ্মানৰ বাবদ ৬ লাখ ৯ হাজাৰ টকা , চন্দনসিং পথৰ উপ পথ নম্বৰ ২ৰ চিচি ব্লকৰ পথ নিৰ্মাণৰ বাবদ ১২ লাখ ৬৯ হাজাৰ টকা, বিবেকানন্দ পথৰ পৰা মছজিদলৈ যোৱা পথৰ কাষৰ পকী নলা নিৰ্মাণৰ বাবদ ১৬ লাখ ৯৩ হাজাৰ টকা আবন্টন দিছিল ।

উল্লেখিত একাংশ আঁচনিৰ কাম সম্পূৰ্ণ নকৰাকৈ প্ৰাক্তন মহলা আয়ুক্ত গৰাকীয়ে ঠিকাদাৰ সৈতে মিলি বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰো অভিযোগ কৰিছে আৰ টি আই কৰ্মী কফিল উদ্দিন আহমেদে।

এই আচঁনি সমূহৰ ওপৰত এক বিভাগীয় তদন্ত কৰিলে জোলোঙাৰ মেকুৰী ওলাই পৰিব বুলি ২৬ নং ৱাৰ্ডৰ বাসিন্দা তথা আৰ টি আই কৰ্মী জনে দাবী কৰিছে।