প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ নামত ধন দাবী: ঘোচ দিব নোৱাৰাৰ বাবে বঞ্চিত হিতাধিকাৰী

Pradhan Mantri Awas Yojana

ৰাজ্য চৰকাৰে ‘দুৰ্নীতিমুক্ত অসম’ৰ শ্ল’গান আওৰাই নিজৰ সফলতাৰ ঢাক-ঢোল কোবাই থকাৰ সময়তে নিতৌ দুৰ্নীতিৰ নানা ঘটনা পোহৰলৈ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা। এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দৰিদ্ৰ লোকক গৃহ দিয়াৰ নামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হৈছে বাঘমৰাৰ জৰাবাৰী গাওঁ পঞ্চায়তত৷

উপায়ুক্তৰ নিৰ্দেশকো বুঢ়া আঙুলি দেখুৱাই দুৰ্নীতিত নামি পৰিছে বাঘমৰা খণ্ড উন্নয়ন বিষয়া। বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত জৰাবাৰী গাওঁ পঞ্চায়তত চৰকাৰী আঁচনিৰ নামত চলিছে কমিছনৰাজ৷

বিচৰা ধন দিব নোৱাৰাৰ বাবেই প্ৰধানমন্ত্ৰী আৱাস গৃহৰ পৰা বঞ্চিত হৈ ৰৈছে প্ৰকৃত হিতাধিকাৰী৷ মূলত: ৱাৰ্ড মেম্বাৰ আৰু পঞ্চায়ত সভাপতিৰ মইমতালিতে অঞ্চলটোত এতিয়া চলিছে পঞ্চায়তীৰাজ ব্যৱস্থা।

জানিব পৰা মতে জৰাবাৰী পঞ্চায়তৰ অন্তৰ্গত ৩ নং ৱাৰ্ডৰ বৰপামৰ ৰহমত আলী নামৰ ব্যক্তিজনে ২০১১ চনৰ লোকপিয়ল অনুসৰি ২০২০-২১ বৰ্ষৰ তালিকাত এটি প্ৰধানমন্ত্ৰী আৱাস গৃহ আৱন্টন পাইছিল৷

কিন্তু অতি পৰিতাপৰ বিষয় যে সকলো নথি-পত্ৰ থকাৰ পাছতো বঞ্চিত হৈ ৰ’ল প্ৰকৃত হিতাধিকাৰী৷ ইপিনে,গৃহটি কৰ্তন কৰি নি অন্য এজন একে নামৰ লোকক দিয়াৰ অভিযোগ তুলিছে ৰহমত আলিয়ে৷

ৰহমত আলিয়ে পঞ্চায়তৰ ৩ নং ৱাৰ্ডৰ জনৈক দুলাল নামৰ ৱাৰ্ড সদস্য গৰাকীয়ে দহ হাজাৰ টকা আৰু ২ নং ৱাৰ্ড সদস্যা গৰাকীৰ স্বামী জনৈক মহিজুলে গৃহটি দিয়াৰ বাবদ ৰহমত আলিৰ পৰা পাঁচ হাজাৰ, সৰ্বমুঠ পোন্ধৰ হাজাৰ টকা দাবী কৰা বুলি অভিযোগ উত্থাপন কৰিছে৷

ভুক্তভোগী ৰহমত আলিয়ে পঞ্চায়তত গৈ পঞ্চায়ত সভাপতি, সচিব গৰাকীৰপৰা কোনো সুদোত্তৰ নাপায় যোৱা ১৭ জুনত বিশ্বনাথৰ উপায়ুক্তক এক আবেদন যোগে অভিযোগ দাখিল কৰে৷

ইয়াৰ লগে লগে বিশ্বনাথৰ উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা বাঘমৰা খণ্ড উন্নয়ন বিষয়াগৰাকীক জৰুৰীভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে যদিও বাঘমৰা খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে ভুক্তভোগীক থানাত গোচৰ ৰুজো কৰিবলৈহে জোৰ দিয়ে৷

বাঘমৰাৰ এই পঞ্চায়তৰ দুৰ্নীতিৰ তথ্য পোহৰলৈ অহাৰ পিছত এতিয়া স্বাভাৱিকতেই এনেদৰে একাংশ পঞ্চায়ত প্ৰতিনিধি, সচিব, খণ্ড উন্নয়ন বিষয়াই ৰাজ্যত নিম্ন প্ৰশাসনত অৰাজকতা চলাই আছে নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে।