মঙলবাৰে কটন বিশ্ববিদ্যালয়ৰ এছএফআই গোটৰ উদ্যোগত ছাত্ৰ সমাজে কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰি এক বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰে। দ্বিতীয় ষান্মাসিকৰ ছাত্র-ছাত্ৰীসকলে আগভাগ লোৱা এই বিক্ষোভ কাৰ্যসূচীত বিভিন্ন দাবী উত্থাপন কৰে।
প্ৰথম ষান্মাসিকৰ ফলাফলত প্ৰায় ২০০ ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ বেক আহে আৰু তাৰে সুযোগ গ্ৰহণ কৰি কৰ্তৃপক্ষই তৃতীয় ষান্মাসিকৰ নামভৰ্তিৰ বাবে fee waiver ৰ নথি-পত্ৰ জমা দিয়াৰ সময়সীমা আজিৰ পৰা ১২ জুনৰ ভিতৰত নিৰ্ধাৰণ কৰে। যাৰ পৰিপ্ৰেক্ষিতত আজি কটন বিশ্ববিদ্যালয়ৰ SFI গোটৰ উদ্যোগত ছাত্ৰ সমাজে কটন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকৰ ওচৰত স্মাৰকপত্ৰ দাখিল কৰে আৰু প্ৰায় ২.৩০ ঘন্টাৰ আলোচনাৰ অন্তত কৰ্তৃপক্ষই দাবী সমূহ মানিবলৈ বাধ্য হয় আৰু অনুমোদন জনায়।
তাৰ ওপৰত ভিত্তি কৰি ৩ জনু তাৰিখৰ বিয়লি ৬.৩০ বজাত কৰ্তৃপক্ষই জাননী প্ৰকাশ কৰি বেক লগা সকলো ছাত্ৰ-ছাত্ৰীৰে বেক লগা সন্দৰ্ভত তদন্ত আগবঢ়াব বুলি ঘোষণা কৰে।