NORTHEAST NOW (Assamese)

কটনৰ ষ্ট্ৰং ৰুম পহৰা দি ৰাখিছে ছাত্ৰই, আলোচনাৰ আশ্বাস বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ

October 7, 2018 11:17 pm · অনিৰ্বাণ পাঠক
ভোটৰ ফলাফলত অসন্তুষ্ট আৰু পুনৰ ভোট গণনা দাবী কৰা ছাত্ৰ-ছাত্ৰীয়ে আজি দুপৰীয়া কটন বিশ্ববিদ্যালয়ৰ সন্মুখৰ পথ অৱৰোধ কৰি ৰাখে।

কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ উপ সভাপতি আৰু সাংস্কৃতিক সম্পাদক পদৰ ভোট গণনাত খেলিমেলি হোৱাৰ অভিযোগ তুলি দেওবাৰে নিশালৈকে প্ৰতিবাদ অব্যাহত ৰাখে ছাত্ৰ-ছাত্ৰীসকলে।

অৱশ্যে আৰক্ষীৰ অনুৰোধত ৰাজপথ অৱৰোধ প্ৰত্যাহাৰ কৰি বিশ্ববিদ্যালয় চৌহদৰ ভিতৰলৈ আহি প্ৰতিবাদ অব্যাহত ৰাখে ছাত্ৰ-ছাত্ৰীসকলে।

অৱশেষত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক দিগন্ত কুমাৰ দাসে ছাত্ৰ একতা সভাৰ নৱনিৰ্বাচিত সভাপতি ব্ৰজেন ফুকনক ফোনযোগে যোগাযোগ কৰি আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায়।

লগতে পঢ়ক– পলাতকৰ ভূমিকাত বিশ্ববিদ্যালয় কৰ্তৃপক্ষ

পঞ্জীয়ক দাসে সোমবাৰে ৯ বজাত পুনৰ ভোট গণনা সন্দৰ্ভত আলোচনা কৰিব বুলি আশ্বাস দিয়ে।

পঞ্জীয়কৰ আশ্বাসত প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰখা বুলি প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলে জানিবলৈ দিয়ে।

অৱশ্যে কেইবাজনো ছাত্ৰই নিশাটো ষ্ট্ৰং ৰুম পহৰা দিব বুলি তেওঁলোকে জানিবলৈ দিয়ে।

Related News