মানৱতাৰ নিদৰ্শন! বৃদ্ধাশ্ৰমত মৃত্যু হোৱা পৰিচয়বিহীন বৃদ্ধাগৰাকীৰ মুখাগ্নি কৰিলে কটনৰ ছাত্ৰ হীৰকে

MotherOldAgeHome

মৃত্যু হোৱা বৃদ্ধাগকাৰীক ফটোৰ সৈতে আত্মীয়ক যোগাযোগৰ বাবে আহ্বান জনোৱা অ'ল্ড এইজ হ'মৰ পোষ্টটো।

মানৱতাৰ নিদৰ্শনেৰে মাদাৰ অ’ল্ড এইজ হ’ম নামৰ বৃদ্ধাশ্ৰমটোত ২৩ ছেপ্তেম্বৰৰ সন্ধিয়া শেষ নিঃশ্বাস ত্যাগ কৰা কেও-কিছু নোহোৱা বৃদ্ধাগৰাকীৰ মুখাগ্নি কৰিবলৈ আগ বাঢ়ি আহিল কটনৰ এজন ছাত্ৰ হীৰক বৰা। কালি মৃত্যু হোৱা বৃদ্ধাগৰাকীৰ আজি বিয়লি ৩.৩০ বজাত নৱগ্ৰহত অন্ত্যেষ্টিক্ৰিয়া কৰা হয়।
উল্লেখযোগ্য যে ৩ মাহ পূৰ্বে কটনৰ ছাত্ৰ হীৰক আৰু তেওঁৰ কেইগৰাকীমান বন্ধুৱে পাণবজাৰ মহিলা আৰক্ষীৰ সহযোগত মাদাৰ অ’ল্ড এইজ হ’মলৈ নিছিল বৃদ্ধাগৰাকীক।
তেওঁলোকে বৃদ্ধাগৰাকীক অসহায় আৰু অসুস্থ অৱস্থাত গুৱাহাটীৰ পাণ বজাৰ অঞ্চলত উদ্ধাৰ কৰিছিল। তেওঁৰ নাম অনিতা শীল আৰু তেওঁৰ ঘৰ তেজপুৰৰ কুঁহিয়াৰবাৰীত বুলি বৃদ্ধাগৰাকীৰ মুখেৰে জানিব পৰা গৈছিল। এইখিনি প্ৰাথমিক তথ্যৰ বাদে বাঙালী সম্প্ৰদায়ৰ বৃদ্ধাগৰাকীৰ শেষ পৰ্য্যন্ত সঠিক ঠিকনা নোলাল। আনকি কালি মৃত্যু হোৱাৰ পিছতো মাদাৰ অ’ল্ড এইজ হ’ম কৰ্তৃপক্ষই ফেইচবুকত তেওঁৰ আত্মীয় বা চিনাকি কোনোবা আছে যদি যোগাযোগ কৰিবলৈ আহ্বান জনাইছিল। তাৰ পিছতো কোনো নোলাল দুৰ্ভগীয়া বৃদ্ধাগৰাকীৰ আত্মীয় বুলি পৰিচয় দিয়া লোক।
Hirak Jyoti Bora
বৃদ্ধাগৰাকীৰ মুখাগ্নি কৰা হীৰক বৰা।
আনহাতে মৃত্যুৰ পিছত বৃদ্ধাগৰাকীৰ মৰণোত্তৰ পৰীক্ষা কৰায় মাদাৰ অ’ল্ড এইজ হ’ম কৰ্তৃপক্ষই। “আইনৰ নিয়ম হ’ল, বৃদ্ধাশ্ৰমৰ ককা-আইতাসকলৰ কাৰোবাৰ মৃত্যু হ’লে প’ষ্টম’ৰ্টেম কৰা বাধ্যতামূলক।” এইদৰে কয় মাদাৰ অ’ল্ড এইজ হ’ম কৰ্তৃপক্ষই। তেওঁলোকে নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ তত্ত্বাৱধানত আৰু নুনমাটি নাগৰিক সমাজৰ সহযোগত জি এম চি এইচ্ছৰ অধীনত আইতাৰ প’ষ্টম’ৰ্টেম কৰায়।
সম্পূৰ্ণ এদিন অপেক্ষা কৰাৰ পিছতো বৃদ্ধাগৰাকীৰ কোনো আত্মীয় নোলালত পদপথৰ আলৈ আথানি অৱস্থাৰ পৰা বৃদ্ধাশ্ৰমলৈ অনা হীৰকেই মুখাগ্নি কৰাৰ বাবে নিজে আগুৱাই আহে। তেওঁ কয়, “আইতাগৰাকীক নিজৰ মা হিচাপে ভাবিছিলো গতিকে মই মুখাগ্নি কৰিবলৈ নিজে আগুৱাই আহিলো।”
নগাওঁ জিলাৰ হীৰক জ্যোতি বৰা কটন বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞান বিভাগৰ প্ৰথম ষান্মসিকৰ ছাত্ৰ। ছাত্ৰ বয়সতে তেওঁৰ এই মানৱতাবাদী চৰিত্ৰৰ বাবে সকলোৱে  তেওঁক প্ৰশংসা কৰিছে। ছ’চিয়েল মিডিয়াতো হীৰকক প্ৰশংসাৰে উপচাই দিছে ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰকাৰীয়ে। ইয়াৰ পৰিৱৰ্তে বৃদ্ধাগৰাকীৰ পৰিয়ালৰ মানুহৰ মানৱতাহীন কাণ্ডক কঠোৰ সমালোচনা কৰিছে সকলোৱে।