কৰ্ণাটক বিধানসভা নির্বাচনৰ ভোটগণনা আৰম্ভ; বিজেপি-কংগ্ৰেছৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ ইংগিত

 শনিবাৰে পুৱা ৮ বজাৰ পৰা কৰ্ণাটকত বিধানসভা নিৰ্বাচনৰ গণনা আৰম্ভ হয়। ৰাজ্যৰ ৩৬টা ভোটগণনা কেন্দ্ৰত ইভিএমৰ গণনা চলি আছে। যোৱা বুধবাৰে বিধানসভাৰ নিৰ্বাচনৰ মুঠ ৭৩.২ শতাংশ ভোটগ্ৰহণ হয়। ২০১৮ চনত ভোটাৰৰ ভোটদানৰ হাৰ প্ৰায় একেই আছিল।

বিগত ডেৰ-দুই দশক ধৰি কৰ্ণাটকত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা দেখা গৈছে। কৰ্ণাটকত গণনা আৰম্ভ হোৱাৰ সময়ত কংগ্ৰেছ আৰু বিজেপিয়ে প্ৰায় সমান আসনত আগবাঢ়ি আছে।

ভোটগণনাক কেন্দ্ৰ কৰি কৰ্ণাটকত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে।

উল্লেখ্য যে ২০১৮ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আছিল একক বৃহত্তম দল। দলটো ১০৪খন আসনত জয়ী হয়। কংগ্ৰেছে ৮০খন আসন লাভ কৰে। জেডি(এছ)ই ৩৭খন আসনত জয়লাভ কৰে। নিৰ্দলীয়, বিএছপি আৰু কৰ্ণাটক প্ৰজ্ঞাবন্ত জনতা পাৰ্টিয়ে এখনকৈ আসন লাভ কৰে। অৰ্থাৎ কোনো দলেই ‘মেজিক ফিগাৰ’ (১১৩) পাৰ হ’ব নোৱাৰিলে।

সেই পৰিস্থিতিত কংগ্ৰেছে জেডিএছৰ সৈতে হাত মিলাই চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু তাৰ আগতে বিজেপিয়ে চৰকাৰ গঠনৰ দাবী জনাইছিল আৰু চৰকাৰ গঠন কৰিছিল। বি এছ য়েডুৰাপ্পা মুখ্যমন্ত্ৰী হৈছিল। কিন্তু বিজেপি চৰকাৰ মাত্ৰ তিনিদিনহে চলিল। পৰ্যাপ্ত সংখ্যাৰ অভাৱত আস্থা ভোটৰ আগত ঢলি পৰে চৰকাৰ। তাৰ পিছত কংগ্ৰেছে জেডিএছৰ লগত মিলি চৰকাৰ গঠন কৰিছিল। কুমাৰস্বামী মুখ্যমন্ত্ৰী হৈছিল।

কিন্তু সেই মিত্ৰজোঁটৰ চৰকাৰখন বেছি দিন টিকি নাথাকিল। ১৪ মাহৰ ভিতৰতে পতন ঘটিল। নিৰ্দলীয়কে ধৰি ১৭ গৰাকী বিধায়কে পদত্যাগ কৰি বিজেপিত যোগদান কৰে। সেই পৰিস্থিতিত বিজেপিয়ে কৰ্ণাটকৰ সিংহাসন দখল কৰে। ২০১৯ চনত অনুষ্ঠিত উপ-নিৰ্বাচনত গেৰুৱা শিবিৰে ১৫খন আসনৰ ভিতৰত ১২খন আসন লাভ কৰে।

বিজেপিৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বান। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৩৮ বছৰীয়া পৰম্পৰা সলনি কৰিবলৈ তৎপৰ হৈ পৰিছে গেৰুৱা শিবিৰ। কাৰণ ১৯৮৫ চনৰ পৰা কৰ্ণাটকত একেৰাহে দুবাৰকৈ কোনো দলে ক্ষমতা দখল কৰা নাই। আজি ইয়াৰ (শনিবাৰে) উত্তৰ পোৱা যাব।

বৰ্তমান কৰ্ণাটক বিধানসভাত ১১৬ জন বিজেপি বিধায়ক আছে। কংগ্ৰেছত আছে ৬৯ জন বিধায়ক। জেডিএছৰ বিধায়কৰ সংখ্যা ২৯ জন। বিএছপিৰ আছে এজন আৰু দুজন নিৰ্দলীয় বিধায়ক। এজন অধ্যক্ষ আছে। এখন আসন খালী।