শামুকীয়া গতিত আগবাঢ়ি আছে কাচাৰৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা

Counting of votes going on in ISBT and ISTT Silchar

‘মই বলীয়া হৈ যাম’ শামুকীয়া গতিতত চলি থকা ভোট গণনাৰ প্ৰক্ৰিয়াত অতীষ্ঠ হৈ এগৰাকী জ্যেষ্ঠ সাংবাদিকৰ আগত এই উক্তি কৰিছে কাচাৰৰ জিলা উপায়ুক্ত ড০ এছ লক্ষ্ণণনে।  আজি ভোট গণনাৰ শেহতীয়া খবৰ জনাৰ বাবে সাংবাদিককল গৈ শিলচৰৰ আন্তঃৰাজ্যিক বাছ আস্থান (ISBT) আৰু আন্তঃৰাজ্যিক ট্ৰাক আস্থানৰ (ISTT)  ভোট গণনা কেন্দ্ৰত গৈ উপস্থিত হৈছে যাতে ৰাইজক ভোটৰ ফলাফল সন্দৰ্ভত শেহতীয়া খবৰ জনাব পাৰে।

যি সময়ত কাচাৰৰৰ জিলা উপায়ুক্তগৰাকীয়ে ৰাজনৈতিক দলসমূহৰ নেতা আৰু দলীয় সভাপতিসকলক ভোট গণনা কেন্দ্ৰলৈ লৈ গৈ আছিল সেই সময়ত সংবাদ সংগ্ৰহৰ দায়িত্বত থকা সাংবাদিকসকলে এটা চৰকাৰী সংখ্যা অনাত টান পাইছিল। অৱশেষত এই সংখ্যাসমূহ আনুষ্ঠানিকভাৱে ৬-৩০ বজাত বিনিময় কৰি দিয়া হয়। বৰাক উপত্যকাত বহুকেইটা নিৰ্বাচনৰ বাতৰি সংগ্ৰহত জড়িত থকা নাম প্ৰকাশত অনিচ্ছুক এগৰাকী জ্যেষ্ঠ সাংবাদিকে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত প্ৰকাশ কৰিছে যে অহা কালি বুধবাৰৰ আবেলি মানেহে ভোট গণনাৰ আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন হ’ব লাগে। কিন্তু যি গতিত ভোট গণনাৰ প্ৰক্ৰিয়া আগবাঢ়িছে মই নিশ্চিত যে অহা ৪ দিনটো সেয়া হৈ নুঠিব।

এতিয়া সকলোৱে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ বাবে জিলা প্ৰশাসন আৰু পঞ্চায়ত নিৰ্বাচন বিষয়াবৰ্গৰ ফালে অপেক্ষা কৰি আছে।

আজি আবেলি ৬-৩০ বজালৈকে কাচাৰৰ ২৭খন জিলা পঞ্চায়ত সমষ্টিৰ এখনৰো ফলাফল ওলোৱা নাই। ১৬২খন আঞ্চলিক পঞ্চায়ত সদস্যৰ মাত্ৰ ৮খনৰ চৰকাৰী ফলাফল ওলাইছে। ইয়াৰে ৪খনত বিজেপি, ৩খনত কংগ্ৰেছ আৰু এখনত নিৰ্দলীয়ই জয়লাভ কৰিছে। ১৬২ গাঁও পঞ্চায়তৰ চৰকাৰীভাৱে ফলাফল ঘোষিত ৮খন আসনৰ ভিতৰত ৫খন বিজেপি, ২খন কংগ্ৰেছ আৰু এখন নিৰ্দলীয়ৰ দখললৈ গৈছে। ১৬২০ গাঁও পঞ্চায়ত সদস্যৰ চৰকাৰীভাৱে ঘোষিত ৮৬খন আসনৰ ভিতৰত বিজেপিয়ে ৩১, কংগ্ৰেছে ৩৬খন, নিৰ্দলীয়ই ১৯খন আসন দখল কৰিছে।