NORTHEAST NOW (Assamese)

মেট্ৰ’ ৰে’লত প্ৰকাশ্য চুম্বন প্ৰেমিক যুগলৰ! ভিডিঅ’ ভাইৰেল, অভিযুক্তৰ সন্ধান লাভত ব্যৰ্থ প্ৰশাসন  

June 21, 2023 5:31 pm · এন ই নাও নিউজ, গুৱাহাটী

এটা টুইটাৰ হেণ্ডলত শ্বেয়াৰ কৰা এটা ছুটি ভিডিঅ’ ক্লীপে চাঞ্চল্যৰ সৃষ্টি কৰিছে সামাজিক মাধ্যম আৰু দেশৰ ৰাজধানী দিল্লীত। ছুটি ভিডিঅ’ ক্লীপটো দেখা গৈছে এক প্ৰেমিক যুগলে দিল্লীৰ মেট্ৰ’ ট্ৰেইনৰ এটা প্ৰায় খালী কোঠাত গভীৰ চুম্বনত লিপ্ত হৈ আছে।

ভিডিঅ’ ক্লীপটো টুইটাৰ শ্বেয়াৰ কৰি ইউজাৰে এইটো আপত্তিজনক বুলি দাবী কৰি ৰাজহুৱা স্থানত প্ৰকাশ্যে চুম্বনত লিপ্ত থকা প্ৰেমিক যুগলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আহ্বান জনায়।

দিল্লী মেট্ৰ’, দিল্লী আৰক্ষী আৰু মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক টেগ কৰি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী জনালেও কৰ্তৃপক্ষই অভিযুক্ত প্ৰেমিক যুগলৰ সন্ধান লাভ নকৰিলে বুলি প্ৰকাশ কৰিছে।

প্ৰকাশ পোৱা মতে এই ঘটনাটো যোৱা ১৭ জুনত সংঘটিত হৈছিল। ভগত এছ চিংছুবম নামৰ ইউজাৰজনে টুইটাৰত উল্লেখ কৰা মতে হুদা চিটি চেণ্টাৰলৈ যোৱা দিল্লী মেট্ৰ’ৰ য়েল্ল’ লাইনত এই কাণ্ড সংঘটিত হৈছিল।

 

মেট্ৰ’ ট্ৰেইনখনৰ প্ৰায়ে খালী এটা কোঠা এটাত গভীৰ চুম্বনত লিপ্ত আছিল প্ৰেমিক-প্ৰেমিকা। দিল্লী মেট্ৰ’ ৰে’ল নিগমে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’ব লাগে বুলি দাবী কৰিছিল ভগতে। দুদিন পিছত মেট্ৰ’ কৰ্তৃপক্ষই চিংছুবমৰ পোষ্টৰ প্ৰতি সঁহাৰি জনাই যদিও চুম্বনত লিপ্ত থকা দুই যাত্ৰীৰ সন্ধান উলিয়াব নোৱাৰি দুখহে প্ৰকাশ কৰিছে।

উল্লেখ্য যে দিল্লী মেট্ৰ’ ট্ৰেইনত এনে কাণ্ড নতুন নহয়। ইয়াৰ পূৰ্বেও দিল্লীৰ মেট্ৰ’ ট্ৰেইনত অনুৰূপ ঘটনা সংঘটিত হোৱাৰ উদাহৰণ আছে। যোৱা ১৪ মে’ত মেট্ৰ’ ট্ৰেইনৰ ভিতৰত এহাল যুৱক-যুৱতীয়ে এক অন্তৰংগ কটোৱাৰ ভিডিঅ’ ভাইৰেল হৈছিল।

Related News