ভাৰতীয় সেনাৰ নায়ক কৰ্ণেল ছ’ফিয়া কুৰেশ্বীৰ ধৰ্মীয় পৰিচয় সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে। মধ্য প্ৰদেশৰ মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিব লাগে বুলি আদালতে কয়। ইতিমধ্যে কংগ্ৰেছে মন্ত্ৰীগৰাকীক পদৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনাইছে।
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় সেনাই যোৱা ৭ মে’ত পাকিস্তান আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ সন্ত্ৰাসবাদী আত্মগোপন স্থানসমূহ ধ্বংস কৰে। সঠিক আক্ৰমণৰ পাছত কৰ্ণেল ছ’ফিয়া কুৰেশ্বী আৰু বায়ুসেনাৰ উইং কমাণ্ডাৰ ব্যোমিকা সিঙে এক সংবাদমেলত সমগ্ৰ দেশক অপাৰেচন সিন্দূৰৰ বিশদ বিৱৰণ দিয়ে। অপৰেশ্যন সিন্দুৰৰ ব্রিফিঙে দুগৰাকী মহিলা বিষয়াক চর্চালৈ আনি দেশৰ মহিলাসকলৰ শক্তিৰ ওপৰত আলোকপাত কৰি সমগ্র বিশ্বলৈ সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাৰ্তা প্ৰেৰণ কৰে। এই ঘটনাত মধ্যপ্ৰদেশৰ বিজেপি মন্ত্ৰী বিজয় শ্বাহে সংখ্যালঘু জনগোষ্ঠীৰ প্ৰতিনিধি ছফিয়া কুৰেশীক লৈ বিতৰ্কিত মন্তব্য কৰা দেখা গ’ল।
বিজয়ে কয়, “তেওঁলোকে আমাৰ হিন্দু ভাইসকলৰ কাপোৰ খুলি ধৰ্মীয় পৰিচয় পৰীক্ষা কৰি হত্যা কৰিছে। প্ৰধানমন্ত্ৰী মোদীজীয়ে তেওঁলোকৰ (উগ্ৰপন্থীৰ) ভগ্নীক তেওঁলোকৰ ঘৰত আক্ৰমণ কৰিবলৈ পঠিয়াইছে। তেওঁলোকে (উগ্ৰপন্থীয়ে) আমাৰ ভনীক বিধৱা কৰি তুলিছে, গতিকে মোদীজীয়ে তেওঁলোকৰ নিজৰ ভগ্নীক কাপোৰ খুলিবলৈ আৰু তেওঁলোকক উপযুক্ত পাঠ শিকাবলৈ পঠিয়াইছে।”
যদিও এই মন্তব্যত ছফিয়া কুৰেশ্বীৰ নাম উল্লেখ কৰা হোৱা নাই, তথাপিও সকলোৱে বুজিছিল যে এই মন্তব্য তেওঁৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে। কিন্তু বিতৰ্ক বাঢ়ি অহাৰ লগে লগে বিজয়ে তেওঁৰ মন্তব্যৰ ভুল ব্যাখ্যা কৰা বুলি দাবী কৰে। আনকি তেওঁ কৰ্ণেল কুৰেশ্বীৰ ওচৰত ১০ বাৰ ক্ষমা খুজিবলৈও সাজু।
কিন্তু এই মন্তব্য ৰাজহুৱা হোৱাৰ লগে লগে দেশজুৰি বিজয়ে গৰিহণাৰ সন্মুখীন হ’বলগীয়া হ’ল। মধ্যপ্ৰদেশ ৰাজ্যিক বিজেপিয়েও বিজয়ক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে বিজয় শ্বাহক মন্ত্ৰালয়ৰ পৰা শীঘ্ৰে অপসাৰণৰ দাবী জনায়। এইবাৰ আদালততো তেঁও বিপৰ্যয়ৰ সন্মুখীন হ’ব। এতিয়াৰ বাবে তেওঁৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হ’ব আৰু তদন্ত অব্যাহত থাকিব।