মিছা গোচৰত গ্ৰেপ্তাৰ জিগনেশ মেৱানীক; অসম আৰক্ষীক কি শিকনি দিলে আদালতে

বৰপেটাৰ আদালতে শুকুৰবাৰে গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় বিধায়ক জিগনেশ মোৱানীৰ জামিন মঞ্জুৰ কৰে। আৰক্ষীৰ জিম্মাত থকা সময়ত এগৰাকী মহিলা আৰক্ষী বিষয়াক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত মেৱানীক গ্ৰেপ্তাৰ কৰা হয়।  

শুকুৰবাৰে বৰপেটাৰ আদালতে জিগনেশ মেৱানীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰক মিছা বুলি অভিহিত কৰি অসম আৰক্ষীক সকীয়নি দিয়ে। অসম আৰক্ষীয়ে আদালত আৰু আইনৰ অপব্যৱহাৰ কৰিছে বুলিও ন্যায়াধীশগৰাকীয়ে মন্তব্য কৰে।

মেৱানীৰ জামিন মঞ্জুৰ কৰি বৰপেটাৰ আদালতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশাসনক সতৰ্ক কৰি দিয়ে। আদালতে কয়,’’কষ্টোপাৰ্জিত গণতন্ত্ৰক এখন আৰক্ষী ৰাজ্যলৈ সলনি কৰাৰ চেষ্টা কৰা হৈছে।‘’

লগতে পঢ়ক: ৰমজানত ৰক্তাক্ত মছজিদ; সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত কাবুলত নিহত কমেও ৫০জন

বৰপেটা সত্ৰ ন্যায়াধীশ আদালতৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীয়ে অসম আৰক্ষীক সতৰ্ক কৰি দি ৰাজ্যৰ আৰক্ষীয়ে সীমা চেৰাই যোৱা বুলি অনুভৱ কৰে আৰু তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ক তৎকালীনভাৱে ৰাজ্যৰ আৰক্ষী প্ৰশাসনত সংস্কাৰৰ নিৰ্দেশ দিয়াৰ বাবেও আবেদন জনাইছে।

জিগনেশ মেৱানীৰ জামিন মঞ্জুৰ কৰি ন্যায়াধীশগৰাকীয়ে লগতে কয়,’’কষ্টোপাৰ্জিত গণতন্ত্ৰক এখন আৰক্ষীৰ ৰাজ্যলৈ সলনি কৰাৰ চেষ্টাৰ কথা ভাৱিবই নোৱাৰি। অসম আৰক্ষীয়ে এইটো কৰিলে সেয়া এক বিকৃত চিন্তাচৰ্চা।‘’

আদালতে জিগনেশ মেৱানীক মিছা গোচৰত সাঙুৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলিয়ে সদৰী কৰে। এইক্ষেত্ৰত আদালতৰ ৰোষত পৰিছে অসম আৰক্ষী। ৰাজ্যৰ আৰক্ষী প্ৰশাসনৰ একাধিক সংস্কাৰৰ কথা উ ল্লেখ কৰি উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ আবেদন জনাইছে বৰপেটা আদালতৰ ন্যায়াধীশগৰাকীয়ে।

লগতে পঢ়ক: জি-২০: একেখন মঞ্চতে দেখা যাব পুটিন-জেলেনস্কিক!

ন্যায়াধীশ গৰাকীয়ে কয়, ‘’প্ৰতিগৰাকী আৰক্ষীয়ে আইন শৃংখলা ৰক্ষাৰ কামত নিয়োজিত হোৱাৰ সময়ত বডি-কেমেৰা পৰিধান কৰিব লাগিব। কাৰোবাক গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ সময়ত গাড়ীত চিচি টিভি কেমেৰা লগোৱা থাকিব লাগিব। কোনো সামগ্ৰী উদ্ধাৰৰ বাবে বা আন কাৰণত কোনোবাক কোনো স্থানলৈ লৈ যোৱাৰ বাবে সকলো থানাতে চিচি টিভি কেমেৰা লগাব লাগিব।‘’

জিগনেশ মেৱানীৰ দৰে মিছা এজাহাৰ দাখিল কৰি কাৰোবাক হাৰাশাস্তি কৰা বন্ধ কৰিবলৈ এইসমূহ ব্যৱস্থা শীঘ্ৰে লোৱাৰ প্ৰয়োজন বুলি আদালতখনে মতপোষণ কৰে।  

জিগনেশ মেৱানীৰ জামিন প্ৰদানৰ কপিৰ এটি প্ৰতিলিপি মুখ্য ন্যায়াধীশৰ ওচৰত জমা দিয়াৰ বাবে উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কৰ ওচৰলৈ প্ৰেৰণ কৰাৰো নিৰ্দেশ দিয়ে বৰপেটাৰ আদালতে।

লগতে পঢ়ক: প্ৰৱঞ্চনাৰ অভিযোগত কিংবদন্তি টেনিছ তাৰকা বৰিছ বেকাৰক আঢ়ৈ বছৰৰ কাৰাদণ্ড

শেহতীয়া বিধানসভাৰ অধিৱেশনত দিয়া তথ্য অনুসৰি হিমন্ত বিশ্ব শৰ্মাই যোৱা ২০২১ৰ মে’ত মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা ৰাজ্যখনত আৰক্ষীৰ গুলীত ২৯জন লোক নিহত হোৱাৰ লগতে ৯৬জন লোক আহত হৈছে।

শুকুৰবাৰে বৰপেটাৰ আদালতৰ পৰ্যবেক্ষণে অসম আৰক্ষীৰ গুৰু গোঁসাই নমনা আচৰণকলৈ দিয়া নিৰ্দেশনাই স্বাভাৱিকতে গণতন্ত্ৰৰ প্ৰতি আস্থাশীল লোকসকলৰ মাজত আশাৰ সঞ্চাৰ কৰিছে।