“প্ৰথমে CAA বাতিলৰ বাবে ঐক্যবদ্ধ সংগ্ৰাম, পিছতহে বিকল্প ৰাজনীতি”, আদালত চৌহদতে কৈ গ’ল অখিল গগৈয়ে

আদালত চৌহদতে অখিল গগৈক সাক্ষাৎ ড০ হীৰেন গোহাঁই আৰু মীৰা বৰঠাকুৰৰ

Akhil Gogoi

নিয়াৰ আদালতলৈ অনাৰ সময়ত অখিল গগৈ। ১০ জানুৱাৰিত।

CAA বাতিল কৰাৰ বাবে সকলো জাতীয় সংগঠনকে ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তুলিবলৈ আজি আদালতৰ চৌহদৰ পৰাই আহ্বান জনাইছে কাৰাৰুদ্ধ নেতা অখিল গগৈয়ে।

CAA বাতিল প্ৰথম অগ্ৰাধিকাৰৰ বিষয় বুলি কৈ গগৈয়ে কয়, “প্ৰথমে CAA বাতিল, পিছতহে বিকল্প ৰাজনীতিৰ চিন্তা”।

আনহাতে আজি গগৈক পুনৰ নিজৰ জিম্মাত বিচৰা NIA-ক আজি বিমুখ কৰে বিশেষ ন্যায়াধীশৰ আদালতে। NIA-ৰ আবেদন খাৰিজ কৰি আদালতে গগৈক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

CAA-বিৰোধী আন্দোলনৰ সময়তে গ্ৰেপ্তাৰ হোৱা কৃষক মুক্তিৰ নেতাজনৰ স্বাস্থ্য কিছু পৰিমাণে অৱনতি হোৱা বুলি দিয়া অধিবক্তাৰ যুক্তিৰ পিছত চিকিৎসা প্ৰদানৰো নিৰ্দেশ দিয়ে ন্যায়ালয়ে।

গগৈয়ে আদালত চৌহদতে চিঞৰি চিঞৰি “জয় আই অসম” ধ্বনি দিয়াৰ লগতে অসমবাসী ৰাইজক CAA-ৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিবলৈ আহ্বান জনায়।

ইয়াৰ মাজতে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁই আৰু বিজেপি নেত্ৰী মীৰা বৰঠাকুৰে আদালত চৌহদতে অখিল গগৈক সাক্ষাৎ কৰে।

আনহাতে নিজৰ নেতাজনক দুপৰীয়া ১১:৩০ বজাত আদালতত হাজিৰ কৰাৰ সময়ত তেওঁৰ মুক্তিৰ দাবীত আদালত চৌহদতে প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

সমগ্ৰ ৰাজ্যতে নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে তীব্ৰ প্ৰতিবাদ চলি থকাৰ মাজতে যোৱা ১২ ডিচেম্বৰত কৃষক নেতা অখিল গগৈক যোৰহাটৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

১৪ ডিচেম্বৰত NIA-ই গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে দাখিল কৰা এজাহাৰত কৃষক নেতাগৰাকীক মাওবাদী সজোৱাৰ লগতে বে-আইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা জাপি দি ১৬ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰিছিল।

১৭ ডিচেম্বৰত কৃষক নেতাগৰাকীক NIA-ই বিশেষ আদালতত হাজিৰ কৰাই ১০ দিনৰ নিজৰ জিম্মাত লৈ দিল্লীলৈ নিছিল।