২-১৮ বছৰৰ সকলৰ দেহত কোভাক্সিনৰ জৰুৰী প্ৰয়োগত অনুমোদন

ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভিডৰ ভেকচিন কোভাক্সিন এতিয়াৰে পৰা ২-১৮ বছৰৰ লোকসকলৰ দেহতো জৰুৰী ভিত্তিত প্ৰয়োগ কৰিব পৰা যাব।

ছাবজেক্ট এক্সপাৰ্ট কমিটিয়ে এই অনুমোদন জনাইছে।ভাৰত বায়’টেকে ৬ অক্টোৱৰৰ দিনা ভাৰতৰ ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকক ২-১৮ বছৰৰ ভিতৰৰ সকলৰ দেহত কোভাক্সিনৰ পৰীক্ষামূলক প্ৰয়োগৰ তথ্য দাখিল কৰিছিল।সেই তথ্য লাভ কৰাৰ পিছতে ২-১৮ বছৰৰ সকলৰ দেহতো কোভাক্সিন ব্যৱহাৰৰ অনুমোদন দিয়া হয়।

উল্লেখ্য প্ৰথমে পাটনাৰ এইমছত শিশুসকলৰ ওপৰত কোভাক্সিনৰ ক্লিনিকেল ট্ৰায়েল কৰা হৈছিল। ইয়াৰ পিছত দিল্লীৰ এইমছেও এই পৰীক্ষণেই চলাইছিল।

ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভিড-১৯ৰ এই ভেকচিনৰ ক্লিনিকেল ট্ৰায়েলত ২বছৰৰ পৰা ১৮ বছৰৰ শিশুসকলৰ বাবে উপযোগী হ’ব নে নাই সেয়া পৰ্যবেক্ষণ কৰা হৈছিল।

ভাৰতত কৰ’নাৰ তৃতীয়টো ঢৌ অহাৰ বিষয়ে বিশেষজ্ঞসকলে সতৰ্ক কৰি দি ইয়াৰ প্ৰভাৱ বিশেষকৈ শিশুসকলৰ পৰাৰ সম্ভাৱনা ব্যক্ত কৰাৰ পাছত দেশখনে শিশুসকলৰ ভেকচিন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দিশে আগবাঢ়িছে।

২ৰ পৰা ১৮ বছৰৰ তলৰ লোকসকলৰ ক্ষেত্ৰত ভাৰততে প্ৰস্তুত কৰা কোভিডৰ ভেকচিন কোভাক্সিনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষণৰ অনুমতি প্ৰদান কৰিছিল ভাৰতৰ ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকে।

ভাৰত বায়’টেকে প্ৰস্তুত কৰা কোভাক্সিন ভেকচিন ২ৰ পৰা ১৮ বছৰৰ তলৰ লোকসকলক প্ৰদানৰ বিষয়ত বিশেষজ্ঞ সমিতিয়ে দাখিল কৰা প্ৰতিবেদন গ্ৰহণ কৰি ঔষধ নিয়ন্ত্ৰক মহাপৰিদৰ্শকে সেই বয়সৰ লোকসকলৰ ক্ষেত্ৰত কোভাক্সিন ভেকচিনৰ পৰীক্ষণ চলাবলৈ অনুমতি দিছিল।

প্ৰথমাৱস্থাত ৫২৫ গৰাকী ২ৰ পৰা ১৮ বছৰৰ তলৰ স্বাস্থ্যৱান লোকৰ ওপৰত এই পৰীক্ষণ চলোৱা হৈছিল বুলি জানিব পৰা গৈছে।

পৰীক্ষণৰ সময়ত পেশীত কোভাক্সিন ভেকচিন প্ৰদান কৰা হৈছিল আৰু প্ৰথম ভেকচিন প্ৰদানৰ ২৮ দিনৰ পিছত দ্বিতীয়টো ভেকচিন দিয়া হৈছিল।

উল্লেখ্য আমেৰিকাত জৰুৰীকালীন পৰিস্থিতিত ১২ বছৰৰ পৰা ১৫ বছৰ বয়সৰ লোকসকলক কোভিডৰ ভেকচিন প্ৰদানৰ অনুমতি দিয়া হৈছে।

একেদৰে কানাডাতো ১২ বছৰ বয়সৰ পৰা ফাইজাৰৰ ভেকচিন প্ৰদানৰ অনুমতি দিয়া হৈছে।