সাৱধান! ক’ভিডত আক্ৰান্ত হোৱা পুৰুষৰ যৌনক্ষমতা হ্ৰাস পাইছে, এটা গৱেষণাত প্ৰকাশ
(প্ৰতিনিধিত্বমূলক ফটো)
কেৱল হৃদযন্ত্ৰ, স্নায়ুজনিত ক্ষতিয়েই নহয়, কোভিড সংক্ৰমণৰ ফলত পুৰুষৰ যৌন ক্ষমতাও হ্ৰাস পাইছে।
চলিত বৰ্ষৰ মাৰ্চ মাহত ‘এণ্ড্ৰোলজী’ নামৰ পুৰুষ মনঃস্তত্বমূলক এখন আন্তৰ্জাতিক গৱেষণাপত্ৰিকাত বিশ্বৰ কেইবাজনো উল্লেখযোগ্য মনঃস্তত্ববিদে এই দাবী কৰিছে।
মনঃস্তত্ববিদসকলে ইটালীত কৰা এক গৱেষণাত এই তথ্য লাভ কৰিছে।
গৱেষণাটোত দেখা পোৱা গৈছে, কোভিড সংক্ৰমণৰ ফলত বহু পুৰুষৰ হৃদযন্ত্ৰ আৰু ৰক্তজনিত সমস্যাই দেখা দিছে।
যাৰ প্ৰভাৱ যৌনাংগতো পৰিছে।
পৰ্যাপ্ত পৰিমাণৰ ৰক্তৰ অভাৱত ভুগিছে যৌনাংগ।
ফলত যৌনসংগমৰ সময়ত যৌনাংগৰ উত্তেজনা ব্যাহত হৈছে।
চিকিৎসাবিজ্ঞানৰ পৰিভাষাত ইয়াক ‘ইৰেকটাইল ডিচফাংছন’ বুলি কোৱা হয়।