অসম আৰোগ্য নিধিলৈ বিপুল সঁহাৰি ৰাইজৰ, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট

Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

বিভিন্ন ব্যক্তি আৰু অনুষ্ঠানে কৰ’নাভাইৰাছৰ মোকাবিলা কৰাৰ বাবে অসম আৰোগ্য নিধিলৈ বিপুল বৰঙনি আগবঢ়াইছে।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সদৰী কৰা মতে এইপৰ্য্যন্ত অসম আৰোগ্য নিধিলৈ ৮৯.২৪ কোটি টকাৰ বৰঙনি লাভ কৰা হৈছে।

২৬ মাৰ্চৰ পৰা আৰম্ভ কৰি এইপৰ্য্যন্ত ৪০২১১ গৰাকী ব্যক্তি আৰু অনুষ্ঠানে এই নিধিলৈ বৰঙনি আগবঢ়াইছে।

জনপ্ৰতিনিধি, ব্যৱসায়ী, চৰকাৰী চাকৰিয়ালৰ পৰা আৰম্ভ কৰি কণমানি ল’ৰা-ছোৱালীলৈকে সকলোৱে বৰঙনি আগবঢ়োৱা পৰিলক্ষিত হৈছে।

“অসম আৰোগ্য নিধিৰ অধীনত আমি এতিয়ালৈকে ৮৯.২৪কোটি টকাৰো অধিক বৰঙনি লাভ কৰিছো, আৰু ই প্ৰতিদিনাই বৃদ্ধি পাই আছে। বৰঙনি আগবঢ়োৱা ৪০২১১ গৰাকী লোকলৈ মোৰ কৃতজ্ঞতা যাচিছো। আমাৰ আটাইতকৈ বেয়া সংকটটো পাৰ হোৱাৰ বাবে আমাৰ প্ৰচেষ্টাত ই বহুত মূল্যৱান। আমি জিকিম,” মন্ত্ৰী শৰ্মাৰ টুইট।

অসম চৰকাৰে কৰ’নাভাইৰাছ আক্ৰান্তৰ চিকিৎসাৰ বাবে দুমাহৰ ভিতৰত পাঁচখন ৩০০ বিচনাযুক্ত চিকিৎসালয় খোলাৰ বাবে আগবাঢ়িছে।

তাৰে চাৰিখন চিকিৎসালয় দান-বৰঙনিৰ পৰা সংগৃ্হীত ধনেৰে নিৰ্মাণ কৰা হ’ব।

এই দান-বৰঙনিৰ ধনেৰে কেৱল কৰ’নাভাইৰাছৰ চিকিৎসাৰ বাবে অসমত দুমাহত চাৰিখন চিকিৎসালয় নিৰ্মাণ কৰা হ’ব।

অসম চৰকাৰে এনে পাঁচখন চিকিৎসালয় নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

স্বাস্থ্য মন্ত্ৰী শৰ্মাই পূৰ্বে উল্লেখ কৰা মতে এনে প্ৰতিখন চিকিৎসালয় নিৰ্মাণৰ বাবদ ৪০ৰ পৰা ৪৫কোটি টকা ব্যয় হ’ব।

প্ৰতিখন চিকিৎসালয়ত ৩০০ বিচনাকৈ পাঁচখন চিকিৎসালয়ত ১৫০০ বিচনা কেৱল ক’ভিড-১৯ আক্ৰান্তৰ বাবে সাজু কৰা হ’ব।

ইতিমধ্যে চিকিৎসালয়কেইখনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে।

মাৰাত্মক কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে চৰকাৰী পুঁজিলৈ আপুনিও বৰঙনি আগবঢ়াব পাৰে।

অসম চৰকাৰৰ অসম আৰোগ্য নিধিলৈ তলৰ বেংক একাউণ্টত বৰঙনি পঠিয়াব পাৰে—

Assam Arogya Nidhi, A/c No. 32124810101, SBI, IFSC Code: SBIN0010755