NORTHEAST NOW (Assamese)

কুৱাৰেণ্টাইন কেন্দ্ৰ আৰু বানপানী সাহায্য শিৱিৰ একে নহয়: হিমন্ত বিশ্ব শৰ্মা

May 26, 2020 9:49 pm · কল্পজ্যোতি শইকীয়া
হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

ৰাজ্যৰ বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত খাদ্য ব্যৱস্থা, থকাৰ ব্যৱস্থা ইত্যাদি বিষয়ক লৈ কোৱাৰেন্টাইন হৈ থকা লোকসকলে প্ৰতিবাদ কৰি আহিছে বা সংবাদ মাধ্যমৰ আগত আপত্তি দৰ্শাই আহিছিল।

তাৰ মাজতে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সেইসকলৰ প্ৰতি দিছে এক সকিয়নী।

খাদ্য বস্তু বা অন্যান্য সুবিধা পোৱা নাই বুলি কোনোৱে যদি সামাজিক ব্যৱধান নামানি প্ৰতিবাদ কৰে তেন্তে তেওঁৰ কোৱাৰেন্টাইনত থকাৰ ম্যাদ বাঢ়ি যাব।

আজি সোণোৱাল কেবিনেটৰ বৈঠকৰ অন্তত তেওঁক কুৱাৰেন্টাইন চেন্টাৰক লৈ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় ‘‘কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু বানপানী সাহায্য শিৱিৰ একে নহয়। কোৱাৰেণ্টাইন কেন্দ্ৰত সুবিধা পোৱা নাই বুলি প্ৰতিবাদ কৰিবলৈ যদি মন আছে কেন্দ্ৰত থকা দিনকেইটা শেষ হ’লে ঘৰলৈ গৈ কৰক। সামাজিক ব্যৱধান নামনি যিমানেই প্ৰতিবাদ কৰিব কোৱাৰেণ্টাইন শিবিৰত থকাৰ ম্যাদো বাঢ়ি যাব। মণিৰাম দেৱান চেণ্টাৰত কোৱাৰেণ্টাইনৰ ম্যাদ শেষ কৰা দুজন জামাতীক আগবঢ়ালৈ আহিল ১০০জন৷ পৰিণতিত সকলোৰে কোৱাৰেণ্টাইনৰ ম্যাদ বাঢ়িল।”

কোৱাৰেন্টাইন চেন্টাৰত থকাসকলক সামাজিক ব্যৱধান মানি চলিবলৈ আহ্বান জনাই তেওঁ লগতে কয়, “চিচিটিভিত আমি সকলো দেখা পাই আছো। বহুতেই বাহিৰলৈ ওলাই আহিব বিচাৰে। বহিঃৰাজ্যৰ পৰা প্ৰায় ২লাখ লোকে আহিবলৈ আবেদন কৰিছিল, প্ৰায় ১লাখ ইতিমধ্যে আহিছে। ১০ জুনৰ পিছত ৰাজ্যত এই প্ৰত্যাহবান উকলিব বুলি আশা কৰা হৈছে।”

ইপিনে, শিক্ষানুষ্ঠানৰ হোষ্টেল কোৱাৰেণ্টাইন চেণ্টাৰলৈ ৰূপান্তৰিত কৰাক লৈ মন্ত্ৰী শৰ্মাই কয়– “চৰকাৰী হোষ্টেলসমূহ আমি ল’ব বিচৰা নাই। সোনকালে শ্ৰেণীসমূহ আৰম্ভ কৰিব বিচাৰিছো। বৰ্তমান  টয়লেটৰ সু-ব্যৱস্থা থকাৰ কাৰণে বেচৰকাৰী শিক্ষানুষ্ঠানৰ হোষ্টেলসমূহ লোৱা হ’ব পাৰে। যদি উপায়ন্তৰ হৈ কোনো সিদ্ধান্ত ল’বলগীয়া হয় তেন্তে কোনোৱে যাতে বেয়া নাপায়। গুৱাহাটীত এতিয়াই হোষ্টেলৰ প্ৰয়োজন হোৱা নাই। কাছাৰত হোটেল নাই বাবে অসম বিশ্ববিদ্যালয়, NITৰ আৱাস অধিগ্ৰহণ কৰিব লগা হ’ব পাৰে। আই আই টি গুৱাহাটী–এ হোষ্টেল প্ৰদানৰ বাবে নিজেই ইচ্ছা প্ৰকাশ কৰিছে।”

আনহাতে হোটেলৰ কৰ্মীক লৈ মন্ত্ৰীগৰাকীয়ে কয় “হোটেলৰ মানুহবোৰক টেষ্ট কৰা হৈ আছে। বহু নিয়ম–নীতি পালন কৰি আছে তেওঁলোকে।”

অসমত মঙলবাৰে সন্ধিয়ালৈকে মুঠ ক’ভিড-১৯ আক্ৰান্ত ৬১৬গৰাকীলৈ বৃদ্ধি পাইছে।

মঙলবাৰৰ দিনটোত এইপৰ্য্যন্ত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ৬৮গৰাকী ব্যক্তি।

Related News