DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কুৱাৰেণ্টাইন কেন্দ্ৰ আৰু বানপানী সাহায্য শিৱিৰ একে নহয়: হিমন্ত বিশ্ব শৰ্মা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 26, 2020 9:49 pm
Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত খাদ্য ব্যৱস্থা, থকাৰ ব্যৱস্থা ইত্যাদি বিষয়ক লৈ কোৱাৰেন্টাইন হৈ থকা লোকসকলে প্ৰতিবাদ কৰি আহিছে বা সংবাদ মাধ্যমৰ আগত আপত্তি দৰ্শাই আহিছিল।

তাৰ মাজতে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সেইসকলৰ প্ৰতি দিছে এক সকিয়নী।

খাদ্য বস্তু বা অন্যান্য সুবিধা পোৱা নাই বুলি কোনোৱে যদি সামাজিক ব্যৱধান নামানি প্ৰতিবাদ কৰে তেন্তে তেওঁৰ কোৱাৰেন্টাইনত থকাৰ ম্যাদ বাঢ়ি যাব।

আজি সোণোৱাল কেবিনেটৰ বৈঠকৰ অন্তত তেওঁক কুৱাৰেন্টাইন চেন্টাৰক লৈ সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় ‘‘কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু বানপানী সাহায্য শিৱিৰ একে নহয়। কোৱাৰেণ্টাইন কেন্দ্ৰত সুবিধা পোৱা নাই বুলি প্ৰতিবাদ কৰিবলৈ যদি মন আছে কেন্দ্ৰত থকা দিনকেইটা শেষ হ’লে ঘৰলৈ গৈ কৰক। সামাজিক ব্যৱধান নামনি যিমানেই প্ৰতিবাদ কৰিব কোৱাৰেণ্টাইন শিবিৰত থকাৰ ম্যাদো বাঢ়ি যাব। মণিৰাম দেৱান চেণ্টাৰত কোৱাৰেণ্টাইনৰ ম্যাদ শেষ কৰা দুজন জামাতীক আগবঢ়ালৈ আহিল ১০০জন৷ পৰিণতিত সকলোৰে কোৱাৰেণ্টাইনৰ ম্যাদ বাঢ়িল।”

কোৱাৰেন্টাইন চেন্টাৰত থকাসকলক সামাজিক ব্যৱধান মানি চলিবলৈ আহ্বান জনাই তেওঁ লগতে কয়, “চিচিটিভিত আমি সকলো দেখা পাই আছো। বহুতেই বাহিৰলৈ ওলাই আহিব বিচাৰে। বহিঃৰাজ্যৰ পৰা প্ৰায় ২লাখ লোকে আহিবলৈ আবেদন কৰিছিল, প্ৰায় ১লাখ ইতিমধ্যে আহিছে। ১০ জুনৰ পিছত ৰাজ্যত এই প্ৰত্যাহবান উকলিব বুলি আশা কৰা হৈছে।”

ইপিনে, শিক্ষানুষ্ঠানৰ হোষ্টেল কোৱাৰেণ্টাইন চেণ্টাৰলৈ ৰূপান্তৰিত কৰাক লৈ মন্ত্ৰী শৰ্মাই কয়– “চৰকাৰী হোষ্টেলসমূহ আমি ল’ব বিচৰা নাই। সোনকালে শ্ৰেণীসমূহ আৰম্ভ কৰিব বিচাৰিছো। বৰ্তমান  টয়লেটৰ সু-ব্যৱস্থা থকাৰ কাৰণে বেচৰকাৰী শিক্ষানুষ্ঠানৰ হোষ্টেলসমূহ লোৱা হ’ব পাৰে। যদি উপায়ন্তৰ হৈ কোনো সিদ্ধান্ত ল’বলগীয়া হয় তেন্তে কোনোৱে যাতে বেয়া নাপায়। গুৱাহাটীত এতিয়াই হোষ্টেলৰ প্ৰয়োজন হোৱা নাই। কাছাৰত হোটেল নাই বাবে অসম বিশ্ববিদ্যালয়, NITৰ আৱাস অধিগ্ৰহণ কৰিব লগা হ’ব পাৰে। আই আই টি গুৱাহাটী–এ হোষ্টেল প্ৰদানৰ বাবে নিজেই ইচ্ছা প্ৰকাশ কৰিছে।”

আনহাতে হোটেলৰ কৰ্মীক লৈ মন্ত্ৰীগৰাকীয়ে কয় “হোটেলৰ মানুহবোৰক টেষ্ট কৰা হৈ আছে। বহু নিয়ম–নীতি পালন কৰি আছে তেওঁলোকে।”

অসমত মঙলবাৰে সন্ধিয়ালৈকে মুঠ ক’ভিড-১৯ আক্ৰান্ত ৬১৬গৰাকীলৈ বৃদ্ধি পাইছে।

মঙলবাৰৰ দিনটোত এইপৰ্য্যন্ত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ৬৮গৰাকী ব্যক্তি।

Tags: COVID-19

Recent News

Maharashtra Political Crisis

ৰাজনৈতিক সংকটত অতিষ্ঠ: মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হোৱাৰ মন মেলি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে পত্ৰ

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

NITI Aayog

পৰমেশ্বৰণ আয়াৰক নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd