NORTHEAST NOW (Assamese)

অসমত COVID-19 আক্ৰান্ত ১৩ জনলৈ বৃদ্ধি

April 1, 2020 9:22 pm · কল্পজ্যোতি শইকীয়া
Updated: April 1, 2020 10:33 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

অসমত COVID-19 পজিটিভ ৰোগী বুধবাৰে সন্ধিয়ালৈকে ১৩ জনলৈ বৃদ্ধি পাইছে।

যোৱা ২৪ ঘণ্টাত পাঁচগৰাকী ৰোগী চিনাক্ত হোৱাৰ পিছত নতুনকৈ চিনাক্ত হৈছে আঠজন ৰোগী।

আক্ৰান্ত আটাইকেইজনেই গোলাঘাট জিলাৰ– ৱাহিদা বেগম (দেৰগাওঁ), আনোৱাৰ হুছেইন (দেৰগাওঁ), আইদৰ আলি (মৰঙী), য়াকুব আলি (মেৰাপানী), জেচমিনা বেগম (মেৰাপানী), চালেহা বেগম (মেৰাপানী), এলিনা বেগম (মৰঙী) আৰু ৰুমা বেগম (মেৰাপানী)।

যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত পৰীক্ষাৰ পিছত তেওঁলোকক COVID-19 আক্ৰান্ত পোৱা গৈছে।

তাৎপৰ্য্যপূৰ্ণভাৱে ১৩ জনৰ আটাইকেইজনেই নিজামুদ্দিন মাৰ্কাজৰ জামাতত অংশ গ্ৰহণ কৰিছিল।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে সংবাদমেলত সন্ধিয়ালৈ নতুন কিছু ৰোগী চিনাক্ত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল।

মঙলবাৰে কৰিমগঞ্জৰ ৫২ বছৰীয়া মঃ জামালুদ্দিন নামৰ ব্যক্তিজন অসমৰ প্ৰথম COVID-19 আক্ৰান্ত বুলি চিনাক্ত হৈছিল।

২৪ ঘণ্টাৰ ভিতৰতে নলবাৰীৰ মঃ আৰ্শ্বাদ আলি (১৯) আৰু জাগীৰোডৰ মঃ হজৰত আলি (৬০), মঃ নুৰুদ্দিন (৫৫) আৰু মঃ জোনাব আলি (৪৬) নামৰ চাৰিজন ৰোগী চিনাক্ত হৈছিল।

ইফালে দিল্লীতো অসমৰ চাৰিজন লোক COVID-19 পজিটিভৰূপে চিনাক্ত হৈছে আৰু তেওঁলোকৰ চিকিৎসা চলি আছে।

নিজামুদ্দিনৰ জামাতলৈ যোৱা লোককেইজন বাক্সা জিলাৰ নাক্সাৰ আলি (৭২) আৰু ফাহাৰুদ্দিন (৪৮), বৰপেটাৰ মুস্তাফা আহমেদ (৬০) আৰু নগাঁৱৰ মহম্মদ আলি (৬৫) বুলি চিনাক্ত কৰা হৈছে।

Related News