ক’ভিড-১৯: অসম চৰকাৰলৈ কেইটামান পৰামৰ্শ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ

অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে কৰ’নাভাইৰাছ আৰু লকডাউন সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ কিছু পৰামৰ্শ আগবঢ়াইছে।

প্ৰাক্তন মুখ্য মন্ত্ৰীজনে এক ভিডিঅ’যোগে এইসমূহ পৰামৰ্শ আগবঢ়াইছে।

তেওঁ কৰ’নাভাইৰাছে সৃষ্টি কৰা পৰিস্থিতি মোকাবিলাৰ ক্ষেত্ৰত কেৰালা চৰকাৰৰ পদ্ধতি অনুকৰণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে।

“কেৰালা চৰকাৰে যেনেদৰে ৰাজ্যখনত কৰ’না সংক্ৰমণ ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ লগতে ৰাজ্যখনৰ অর্থনৈতিক সংকটৰ জোৰা মাৰিবৰ বাবেও কিছুমান বাস্তৱসন্মত পদ্ধতি গ্রহণ কৰিছে, সেই পদ্ধতি তথা পদক্ষেপসমূহ এই মুহূৰ্তত অসম চৰকাৰেও গ্রহণ কৰা উচিত,” গগৈয়ে কয়।

কেৰালা আৰু অসমৰ বহুক্ষেত্রত সাদৃশ্য আছে বুলি মন্তব্য কৰি গগৈয়ে কেৰালা চৰকাৰে লোৱা কিছু পদক্ষেপ উল্লেখ কৰে।

“কেৰালা চৰকাৰে  Rapid Testingৰ ব্যৱস্থা কৰিছে। জনস্বাস্থ্যৰ সুবিধাসমূহ ৰাইজৰ একেবাৰে ওচৰলৈ লৈ গৈছে। সম্পূর্ণৰূপে সামাজিক দূৰত্ব বজাই ৰাখি কৃষিকৰ্মৰ লগত জড়িতসকলক কাম কৰিবলৈ সুবিধা দিছে, বাগানসমূহ খুলিবলৈ অনুমতি দিছে, MGNREGAৰ কৰ্মদিনৰ কামো চলাই যোৱাৰ অনুমতি দিয়াৰ কথা ভাবিছে ইত্যাদি,” তেওঁ কয়।

“আমিও যদি সম্পূর্ণৰূপে সামাজিক দূৰত্ব বজাই ৰাখি এনেদৰে কাৰ্য্যব্যৱস্থা গ্রহণ কৰিব পাৰো তেন্তে কৃষক, দৈনিক শ্ৰমিকৰ লগতে দুখীয়া দৰিদ্র লোকসকল দুশ্চিন্তাত আৰু একাংশ মানুহ অনাহাৰে থাকিবলগীয়া নহ’ব আৰু অৰ্থনৈতিক সংকটৰ পৰাও কিছু পৰিমাণে হ’লেও সকাহ পাম।”

অসমৰ কিছু সমস্যা আন ৰাজ্যতকৈ পৃথক বুলি উল্লেখ কৰি গগৈয়ে বিশেষ ৰাজ্যভিত্তিক আঁচনি গ্রহণৰো পোষকতা কৰে।

“যেনে বানপানীৰ সমস্যা। অনতিপলমে ছিগা মথাউৰিসমূহৰ মেৰামতি আৰু নিৰ্মাণ নকৰিলে পৰিস্থিতি আৰু বেয়া হ’ব,” তেওঁ কয়।

চৰকাৰে জনস্বাস্থ্য আৰু অৰ্থনৈতিক দুয়োটা দিশতে এক সমদৃষ্টি ৰাখি যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব বুলি গগৈয়ে আশা প্ৰকাশ কৰে।

আনহাতে, মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালে দেওবাৰে এখন সৰ্বদলীয় সভা আহ্বান কৰাৰ বাবে লোৱা সিদ্ধান্তত প্ৰাক্তন মুখ্যমন্ত্রীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰিছে।

তেওঁ নিজেও উক্ত সভাত উপস্থিত থাকি নিজৰ মতামত আগবঢ়াব বুলিও জানিবলৈ দিয়ে।

গগৈয়ে আশা প্ৰকাশ কৰে যে অসম চৰকাৰে চিকিৎসক, বিজ্ঞানী, অৰ্থনৈতিক বিশেষজ্ঞ, উদ্যোগী, চাহ-উদ্যোগী, সৰু-সুৰা ব্যৱসায়ী, কৃষক, শ্ৰমিক, দৈনিক মজদুৰ, নিবনুৱা  সকলোৰে হৈ আলোচনা কৰি সকলোৰে বাবে সকাহ দিব পৰা এক আঁচনি গ্রহণ কৰিব।

“এই সময়ত কৰ’না সংক্ৰমণ ৰোধ কৰা আৰু অৰ্থনৈতিক সংকটৰ জোৰা মৰাৰ বাবে বিস্তৃত আঁচনি আৰু কাৰ্য্যপন্থা গ্রহণ কৰিব লাগিব,” গগৈয়ে কয়।