NORTHEAST NOW (Assamese)

ক’ভিড-১৯: অনিৰ্দিষ্টকাললৈ বন্ধ গুৱাহাটী প্ৰেছ ক্লাব

July 4, 2020 11:02 pm · এন ই নাও নিউজ

ক’ভিড-১৯ৰ ব্যাপক সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী প্ৰেছ ক্লাব অনিৰ্দিষ্টকাললৈ বন্ধ ঘোষণা কৰা হৈছে।

প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰয়ে শনিবাৰে কয়, “…পুনৰ জাননী নিদিয়ালৈকে গুৱাহাটী প্ৰেছ ক্লাব বন্ধ থাকিব। তেতিয়ালৈকে সকলো প্ৰৱেশ নিষিদ্ধ থাকিব।”

ইয়াৰ পূৰ্বে গুৱাহাটী প্রেছ ক্লাবে ২৪ জুনৰ পৰা সাত দিনলৈ সকলো কাৰ্যসূচী বাতিল কৰিছিল।

প্রেছ ক্লাবৰ কাৰ্যনিৰ্বাহক সমিতিৰ ক্ৰীড়া সম্পাদক ধীৰাজ হাজৰিকাৰ পত্নী ক’ভিড-১৯ চিনাক্ত হোৱাত জিলা প্ৰশাসনৰ সৈতে কৰা আলোচনা কৰি সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল৷

প্ৰেছ ক্লাবলৈ সঘন আহ-যাহ কৰা সকলোকে সাৱধানে থাকিবলৈও অনুৰোধ জনোৱা হৈছিল৷

গুৱাহাটী মহানগৰীত ক’ভিড-১৯ৰ সংক্ৰমণ ব্যাপক হাৰত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত যোৱা সোমবাৰৰ পৰা ১৪ দিনীয়া লকডাউন ঘোষণা কৰা হৈছে।

অসমত এতিয়ালৈকে ক’ভিড-১৯ত ১৪গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

অসমত এতিয়ালৈকে ৬৩২৭গৰাকী লোক ক’ভিড মুক্ত হৈছে। মুঠ আক্ৰান্ত হৈছে ৯৭৯৯গৰাকী।

Related News