বোকাখাত অসামৰিক চিকিৎসালয়ত কোভিড ১৯ৰ সংক্ৰমন : খালী কৰি দিয়া হ’ল চিকিৎসালয়

তিনিদিনলৈ ৰোগীৰ বাবে বন্ধ থাকিব দিয়া চিকিৎসালয়

Image4-54-5~2

হঠাৎ ৰোগী শূন্য হৈ পৰিল এখন চিকিৎসালয়। সকলো সময়তে ৰোগী আৰু চিকিৎসকে গিজগিজাই থকা চিকিৎসালয়খনৰ পৰা নাইকিয়া হ’ল ৰোগী আৰু স্বাস্থ্যকৰ্মী৷

বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়খন কোভিড ১৯ৰ সংক্ৰমণৰ বাবে বন্ধ কৰি দিয়া হৈছে৷

চিকিৎসক, নাৰ্চকে ধৰি মুঠ ১১ গৰাকী স্বাস্থ্য কৰ্মী কোভিড১৯ৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পিচত আজিৰে পৰা অহা তিনি দিনৰ বাবে চিকিৎসালয়খন সাধাৰণ ৰোগীৰ বাবে বন্ধ কৰি দিছে বোকাখাতৰ মহকুমা স্বাস্থ্য বিষয়াই৷

ইতিমধ্যে চিকিৎসালয়খনৰ পৰা সকলো ৰোগীক ৰিলিজ কৰি নিজ নিজ গৃহলৈ যোৱাৰ অনুমতি প্ৰদান কৰা হৈছে৷ আনকি গৰ্ভৱতী মহিলাকো চিকিৎসালয়ৰ পৰা নিজা গৃহলৈ যাবলৈ কোৱা হৈছে৷

চিকিৎসালয়খনৰ চিকিৎসক ডা: অজিত দলৈ, এক্সৰে অপাৰেটৰ ৰমেন গগৈ, ৱাৰ্ড বয় দিলীপ শৰ্মা, বিভাগীয় গাড়ী চালক বিপিন তাঁতী,  স্বাস্থ্য কৰ্মী বিকাশ বৰা, দিবাকৰ হাতীবৰুৱা আৰু চিকিৎসালয়খনৰ ৫ গৰাকী নাৰ্চ কোভিড ১৯ত আক্ৰান্ত হৈছে।

যাৰ ফলত চিকিৎসালয়খনত এতিয়া চিকিৎসকৰ লগতে স্বাস্থ্য কৰ্মীৰ অভাৱ ঘটিছে৷

এনে পৰিস্থিতৰ বাবেই বোকাখাতৰ ছহিদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত অহা তিনিদিনৰ বাবে ৰোগীৰ পঞ্জীয়ণ বন্ধ কৰি দিছে প্ৰশাসনে৷

অৱশ্যে আপাদকালীন সেৱাৰ লগতে বহিঃ বিভাগৰ সেৱা সামান্যভাৱে চলি থাকিব বুলি জনাইছে মহকুমা স্বাস্থ্য বিষয়াই৷

এই সময়ছোৱাত প্ৰয়োজন নহ’লে সাধাৰণ ৰোগীক চিকিৎসালয়লৈ নাহিবৰ বাবেও আহ্বান জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই৷